OIL SWARN CUP FOOTBALL TOURNAMENT 2025: অইল স্বৰ্ণকাপ প্ৰতিযোগিতাত নৰ্থইষ্ট ইউনাইট্ৰেডৰ লজ্জাজনক আত্মসৰ্ম্পন
অইল স্বৰ্ণকাপ প্ৰতিযোগিতাত নৰ্থইষ্ট ইউনাইট্ৰেডৰ লজ্জাজনক আত্মসৰ্ম্পনঃ ইউ চি ডি এফচি ,কোকৰাঝাৰ বিৰুদ্ধে ৪-০ গ’লত পৰাজিত

DD TIMES দুলীয়াজান, ২৩ অক্টোবৰঃ দুলীয়াজানত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হৈ থকা স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি -কোৱাৰ্টাৰ ফাইনেল খেল শক্তিশালী উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম জনপ্ৰিয় খেলুৱৈ গঠিত নৰ্থ ইষ্ট ইউনাইট্ৰেড আৰু ইউ চি ডি এফচি কোকৰাঝাৰ একাদশৰ মাজত চেমি ফাইনেলৰ যোগ্যতা মেচৰ প্ৰতিদন্দিতা ।
তীব্ৰ উৎকন্ঠা দুই দলৰ খেলুৱৈ মাজত। অইল স্বৰ্ণকাপৰ অন্যতম খেল উপভোগ কৰিবলৈ অহা দুলীয়াজান বাসী ৰাইজক নিৰাস কৰি ইউ চি ডি এফচিৰ হাতত ৪-০ গ’লত লজ্জাজনক ভাৱে পৰাজিত হয়।

আজিৰ খেল উপভোগ কৰাৰ লগতে দুয়োটা দলৰ খেলুৱৈক উৎসাহিত কৰিবলৈ বৃহত্তৰ দুলীয়াজান অঞ্চলৰ ফুটবল প্ৰেমি ৰাইজ উপস্থিত হয়। প্ৰৰ্থম অৰ্ধৰ ৬:১২মিনিটত ইউ চি ডি এফ চি কোকৰাঝাৰ হৈ প্ৰথমটো গ’লদিয়ে ।
পুনৰ ৬:৫৫ মিনিটত ৭ নম্বৰৰ জাৰ্চী পৰিহিত ইউ চি ডি এফচিয়ে দ্বিতীয়টো গ’লৰে দলক ২-০ গ’লৰে অগ্ৰগতি দিয়ে । পৰবৰ্তী সময়ত ৮ আৰু ১৮ নম্বৰ জাৰ্চী পৰিহিত ইউ,চি,ডি, এফচি ,কোৰাঝাৰ খেলুৱৈয়ে পুণৰ দুটাগ’ল দিয়াত ৪-০ গ’লৰ ব্যৱধানত বিজয় নিশ্চিত কৰে । আজি খেলৰ মেন অৱ ডা মেচৰ সন্মান লাভ কৰে কৌশিক দৈমাৰিয়ে ।

