অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Festival of Lights Diwali: আজি পোহৰৰ উৎসৱ দীপাৱলী

Spread the love

আজি পোহৰৰ উৎসৱ দীপাৱলীঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানত নিষ্প্ৰাণ দীপাৱলীৰ আনন্দঃ বহু ঠাইত নিৰব দীপাৱলী পালনৰ প্ৰস্তুতি

DD TIMES গুৱাহাটী, ১৯ অক্টোবৰঃ কাইলৈ পোহৰৰ উৎসৱ দীপাৱলী। কিন্তু অসমত নাই দীপাৱলীৰ বিশেষ কোনো আনন্দ। অন্য বাৰ দীপাৱলীৰ দুই-তিনিদিন আগৰে পৰা বোমা-ফটকা ফুটি থাকে যদিও এইবেলি অসমত তেনে পৰিবেশ দেখিবলৈ পোৱা যোৱা নাই।

চৌপাশে যেন এক শোকৰ পৰিবেশে বিৰাজ কৰিছে। মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত বোমা-ফটকাৰ বিক্ৰী এইবেলি লক্ষ্যণীয় হাৰত কমি গৈছে। বহু ঠাইত জনতাই এই বেলি নিৰব দীপাৱলী পালন কৰিব বুলি ঘোষণা কৰিছে।

আনকি ফাঁচী বজাৰতো মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলে বোমা-ফটকা হীন নিৰব দীপাৱলী পালন কৰিব বুলি ঘোষণা কৰিছে। ৰাজ্যৰ বহু লোকে কেৱল চাকি জ্বলাই দীপাৱলী উদযাপন কৰিব বুলি মন্তব্য কৰা পৰিলক্ষিত হৈছে।

এইবাৰ সমগ্ৰ অসমতে দীপাৱলী আৰু কালি পূজাৰ আনন্দময় জিলিকনি শোকৰ ছাঁত যেন ম্লান হৈ পৰিছে। দীপাৱলী যেন এইবাৰ সংগীত কিংবদন্তি জুবিন গাৰ্গৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলিলৈ ৰূপান্তৰিত হব।

গুৱাহাটীত ৬১ সংখ্যক কালী পূজা উদযাপন কৰা কালাপাহাৰৰ কলনী বজাৰৰ বিবেকানন্দ স্প’ৰ্টিং ক্লাবে এইবাৰৰ উদযাপন সম্পূৰ্ণৰূপে জুবিনৰ স্মৃতিত উৎসৰ্গা কৰাৰ কথা ঘোষণা কৰিছে।

উলুবাৰীৰ ডাইনামো ক্লাব আৰু পাণ্ডুৰ কালি পূজা সমিতি দুয়োয়ে পূৰ্বৰ পৰম্পৰাগত মঞ্চ অনুষ্ঠানৰ ঠাইত ভক্তিমূলক সমাৱেশৰ জৰিয়তে বিদায়ী শিল্পীগৰাকীৰ আত্মাৰ বাবে প্ৰাৰ্থনা জনাব বুলি ঘোষণা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!