SCHOOL: জাজৰি বালিকা মজলীয়া বিদ্যালয়ত অৱসৰপ্ৰাপ্ত শিক্ষকৰ বিদায় সভা
জাজৰি বালিকা মজলীয়া বিদ্যালয়ত অৱসৰপ্ৰাপ্ত শিক্ষকৰ বিদায় সভা সম্পন্ন

DD TIMES নগাঁও, ২৩ অক্টোবৰঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ জাজৰি বালিকা মজলীয়া বিদ্যালয়ত সদ্য অৱসৰপ্ৰাপ্ত আৰু অলপতে বদলি হৈ যোৱা শিক্ষক-শিক্ষয়িত্রীসকললৈ শ্ৰদ্ধা জনাই এখনি বিদায় সম্ভাষণ সভা সম্পন্ন হয়।
কালি বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত এই বিদায় সম্বৰ্ধনা সভাৰ সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত প্রাক্তন শিক্ষক মহেন্দ্র হাজৰিকাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বালিকা মজলীয়া বিদ্যালয় অধ্যক্ষ প্রদীপ কুমাৰ ভূঞাই।
আদৰণি ভাষণ প্রদান কৰে অজিত চন্দ্র বৰাই। অলপতে নিজৰ নিজৰ শিক্ষকতা জীৱন সমাপন কৰা চাৰিজনকৈ শিক্ষক শিক্ষয়িত্রীৰ অজিত চন্দ্র বৰা, অশোক কুমাৰ শইকীয়া,আৰু বিদ্যালয় খনৰ পৰা বদলি হৈ যোৱা শিক্ষক দিলীপ কুমাৰ বৰা আৰু নিবেদিতা পালক সভাত সম্বর্ধনা জনোৱা হয়।
শিক্ষক-শিক্ষয়িত্রীসকলৰ বিদায় ক্ষণত বিদ্যালয়খনৰ ছাত্র ছাত্রীসকল দুখত ভাঙি পৰা দেখা যায়। উল্লেখ্য যে অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ প্ৰাণৰ মহান শিল্পী, হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রী সমন্বিতে ছাত্র-ছাত্রীসকলে।
লগতে অমৃত কন্ঠ জুবিন গাৰ্গৰ ন্যায়ৰ দাবী জনাই মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীতটি সমূহীয়াকৈ পৰিবেশন কৰা হয়।
সভাত আমন্ত্রিত অতিথি হিচাপে উপস্থিত আছিল বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মন্টুৰঞ্জন মহন্ত, পৰিচালনা সমিতিৰ উপদেষ্টা মোহন শইকীয়া, প্রাক্তন শিক্ষক প্রধান গোস্বামীকে ধৰি বহু কেইজন গণ্য-মান্য ব্যক্তি। পৰিশেষত জাতীয় সংগীত পৰিবেশনৰ অন্তত বিদায় সম্বৰ্ধনা সভাখনিৰ সামৰণি পৰে।

