NAGAON: কঠীয়াতলী নাগৰিক মঞ্চৰ উদ্যোগত সদ্য নিযুক্তিপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলক অভিনন্দন
কঠীয়াতলী নাগৰিক মঞ্চৰ উদ্যোগত সদ্য নিযুক্তিপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলক অভিনন্দন
DD TIMES বঢ়মপুৰ, ২০ অক্টোবৰঃ নগাঁৱৰ কঠীয়াতলী মা-মনসা বিবাহ ভৱনত কালি অঞ্চলটোৰ সদ্য নিযুক্তিপ্ৰাপ্ত যুৱক-যুৱতীসকলক কঠীয়াতলী নাগৰিক মঞ্চৰ জৰিয়তে আমন্ত্ৰণ জনাই ফুলাম গামোচা আৰু গ্ৰন্থৰ টোপোলাৰে পিতৃ-মাতৃ সহিতে অভিনন্দন জনোৱা হয়।

সভাখনত সভাপতিত্ব কৰে সাংবাদিক ঘনকান্ত বৰাই। উদ্দেশ্য ব্যাখ্যা কৰে তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দীপক মাদুৰে। নতুনকৈ নিযুক্তিপ্ৰাপ্ত সকলক উপদেশমূলক ভাষণ প্ৰদান কৰে কঠীয়াতলী পি এম চি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উন্নয়ন আৰু পৰিচালনা সমিতিৰ সভাপতি নৃপেন চন্দ্ৰ শৰ্মা, তিৱা ছাত্ৰ সন্থাৰ জিলা সভাপতি দীপাংকৰ পাটৰ, আজুৰ জিলা সমিতিৰ উপ-সভাপতি শান্তনু কুমাৰ শৰ্মা,খিদ্ৰী জোঙাল বলহু কলাক্ষেত্ৰৰ সম্পাদক কৰ্ণেশ্বৰ বৰদলৈ, ‘বৰলুইত বাৰ্তা’ৰ স্বত্বাধিকাৰ কমলেশ্বৰ শইকীয়া, শৰৎ আগৰৱালা আদি।
নিযুক্তিপ্ৰাপ্তসকল ক্ৰমে পাৰ্থ জ্যোতি দাস (কছাৰী গাঁও), দেৱযানী পাটৰ (বিলছাআটি), মনিকা দাস (বৰহোলা), মনিষা ইংতিপী (গৰুবন্ধা মিকিৰ গাঁও), ৰশ্মিৰেখা কৈৰী আৰু কিশোৰ কুমাৰ নাথ, মহানন্দ আমছি (বৰ কন্দলী হাবিগাঁও), সিদ্ধাৰ্থ ডেকাৰজা (বিলছাআটি), বিকাশ ডেকা (মিকিৰ গাঁও), গোপাল গোৱালা (ৰেংবেং), কেশৱ গিৰি (নামবৰ লালুংগাঁও), হৃদিশা শইকীয়া (কঠীয়াতলী), দিব্যজ্যোতি কলিতা (কঠীয়াতলী), শিৱশংকৰ কলিতা (জুমৰমুৰ), ৰূপক ৰয় (কঠীয়াতলী)। শলাগৰ শৰাই আগবঢ়াই সাংবাদিক মুক্তিকাম লস্কৰে।

