অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ZG AND TU: জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ পূৰ্তিত তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ শ্ৰদ্ধাঞ্জলি

Spread the love

জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ পূৰ্তিত তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ শ্ৰদ্ধাঞ্জলি

DD TIMES তেজপুৰ, ১৯ অক্টোবৰঃ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ পূৰ্তিত আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সমাজে গভীৰ শ্ৰদ্ধাঞ্জলি যাচে।

শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই বিশ্ববিদ্যালয়ৰ চৌহদত শিক্ষাৰ্থীসকলে গছপুলি ৰোপণ কৰাৰ পিছত বিশ্ববিদ্যালয়ৰ ভিতৰতে বৃহৎ সমদল উলিওৱা হয়।

অংশগ্ৰহণকাৰী প্ৰতিটো দলে জুবিন দাৰ একোটা সংগীত এলবামক প্ৰতিনিধিত্ব কৰি তেওঁৰ গীতৰ নাম লিখা প্লেকাৰ্ড লৈ সমদলত অংশগ্ৰহণ কৰে।

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি যাচি বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সন্মুখত শিক্ষাৰ্থীসকলে ‘তুমি মোৰ মাথো মোৰ’ বোলছবিখনৰ বিশেষ প্ৰদৰ্শনিৰো আয়োজন কৰে।


বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰত একত্ৰিত হৈ ‘জুবিন গাৰ্গ অমৰ হওক’ ধ্বনি দিয়ে ছাত্ৰ ছাত্ৰী সকলে।


উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ পাছত বিশ্ববিদ্যালয়ৰ প্ৰশাসনে শিক্ষাৰ্থীসকলৰ শোক সভা আয়োজন আৰু শ্ৰেণী বন্ধ কৰাৰ অনুৰোধ নামঞ্জুৰ কৰিছিল। আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভুনাথ সিঙে জুবিন গাৰ্গ সম্পৰ্কে বিৰূপ মন্তব্য কৰিছিল।

সেই সময়ৰ পৰাই শিক্ষাৰ্থীসকলে উপাচাৰ্য আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

প্ৰায় এমাহ ধৰি প্ৰতি সন্ধ্যা বিশ্ববিদ্যালয়খনত শিক্ষাৰ্থী, শিক্ষক আৰু কৰ্মচাৰী সকলৰ দ্বাৰা গণতান্ত্ৰিক প্ৰতিবাদ চলি আছে।

এই প্ৰতিবাদৰ মাজতে বিশ্ববিদ্যালয়ৰ অভ্যন্তৰত সংঘটিত বিত্তীয় অনিয়ম আৰু উপাচাৰ্য শম্ভুনাথ সিঙৰ প্রশাসনিক বিফলতাৰ দিশটো পোহৰলৈ আহে।

সেই প্ৰতিবাদ অব্যাহত ৰাখি আজি ছাত্ৰ-ছাত্ৰীসকলে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি যাছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!