ZUBEEN GARG: মঙলদৈত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বিজেপিৰ সমদল
মঙলদৈত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বিজেপিৰ সমদল

DD TIMES মঙলদৈ, ২৩ অক্টোবৰঃ গণ শিল্পী, অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ চিংগাপুৰত অস্বাভাৱিক মৃত্যু হোৱাৰ এমাহ তিনিদিন অতিক্ৰম কৰাৰ পাছতো চৰকাৰে শিল্পীগৰাকীৰ মৃত্যুৰ কোনো ধৰণৰ ৰহস্য উদঘাটন কৰিব নোৱাৰি অৱশেষত ৰাইজক আভুৱা ভৰোৱাৰ মানসেৰে আজিৰ পৰা ৰাজ্যখনত বিজেপি দলে জিলাই জিলাই প্ৰতিবাদী সমদল উলিওৱাটো যে চৰকাৰৰ চৰম ব্যৰ্থতাৰ এক জলন্ত উদাহৰণ তাক উদঙাই তুলিছে।

অসম প্ৰদেশ বিজেপিৰ সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, মুখ্যমন্ত্ৰীৰ সোঁৱে-বাওঁৱে থকা বাকপটু মন্ত্ৰী পিয়ুষ হাজৰিকাই আজি মঙলদৈত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি উলিওৱা প্ৰতিবাদী সমদল আছিল তেনেই হাস্যকৰ।
এগৰাকী মন্ত্ৰীয়ে নিজৰ চৰকাৰখনক শিল্পীগৰাকীৰ মৃত্যুৰ তদন্ত বিচাৰি দাবী জনোৱাটোৱে চৰকাৰখনৰ মন্ত্ৰী পৰিষদৰ নিজৰ ওপৰতেই যে বিশ্বাসযোগ্যতা নাই তাক প্ৰতিপন্ন কৰিছে।

‘আমাৰ জুবিন প্ৰাণৰ জুবিন’ শ্লোগানেৰে আজি দিনত বিজেপি দলে মঙলদৈ ভেবাৰঘাটৰ পশ্চিম মঙলদৈ কৃষ্টি সংঘৰ খেলপথাৰৰ পৰা কৰিমচ’কৰ বিদ্যাপীঠ হাইস্কুলৰ খেলপথাৰলৈ এক ন্যায় যাত্ৰা উলিয়াই।

এই তথাকথিত ন্যায় যাত্ৰাৰ সময়ত বিৰোধীৰ ষড়যন্ত্ৰৰ বাবেই ন্যায় বিচাৰি ৰাজপথত বিজেপি দলৰ কৰ্মীসকল নামিল বুলি ৰাজ্যিক সভাপতিগৰাকীয়ে কয়। জুবিন গাৰ্গৰ ঘটনাক লৈ চৰকাৰখনক শলঠেকত পেলাবলৈ একাংশই চেষ্টা কৰি আছে বুলি কৈ পলিটিক্স নকৰিবা বুলি সকীয়াই দি ভাষণ প্ৰসংগত উত্থাপন কৰে বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া।

জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব দিয়া নহ’ব বুলি কৈ দিলীপ শইকীয়াই মুখ্যমন্ত্ৰীক ধন্যবাদ জনায়। ইফালে ন্যায় যাত্ৰাত উপস্থিত হোৱা একাংশ মহিলাই নাজানে কোনে মাতিছে অনুষ্ঠানলৈ।

মেম্বাৰে কোৱাৰ বাবে আহাৰ কথা উল্লেখ কৰে কেবাগৰাকীও অংশগ্ৰহণকাৰী মহিলাই। লগতে এই ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰা একাংশ মহিলাই চৰকাৰে জুবিন গাৰ্গক লৈ পলিটিক্স কৰি আছে বুলিও কয়। একাংশৰ মতে মুখ্যমন্ত্ৰী তথা চৰকাৰৰ গাফিলটিৰ বাবে পলম হৈছে ন্যায় প্ৰক্ৰিয়া।
আন একাংশৰ আকৌ লাহে লাহে চৰকাৰৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছে। সমদলৰ আগমুহূৰ্তত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সভাত ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে কংগ্ৰেছৰ সমালোচনাত মুখৰ হৈ পৰে।

সুধাকন্ঠ ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়ৰ কথা উল্লেখ কৰি সেই সময়ত তদানীন্তন কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কোনো ভাল ব্যবস্থাই কৰা নাছিল বুলি তীব্ৰ সমালোচনা কৰি জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰশংসনীয় কাম কৰা বুলি প্ৰসংশাত পঞ্চমুখ হৈ পৰে।

ন্যায় সমদলত দুই সহস্ৰাধিক লোক সমবেত হয়। সমদলত বিশেষ ভাবে সক্ষম ব্যক্তি এজনেও অংশ লৈ সকলোৰে লগতে গালে মায়াবিনী ৰাতিৰ বুকুত গীতটি।

