অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Kati Bihu was celebrated at Kaliabor: কলিয়াবৰত কৃষি বিভাগ আৰু অসম কৃষক পৰিষদৰ যুটীয়া উদ্যোগত কাতি বিহুৰ আকাশবন্তি প্ৰজ্বলন

Spread the love

কলিয়াবৰত কৃষি বিভাগ আৰু অসম কৃষক পৰিষদৰ যুটীয়া উদ্যোগত কাতি বিহুৰ আকাশবন্তি প্ৰজ্বলনঃ আখিৰঙা-কেনকেনীয়া পথাৰত কাতি বিহুৰ কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্ত

DD TIMES কলিয়াবৰ, ১৮ অক্টোবৰঃ অসমীয়া জনজীৱনক কাতি বিহুৰ প্ৰচলিত লোকাচাৰসমূহে সুকীয়া মৰ্যাদা প্ৰদান কৰিছে। কৃষিজীৱী অসমীয়াই কাতি বিহুকো ৰঙালী আৰু ভোগালী বিহুৰ দৰেই প্ৰবল উছাহেৰে অতীজৰে পৰা পালন কৰি আহিছে। বিভিন্ন কৃষি সম্পৰ্কীয় বিশ্বাস, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস কাতি বিহুৰ স’তে নিবিড়ভাৱে জড়িত হৈ আছে। ডাকৰ বচনেও কয়– ‘আহিনে কাতিয়ে ৰাখিবা পানী।
যেনেকৈ ৰাখে ৰজাই ৰাণী।’ সেয়ে আহিন-কাতি মহা দুটা কৃষকৰ ভৱিষ্যতৰ বাবে বিশেষ সময়।

প্ৰতিনিধিত্বমূলক ছবি


অসম চৰকাৰৰ কৃষি বিভাগ, অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদ কলিয়াবৰ বিধানসভা সমষ্টিৰ ব্যৱস্থাপন আখিৰঙা-কেনকেনীয়া সংযোগী পথাৰত পালন কৰে অসমীয়াৰ বাপতি সাহোন কাতি বিহু। পথাৰত তুলসী ৰুই তুলসীৰ তলত চাকি জ্বলাই গোপিনীসকলে হৰি নাম পৰিৱেশন কৰে। কাতি বিহুৰ অনুষ্ঠানতে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আকাশ বন্তি প্ৰজ্বলন অনুষ্ঠানত উপস্থিত থাকে বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই। লগতে কলিয়াবৰ সমজিলাৰ প্ৰশাসনিক বিষয়া তথা কৃষি বিষয়া উপস্থিত থাকে।

প্ৰতিনিধিত্বমূলক ছবি


আনহাতে, কলিয়াবৰত কাতি বিহু উপলক্ষে ধাননিৰ বকীয়াত বোৱাৰী-জীয়ৰী, যুৱক-যুৱতীৰে ৰবাব টেঙাৰ সোৱাদ লয় মন্ত্ৰী কেশৱ মহন্তই। কাতি বিহুত কলিয়াবৰত পথাৰৰ লখিমী আদৰাৰ নিয়মৰ লগতে পথাৰত ৰবাব টেঙা খোৱাৰ পৰম্পৰা চলি আহিছে। শিশুসকলে তুলসীৰ তলত গাঁৱৰ ঘৰে-ঘৰে নাম-কীৰ্তন পৰিৱেশন কৰে কলিয়াবৰত।


কাতি বিহুৰ প্ৰচলিত লোকাচাৰসমূহে অসমীয়া জনজীৱনক এক সুকীয়া মৰ্যাদা প্ৰদান কৰে।অসমত জেঠ, আহাৰ, শাওণ মাহ হৈছে খেতিৰ বতৰ। এই কেইমাহত তীব্ৰ সূৰ্যৰ পোহৰ মূৰত লৈ অশেষ কষ্টৰে খেতিয়কসকলে পথাৰত ভূঁই ৰুৱে। আনহাতে এই সময়তে পথাৰৰ শস্য নষ্টকাৰী কীট-পতংগৰো উপদ্ৰৱ বেছি হৈ পৰে ৷ পোক-পৰুৱা, চৰাই-চিৰিকটি আদিৰ লগতে প্ৰাকৃতিক উপসৰ্গসমূহে যাতে লহপহকৈ বাঢ়ি অহা ধাননি পথাৰখন বিনষ্ট কৰিব নোৱাৰে, তাৰ বাবে কাতি বিহুত পথাৰত চাকি জ্বলাই কৃষকে প্ৰাৰ্থনা কৰে।

কিয়নো সেই সময়ত ধাননি পথাৰত থোক মেলিবলৈ আৰম্ভ কৰে। সেয়েহে, কীট-পতংগ বা অন্যান্য প্ৰাকৃতিক বিপৰ্যয়ৰ পৰা ভগৱান তথা লক্ষ্মীয়ে যাতে পথাৰখন ৰক্ষা কৰি ঘৰত উদং হ’বলৈ ধৰা ভঁৰাল পুনৰ শস্যৰে ভৰাই তোলে, তাৰ বাবে প্ৰাৰ্থনা জনেৱা হয়। কাতি বিহু চহা জীৱনৰ অন‍্যতম প্ৰাণৰ উৎসৱ।

আহিনৰ শেষ দিনটো আমাৰ লোক সমাজে আলোকৰ উৎসৱ হিচাপে বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা পালন কৰি আহিছে। এই বিহুৰ সৈতে সাঙোৰ খাই আছে আমাৰ জাতীয় কৃষ্টি-সংস্কৃতি। অসমীয়া জন-জীৱনক কাতি বিহুৰ প্ৰচলিত লোকাচাৰসমূহে সুকীয়া মৰ্য্যাদা প্ৰদান কৰিছে।

কৃষিজীৱী জনতাই কাতি বিহুকো ৰঙালী আৰু ভোগালী বিহুৰ দৰেই মৰম আৰু চেনেহৰ উমেৰে সাৱটি লৈছে। বিভিন্ন কৃষি সম্পৰ্কীয় বিশ্বাস, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস কাতি বিহুৰ স’তে নিবিড় ভাৱে জড়িত হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!