অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

CHUTIA: আদিত্য খাখলাৰীয়ে অসমৰ জাতি-জনগোষ্ঠীৰ মাজত থকা শান্তি-সম্প্ৰীতি বিঘ্নিত কৰিব খোজিছেঃ কৌস্তভ কিশোৰ চুতীয়া

Spread the love

আদিত্য খাখলাৰীয়ে অসমৰ জাতি-জনগোষ্ঠীৰ মাজত থকা শান্তি-সম্প্ৰীতি বিঘ্নিত কৰিব খোজিছেঃ কৌস্তভ কিশোৰ চুতীয়া

পূঁজিপতি, ৰাজনৈতিক নেতাৰ লবীৰ পৰা উলাই আহি জনজাতিৰ প্ৰকৃত সমস্যাৰ হকে মাত দিবলৈ আহ্বান খাখলাৰীক

DD TIMES ঢকুৱাখনা, ১৯ অক্টোবৰঃ সদৌ
অসম ট্ৰাইবেল সংঘৰ প্ৰধান সম্পাদক আদিত্য খাখলাৰীয়ে কালি পুনৰ এখন সংবাদমেল আয়োজন কৰি যিবোৰ কথা কৈছে; তাৰ জড়িয়তে তেখেতে অসমৰ ভূমিপুত্ৰ জাতি-জনগোষ্ঠী বোৰৰ মাজত থকা শান্তি-সম্প্ৰীতি বিঘ্নিত কৰিব খোজিছে বুলি অভিযোগ কৰিছে চুতীয়া যুৱ সন্মিলন অসম(CYSA)ৰ কেন্দ্ৰীয় সভাপতি কৌস্তভ কিশোৰ চুতীয়াই।

লগতে আদিত্য খাখলাৰীয়ে বিভিন্ন ধৰনৰ ভাঙোনমুখী মন্তব্যৰে ভাতঘাটি সংঘৰ্ষ সৃষ্টিৰ বাবেহে উচতনি দিয়া বুলি উল্লেখ কৰি খাখলাৰীক তীব্ৰ গৰিহণা দিয়া বুলিও
জনাই।

উল্লেখ্য যে অসমৰ ভূমিপুত্ৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ত ৰাজ্যচৰকাৰে কেবিনেটত আলোচনাৰ কথা প্ৰকাশ কৰাৰ পিছতে সদৌ অসম ট্ৰাইবেল সংঘই মুকলিকৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধীতা কৰি আন্দোলনৰ কৰ্যসূচী ঘোষণা কৰাত ছয় জনগোষ্ঠীৰ মাজত
তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

৷আজি চুতীয়া যুৱ সন্মিলন অসম’ৰ কেন্দ্ৰীয় সভাপতি কৌস্তভ কিশোৰ চুতীয়াই সদৌ অসম ট্ৰাইবেল সংঘৰ প্ৰধান সম্পাদক আদিত্য খাখলাৰীক অসমৰ বিভিন্ন জনগোষ্ঠীবোৰৰ মাজত বিভেদৰ বীজ নিসিঁচিবলৈ সকীয়াই দি কয় যে-“তেখেতে জনগোষ্ঠীবোৰৰ উন্নতিৰ স্থান জানিবলৈ যি এক আৰ্থ-
সামাজিক পিয়লৰ পোষকতা কৰিছে তাক আমি সমৰ্থন কৰিছোঁ।

চৰকাৰে এই পিয়ল শীঘ্ৰেই আৰম্ভ কৰক।ইয়াৰ দ্বাৰাহে আমি অসমৰ প্ৰতিটো জনগোষ্ঠীৰ উন্নতিৰ বিষয়ে জানিব পাৰিম।


কোন কোন জনগোষ্ঠীৰ কিমানজন-মন্ত্ৰী,
বিধায়ক,আছে ;আই.এ.এছ, আই.পি.এছ,
এ.ছি.এছ,এ.পি.এছ,ডাক্তৰ, ইঞ্জিনীয়াৰ ইত্যাদি হৈছে স্পষ্ট জানিব পাৰিম।যিবোৰ জনগোষ্ঠী এই পিয়লৰ পিছত পিছপৰা বুলি প্ৰমাণিত হ’ব তেওঁলোকক জনজাতিকৰণ আৰু উন্নত বুলি প্ৰমাণিত জনগোষ্ঠীৰ জনজাতিকৰণ বাতিলৰ দাবী আমি তেতিয়া উথ্থাপন কৰিব পাৰিম।”

চুতীয়া জনগোষ্ঠীৰ শক্তিশালী যুৱ সংগঠন ‘চাইছ’ৰ সভাপতি গৰাকীয়ে-অসমৰ চুতীয়া জনগোষ্ঠীৰ লোকসকল-ৰাজনৈতিক,শিক্ষা,স্বাস্থ্য,সংস্থাপন ইত্যাদি দিশত এতিয়াও বহু পিছপৰি থকা বুলি উল্লেখ কৰি আৰু কয় যে-“খাখলাৰীদেৱে চুতীয়া, আহোমসকলৰ উপাধিৰ সাদৃশ্যতাই জনগোষ্ঠীৰ পৰিচয়ত বিভ্ৰান্তি সৃষ্টি কৰিব বুলি যি মন্তব্য দিছে এইয়া অতি হাস্যকৰ কথা;তেখেতে অসম বুৰঞ্জী ভালদৰে অধ্যয়ন কৰা ভাল।

কিয়নো তেখেতে জনা উচিত যে উপধিয়ে সকলো ক্ষেত্ৰতে জাতিৰ পৰিচয় দিব নোৱাৰে।উদাহৰণ স্বৰূপে সাংসদ প্ৰদান বৰুৱা এগৰাকী সোণোৱাল জনজাতিৰ লোক।তেওঁ বৰুৱা উপধি লেখিলেও আহোম বা চুতীয়া নহয়।ঠিক সেইদৰে বৰদলৈ উপাধি-তিওৱা,চুতীয়া,আৰু আহোম জনগোষ্ঠীৰ লোকেও লেখে।

গতিকে উপাধিবোৰ জনজাতিকৰণৰ অন্তৰায় হ’ব নোৱাৰে।এইবোৰ কথা জানিও ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ এক অহেতুক বিতৰ্কৰ সূচনা কৰি অসমৰ ভুমিপুত্ৰ জনগোষ্ঠীবোৰৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে।আৰু ইয়াৰ দ্বাৰা মুল বিষয়টোক একাষৰীয়া কৰিব খোজিছে।

আদিত্য খাখলাৰীয়ে-আহোম চুতীয়াৰ দৰে মূলসূতিৰ অসমীয়াক কিহৰ জনজাতি কৰণ লাগে বুলি কৈছে;তেওঁ তেনেহলে নিজে মূলসূতিৰ অসমীয়া নহয় নেকি ? বুলিও চুতীয়া যুৱ নেতাগৰাকীয়ে প্ৰশ্ন কৰে।

অসম আৰু অসমীয়াৰ অভিসাপস্বৰূপ কা বলবৎ হোৱাৰ সময়ত, অসমৰ জনজাতীয় লোকৰ ৩ হেজাৰ বিঘাতকৈ অধিক মাটি পূঁজিপতিক দিওঁতে জনজাতিসকলৰ ইমান ভাল চিন্তা কৰা আদিত্য খাখলাৰীদেৱ ক’ত লুকাই আছিল ?

বুলি প্ৰশ্ন কৰি চুতীয়াই আৰু কয় যে-“আমি লক্ষ্য কৰিছোঁ যে অসমৰ জনজাতিসকলৰ প্ৰকৃত সমস্যাবোৰৰ
প্ৰতি খাখলাৰীদেৱৰ কোনো গুৰুত্ব নাই;কিন্তু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা উলালেহে তেওঁ গাতৰ পৰা উলাই আহি তালফাল লগাই।এই কথাই প্ৰমাণ কৰে যে তেখেত আচলতে কাৰোবাৰ ৰাজনৈতিক শ্ৰুতলিপি মতেহে চলে।”

তদুপৰি তেওঁ ইয়াকো কয় যে-“চুতীয়াকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে,অসম জনজাতীয় ৰাজ্যৰূপে স্বীকৃত হ’ব;তেতিয়া বহু ৰাজনৈতিক নেতা,পুঁজিপতিৰ লুণ্ঠনৰাজৰ অৱসান ঘটিব;সেয়ে এই দুই শক্তিশালী লবীয়েই আদিত্য খাখলাৰীদেৱক হাথিয়াৰ কৰি লৈ জনগোষ্ঠীবোৰৰ মাজত বিভাৰ্জন আনিবলৈ অহৰহ প্ৰয়াস কৰি আছে।

গতিকে আদিত্য খাখলাৰী দেৱক এই লবী ৰাজনীতিৰ পৰা আঁতৰত থাকি অসমৰ জনগোষ্ঠীয় ৰাইজৰ প্ৰকৃত সমস্যাবোৰত মাত দিয়ক।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!