DADARA: বিশিষ্ট ভাষাতত্ববিদ, শিক্ষাবিদ জীৱন চন্দ্ৰ শৰ্মাক স্মৰণ
বিশিষ্ট ভাষাতত্ববিদ, শিক্ষাবিদ, প্ৰয়াত জীৱন চন্দ্ৰ শৰ্মা দেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
DD TIMES দদৰা,১৮ অক্টোবৰঃ দৰং জিলাৰ অন্তৰ্গত, মঙ্গলদৈৰ নিৱাসী বিশিষ্ট ভাষাতত্ববিদ, শিক্ষাবিদ, প্ৰয়াত জীৱন চন্দ্ৰ শৰ্মা দেৱৰ বাসগৃহত আজি অসম দেৱদামোদৰ সংঘ, অসম সাহিত্য সভা, মঙ্গলদৈ ব্ৰাহ্মণ সমাজ, বৃহত্তৰ বেলতলা আঞ্চলিক দেৱদামোদৰ সংঘ, মঙ্গলদৈ জিলা দেৱদামোদৰ সংঘৰ বিষয় ববীয়া, গুণমুগ্ধ ৰাইজ, পৰিয়াল বৰ্গ উপস্থিতিত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।

সুচীল কুমাৰ গোস্বামী দেৱৰ সঞ্চালনাত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুস্থানত প্ৰয়াত জীৱন চন্দ্ৰ শৰ্মা দেৱৰ দ্বাৰা প্ৰকাশিত পুথি প্ৰাচীন অসমীয়া শব্দকোষ, প্ৰৱন্ধ মঞ্জৰী, মহাবীৰ চিলাৰায় লগতে বিভিন্ন কাকত আলোচনী আদিত প্ৰকাশিত তত্ব গধূৰ প্ৰৱন্ধ আদিৰ ওপৰত সদৌ অসম দেৱদামোদৰ সঙ্ঘৰ তৰফৰপৰা ড° ৰৱীন্দ্ৰ নাথ গোস্বামী, কনকেশ্বৰ গোস্বামী, প্ৰফুল্ল তালুকদাৰ, জ্যেষ্ঠ জোৱাই ডাঃ ক্ষিৰোদ গোস্বামী সমন্বিতে অম্বিকাচৰণ শৰ্মা, অৰুণা দেৱী, মিনতি গোস্বামী, তৰুণ চন্দ্ৰ শৰ্মা,অবসৰী প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ শৰ্মা, জয় চন্দ্ৰ শৰ্মা আদিকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা অহা বিশিষ্ট ব্যক্তি সকলে তেখেতৰ জীৱনৰ আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে।
পৰিয়ালৰ তৰফৰপৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জ্যেষ্ঠ পুত্ৰ বেদান্ত বিকাশ শৰ্মাৰ লগতে পৰিয়ালৰ সকলো সদস্যই। পৰিয়ালৰ পৰা ৰুলী গোস্বামীয়ে প্ৰয়াত জীৱন চন্দ্ৰ শৰ্মা দেৱৰ কৰ্তব্যবোধ আৰু সৃষ্টি শৈলীৰ ওপৰত বাখ্যা আগবঢ়ায়।

