SRIMANTA SANKARADEV AND BHAUNA: এৰাগাঁৱত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপন আৰু ভাওনা প্ৰদৰ্শন
এৰাগাঁৱত শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ উদযাপন আৰু ভাওনা প্ৰদৰ্শন

DD TIMES মৰিয়নি, ১৭ অক্টোবৰঃ কাব্য, গীত, বাদ্য, নাটক আদি সৃষ্টিৰে অসমীয়া জাতিৰ স্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ সকলোৰে পৰম গুৰু তেখেতৰ বৌদ্ধিক আৰু আধ্যাত্মিক জ্ঞানৰ পোহৰেৰে আৰু আদৰ্শৰে আমি নিজকে অসমীয়া হিচাবে চিনাকি দিব পাৰিছো।

সৰ্বগুন সম্পন্ন পৰম গুৰুজনাৰ ৫৭৭ সংখ্যক জন্মজয়ন্তী ভাগি মৰিয়নি সমষ্টিৰ অন্তৰ্গত নকছাৰিৰ এৰাগাওঁ স্থিত অৰুণোদয় পুথিভঁৰালৰ আৰু যুৱক মণ্ডলৰ উদ্যোগত,সদৌ এৰাগাওঁবাসী আৰু চুবুৰীয়া ৰাইজৰ সহযোগিতাত এদিনীয়া কাৰ্য্যসূচীৰে অৰুণোদয় পুথিভঁৰালৰ প্ৰাঙ্গনত অনুষ্ঠিত হৈ যায়।

নাটকীয় আমোদ প্ৰদানৰ যোগেদি ভক্তৰস প্ৰকাশ কৰি বিভিন্ন শ্ৰেণীৰ দৰ্শক শ্ৰোতাৰ মাজত ঐক্য আৰু সাম্যৰ বাণী প্ৰচাৰ কৰাৰ উদ্দেশ্যেৰে গুৰুজনাৰ অনুপম সৃষ্টি ‘ভাওনা’ৰ আৰ্হিৰে স্থানীয় যুৱক সকলৰ দ্বাৰা “গজকেতু উপাখ্যান “, “ধৃতৰাষ্ট্ৰৰ দিগ্ বিজয়”, “ত্ৰিশিৰা দৈত্যৰ নিধন” নামৰ এভাগি ভাওনা মঞ্চস্থ কৰে।

পুৱা পৰিবেশ নিকাকৰণৰ পাছতে বৃক্ষ ৰোপণৰ আৰম্ভ কৰে পুথিভঁৰালৰ প্ৰাক্তন সভাপতি পদ্ম গগৈয়ে,ধর্ম ধ্বজা উত্তোলনৰ বন্তি প্ৰজ্বলন কৰে শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ জিলা সদস্য(তিতাবৰ) কনকেশ্বৰ গগৈয়ে লগতে ধ্বজা উত্তোলন কৰে গাওঁৰক্ষী বাহিনীৰ সভাপতি মাখন হাজৰিকায়।
গণ শিল্পী অৱতাৰী পুৰুষ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল অৰ্পণ কৰি ধূপ, দ্বীপ আৰু পুষ্পাঞ্জলিৰে সকলোৱে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। গাওঁৰ জ্যেষ্ঠসকলৰ দ্বাৰা নাম প্ৰসংগৰ পাছতেই, দুপৰীয়া শিক্ষয়ত্ৰি গীতাশ্ৰী হাজৰিকাই সঞ্চালন কৰা ধৰ্মালোচনী সভাত নিৰ্দিষ্ট বক্তা নিৰ্মল গগৈ (কাৰ্যকৰী সভাপতি এৰাগাওঁ মহাপুৰুষীয়া বৈষ্ণৱ সমাজ) বিশিষ্ট অতিথি ৰশ্মিৰেখা হাজৰিকা (প্ৰাক্তন পৰিচালিকা অৰুণোদয় মইনা পাৰিজাত, শাস্ত্ৰীয় সঙ্গীতৰ বিশাৰদ), মিৰা হাজৰিকা (প্ৰাক্তন পৰিচালিকা অৰুণোদয় মইনা পাৰিজাত),চেমনীয়া বক্তা হিচাপে অংশগ্ৰহণ কৰে নিশিতা গগৈয়ে।
সন্ধিয়া- সমূহীয়া বন্তি প্ৰজ্বলনত মুখ্য প্ৰজ্বলক মোহন গগৈ আৰু কিৰণ হাজৰিকাই অংশগ্ৰহণ কৰে। ,স্থানীয় জেষ্ট সকলৰ নাম প্ৰসংগৰ পাছতেই গায়ন-বায়ন সম্পন্ন কৰাৰ পাছতেই পৰিচালক বিকাশ গগৈ সহযোগী পৰিচালক চিন্মই গগৈ আৰু নৱদ্বীপ ৰাজখোৱা (মুন) ই পৰিচালনা কৰা ভাওনা প্ৰদৰ্শন কৰে অৰুণোদয় পুথিভঁৰালৰ যুৱক বৃন্দই।
ভাওনাৰ আৰম্ভণিৰ প্ৰাকমুহূৰ্তত স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থাকি তেখেতে নিজেও ভাওনা কৰি ভাল পাই আৰু আজি মৰিয়ানি নতুন মাটি নামঘৰত মোৰ আৰু বৰ আখৰা আছে বুলি জনায়। বিধায়ক গৰাকীয়ে অনুষ্ঠানৰ সফল ৰূপায়ণৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।
প্রায় এহেজাৰত কৈ অধিক ৰাইজ উপস্থিত হৈ ভাওনা উপভোগ কৰে। সকলোৰে সহায় সহযোগিতাত অনুষ্ঠান ভাগি সুন্দৰভাৱে সমাপন হোৱাৰ বাবে উদযাপন সমিতিৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

