PHULAGURI DHEWA: ১৬৪ সংখ্যক ফুলগুৰি ধেৱা দিৱস উদযাপন
১৬৪ সংখ্যক ফুলগুৰি ধেৱা দিৱস উদযাপনঃ ঐতিহাসিক ফুলগুৰি ধেৱা, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জীৰ এক তেজস্বী পৃষ্ঠা

DD TIMES নগাঁও, ১৮ অক্টোবৰঃ অসমভূমিত জন্মলভা বীৰ সন্তানসকলৰ বীৰত্বৰ গাঠাৰ কোনো সীমা নাই। ইতিহাসৰ প্ৰতিটো পৃষ্ঠাতে অসমীয়াৰ সাহসিকতা আৰু আত্মত্যাগৰ স্বাক্ষৰ লিপিবদ্ধ হৈ আছে । তেনে এক স্মৰণীয় অধ্যায় হৈছে ঐতিহাসিক ফুলগুৰি ধেৱা, যি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জীৰ এক তেজস্বী পৃষ্ঠা । ১৮৬১ চনৰ ১৮ অক্টোবৰ ঐতিহাসিক আজিৰ দিনটোতে ব্ৰিটিছৰ ঔপনিৱেশিক শাসন- শোষণ, অন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে পাচোঁ ৰজা,সাতো ৰজা আৰু নগাঁওৰ অগণন কৃষক ৰাইজ একত্ৰিত হৈ অসম তথা ভাৰত বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰথমটো সংঘবদ্ধ কৃষক বিদ্ৰোহ গঢ়ি তুলিছিল।

ইংৰাজে আফুখেতি নিষিদ্ধ কৰা, চৰণীয়া পথাৰ আৰু চাপৰি মাটিৰ ওপৰত কৰ কাতল বৃদ্ধি কৰা আদি জনবিৰোধী সিদ্ধান্তৰ ফলস্বৰূপে ক্ষোভিত হৈ কৃষকসকলে নিজৰ অধিকাৰ, স্বাভিমান,স্বদেশ আৰু স্বজাতিৰ মৰ্যাদা , সন্মানৰ ৰক্ষাৰ্থে সাহসেৰে থিয় দিছিল আৰু সেই সংগ্ৰামত বহু কৃষকে হেলাৰঙে প্ৰাণ আহুতি দিছিল। তেওঁলোকৰ সেই আত্মত্যাগেই পৰৱৰ্তী সময়ৰ স্বাধীনতা সংগ্ৰামক উজ্জীৱিত কৰি তুলিছিল।
শ্বদেশ, জাতি আৰু নিজৰ অধিকাৰৰ হকে বীৰত্বৰে যুঁজি মৃত্যুবৰণ কৰা সেই শ্বহীদ কৃষকসকলৰ মহান ত্যাগক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যৰে আজি এই পৱিত্ৰ দিনটোত আয়োজিত ১৬৪ সংখ্যক স্মৃতি দিৱসৰ অনুষ্ঠানটিত অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত, ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাস আৰু জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত হয়।
পুৱাবেলা পতাকা উত্তোলনৰে ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিৰ সভাপতি প্ৰবীণ হাজৰিকাই পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰা অনুষ্ঠানটিত “ফুলগুৰি ধেৱা” স্মৃতি বেদীত বন্তি প্ৰজ্বলন কৰি শ্বহীদসকলক স্মৰণ কৰা হয়।
আজিৰ এই পবিত্র অনুষ্ঠানত বিধায়ক শশীকান্ত দাসে তেখেতৰ ভাষণত ফুলগুৰি ধেৱাৰ গৌৰবময় ইতিহাসক শ্ৰদ্ধাৰে স্মৰণ কৰে।তেখেতে এই কৃষক বিদ্ৰোহৰ ঐতিহাসিক গুৰুত্ব আৰু অসমৰ জাতীয় জীৱনলৈ ই আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰে । জিলা আয়ুক্ত গৰাকীয়ে নিজৰ ভাষণত এই কৃষক আন্দোলনৰ শ্বহীদ কৃষকসকলৰ বীৰত্বপূৰ্ণ ভূমিকাৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰি তেওঁলোকৰ আদৰ্শক নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
তেওঁ এই ঐতিহাসিক স্থানৰ সংৰক্ষণ আৰু ইয়াৰ গুৰুত্ব ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ কথাও ভাষণত ব্যক্ত কৰে। ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত সেৱা সমিতিৰ সদস্য সকলৰ লগতে অগপ নেতা বিষ্ণু দাস প্ৰমুখ্যে বহুসংখ্যক স্থানীয় লোক, বিভিন্ন দল-সংগঠনৰ সদস্যসকলে অংশ লৈ শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।

