অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Mising Sports Carnival: গোগামুখত মিচিং স্প’ৰ্টছ কাৰ্ণিভেল আৰম্ভ

Spread the love

ক্ৰীড়া ক্ষেত্ৰত সফল হ’বলৈ ধৈৰ্য-ত্যাগ-সবল মনোভাবৰ প্ৰয়োজন-ৰুণজুন পেগুঃ গোগামুখত পৰিৱেশত তৃতীয় সংখ্যক মিচিং স্প’ৰ্টছ কাৰ্ণিভেল আৰম্ভ

DD TIMES গোগামুখ, ২৩ অক্টোবৰঃ মই আপোনালোকৰ এই বিশাল ক্ৰীড়া মহোৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত হৈছোঁ ৷

মই আশা কৰিছোঁ এই কাৰ্ণিভেলে আমাৰ উদীয়মান খেলুৱৈসকলক ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ সুন্দৰ বাট মুকলি কৰি দিব ৷

ক্ৰীড়াই এখন  সুস্থ-সবল সমাজ গঢ় দিয়াত সহায় কৰে ৷ একো একোটা জাতিক বিশ্ব দৰবাৰত চিনাকি কৰি দিয়ে ৷ এটি সুন্দৰ পৰিৱেশ তৈয়াৰ কৰি দিয়ে ৷ এই মন্তব্য মহিলাৰ ৰাষ্ট্ৰীয় জেভলিন চেম্পিয়ন ৰুণজুন পেগুৰ ৷

ধেমাজি জিলাৰ গোগামুখত অনুষ্ঠিত হোৱা তৃতীয় সংখ্যক মিচিং স্প’ৰ্টছ কাৰ্ণিভেলত মুখ্য অতিথি হিচাপে উপস্থিত থাকি তেওঁ এইদৰে মন্তব্য দিয়ে ৷ প্ৰতিভাৱান এথলেট গৰাকীয়ে লগতে কয়-  ক্ৰীড়া ক্ষেত্ৰ হৈছে সুস্থ-সবল শাৰিৰীক আৰু সবল মানসিকতাৰ প্ৰতিযোগিতা ৷

ক্ৰীড়া ক্ষেত্ৰত ধৈৰ্য আৰু ত্যাগৰ প একান্তই প্ৰয়োজন ৷ যিয়ে ধৈৰ্য আৰু ত্যাগ স্বীকাৰ কৰিব পাৰে আৰু খেলত একান্তমনে সময় দিয়ে  এইগৰাকীয়ে ক্ৰীড়াত  সফলতা লাভ কৰে ৷

সফলতা-বিফলতা খেলৰ অবিছেদ্য অংগ ৷ বিফলতাৰ পৰা আমি শিক্ষা ল’ব লাগে আৰু মই কিহৰ কাৰণে বিফল হ’লো তাক নিজৰ মনতে বিবেচনা কৰি পিছৰবাৰ ভুলবোৰ শুধৰণি কৰি আগবাঢ়িব লাগে ৷

মই ২০২৫  বৰ্ষৰ ৰাষ্ট্ৰীয় জেভলিন চেম্পিয়ন হৈছোঁ ৷ ১৬ বছৰ বয়সতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ জেভলিনত জুনিয়ৰ শাখাত সোণৰ পদক লাভ কৰিছিলোঁ ৷ 

ইয়াৰ পাছতো মই বহুকেইটা জেভলিন থ্ৰ’ত বহুকেইটা  সোণৰ পদক পাইছোঁ ৷ কিন্তু অপেন কেটেগুৰিৰ ৰাষ্ট্ৰীয় পৰ্যায়ত চেম্পিয়ন হ’বৰ বাবে মই বহুদিন ধৈৰ্যসহকাৰে খেলিবলগা হৈছিল ৷

.মোৰ কঠোৰ সাধনা আৰু সবল মানসিকতাৰ বাবে মই ২০২৫ বৰ্ষত অপেন কেটেগুৰিত সোণৰ পদক পাইছোঁ ৷

মোৰ এই সফলতা মোৰ মা-দেউতা, দাদা আৰু মোৰ শুভাকাংক্ষীৰ আশীৰ্বাদ ৷ ভৱিষ্যতে মই অলিম্পিকত খেলিবলৈ হেপাঁহ আছে ৷ ইয়াৰ বাবে মই হাৰিয়ানাত কঠোৰ অনুশীলন কৰি আছোঁ ৷ ইয়াত  কৰিবলৈ বহুত খৰচ কৰিবলগা হয় ৷ বৰ্তমান মই অসম ৰাইফলছত চাকৰি কৰোঁ ৷

মই মিচিং স্বায়ত্তশাসিত পৰিষদক ক্ৰীড়াক্ষেত্ৰত অধিক মনোনিৱেশ কৰিবলৈ আহ্বান জনাইছোঁ ৷ মিচিং স্প’ৰ্টছ কাৰ্ণিভেল কাৰ্ণিভেলতে শেষ হ’ব নালাগে ৷ 

আপোনালোকে প্ৰতিভাৱান খেলুৱৈসকলক বিশ্বমানৰ ভাল। ক’চিং চেন্টাৰত ক’চিং কৰিবলৈ সকলো টকা বহন কৰক ৷ টি এম পি কেকো অনুৰোধ জনাইছোঁ খেলুৱৈসকলক কেৱল মিচিং স্প’ৰ্টছ কাৰ্ণিভেলতে সীমাবদ্ধ কৰি নাৰখিব ৷

কাৰ্ণিভেলত পদকপ্ৰাপ্ত খেলুৱৈসকলক উন্নত মানৰ প্ৰশিক্ষণ দিবলৈ প্ৰচেষ্টা চলাওঁক ৷ খেলত জৰিত প্ৰায়বোৰ খেলুৱৈ দুখীয়া ঘৰৰ পৰা ওলাই আহে ৷ বহু খেলুৱৈ উপযুক্ত ক্ৰীড়া সামগ্ৰী নথকাৰ বাবে নিজৰ খেলৰ কেৰিয়াৰ আধাতে সামৰণি মাৰে ৷ আমাৰ অসমত উদ্যোগৰ অভাৱ ৷ ভাল ভাল কোম্পানীৰ অভাৱ ৷ ফলত স্পন্সৰৰ অভাৱ ৷ নাই ৷

এনেক্ষেত্ৰত মই আপোনালোকৰ আগত আজি ৰাষ্ট্ৰীয় জেভলিন চেম্পিয়ন হিচাপে থিয় দিব পাৰিছোঁ কেৱল মোৰ নেৰানেপেৰা কষ্ট-ত্যাগ আৰু একান্ত ইচ্ছা শক্তিৰ কাৰণেহে ৷ আপোনালোকৰ আগত অলিম্পিক খেলুৱৈ হিচাপে আপোনালোকে মোক আশীৰ্বাদ কৰিব, সাহস আৰু প্ৰেৰণা দিব ৷

খেলুৱৈসকলক উদ্দেশ্যি তেওঁ কয়- আমি যিদৰে  ক্ৰীড়াক্ষেত্ৰলৈ ওলাই আহিছিলোঁ এনেধৰণৰ পৰিৱেশ পোৱা নাছিলোঁ ৷ তোমালোকক টি এম পি কেই ক্ৰীড়াৰ সুন্দৰ পৰিৱেশ দিছে ৷ ইয়াৰ তোমালোকে গ্ৰহণ কৰক বুলি তেওঁ মন্তব্য দিয়ে ৷

সভাত উপস্থিত থাকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলেট অম্লান বৰগোঁহাই, অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়া, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূবন গাম, নৱ কুমাৰ দলে, এম এ চিৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া,  টি এম পি কেৰ কেন্দ্ৰীয় সভাপতি তিলক দলে আদিয়ে ৷

সভাখন আঁত ধৰে টি এম পি কেৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চান কুমাৰ পাংগিঙে ৷  ইয়াৰ আগতে আজি পুৱা ৭ বজাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত নাহৰ পুলি ৰোপন কৰে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাই ৷

তেওঁক সহযোগ কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, টি এম পি কেৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক হৰিচন্দ্ৰ কামান, ক্ৰীড়া কোষৰ সদস্য সঞ্জীৱ মিলিয়ে ৷ পুৱা ৮ বজাত গোগামুখ মইনাপৰাস্থিত গেম ভিলেজ উদ্ধোধন কৰে ধেমাজি জিলা উপায়ুক্ত ৰাহুল সুৰেশ জাভিয়ে ৷

তেওঁক সহযোগ কৰে অভ্যৰ্থনা সমিতিৰ সম্পাদক ৰাজু পেগুৱে ৷ মিচিং স্প’ৰ্টছ কাৰ্ণিভেলক কেন্দ্ৰ কৰি সমগ্ৰ গোগামুখত নান্দনিক পৰিৱেশৰ সৃষ্টি হৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!