GOALPARA: নৱ গঠিত অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছুৰ শপত গ্ৰহণ
নৱ গঠিত অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছুৰ শপত গ্ৰহণ

DD TIMES গোৱালপাৰা, ১৮ অক্টোবৰঃ নৱ গঠিত অবিভক্ত গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি খনে যোৱা কালি সংগঠনৰ গোপনীয়তা আৰু জনগোষ্ঠীটোৰ সৰ্বাংগীন উত্তৰণৰ ক্ষেত্ৰত শপত গ্ৰহণ কৰে । উল্লেখ্য যে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত হাতীধুৰা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল প্ৰাংগনত যোৱাকালি সন্ধিয়া স্থানীয় সমাজকৰ্মী ললিত চন্দ্ৰ ৰায়ৰ সভাপতিত্বত এখন শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়।
উক্ত অনুষ্ঠানতে নৱ গঠিত অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছুৰ বিষয়-ববীয়া আৰু কাৰ্যকৰী সদস্য সকলে হিন্দু ধৰ্মৰ ধৰ্ম গ্ৰন্থ ‘গীতা’ৰ ওপৰত হাত থৈ সংগঠনৰ গোপনীয়তা আৰু জনগোষ্ঠীটোৰ উত্তৰণৰ বাবে শপত বাক্য পাঠ কৰে।
লগতে নৱ গঠিত অবিভক্ত গোৱালপাৰা জিলা মহিলা সমিতি খনো শপত গ্ৰহণ কৰে । শপত গ্ৰহণ কৰিয়েই অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছুৰ নৱ নিৰ্বাচিত সভাপতি প্ৰদীপ ৰায়ে ভাষণ প্ৰসংগত কয় যে তুলনামূলক ভাৱে উজনি অসমৰ কোচ ৰাজবংশী সকলতকৈ নামনি অসম অৰ্থাৎ অবিভক্ত গোৱালপাৰা জিলাৰ অন্তৰ্গত কোচ ৰাজবংশী সকল অধিক পিছপৰা।
গতিকে অবিভক্ত গোৱালপাৰা জিলাত বসবাস কৰা কোচ ৰাজবংশী সকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে নৱ নিৰ্বাচিত সভাপতি গৰাকীয়ে দাবী উত্থাপন কৰে।
নৱ নিৰ্বাচিত সভাপতি গৰাকীয়ে আকৌ কয় যে যদি চৰকাৰে আগন্তক ২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ নকৰে তেনেহলে বি জে পি দলক ২০২৬ৰ নিৰ্বাচনত উৎখাত কৰি ব্ৰহ্মপুত্ৰত দলিৱাই দিয়া হব বুলি হুংকাৰ প্ৰদান কৰে।
শপত গ্ৰহণ অনুষ্ঠান খনত স্থানীয় অৱসৰপ্ৰাপ্ত শিক্ষক বিষ্ণুৰাম ৰায়, ধুবুৰী জিলা কোচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক মধুসুধন ৰায়, তামাৰহাট আঞ্চলিক আক্ৰাছুৰ প্ৰাক্তন সভাপতি শংকৰ ৰায়ৰ লগতে স্থানীয় বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।
উল্লেখযোগ্য যে যোৱা ১৬ অক্টোবৰৰ দিনা তামাৰহাট থানাৰ অন্তৰ্গত হাতীধুৰাস্থিত দুৰ্গা মন্দিৰ প্ৰাংগনত অনুষ্ঠিত এখন প্ৰতিনিধি সভাত প্ৰদীপ ৰায়ক সভাপতি আৰু ৰাকেশ বৰ্মনক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ৩১জনীয়া সদস্যৰে অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছুৰ কেন্দ্ৰীয় সমিতি খন গঠন কৰা হয় লগতে অবিভক্ত গোৱালপাৰা জিলা কোচ ৰাজবংশী মহিলা সমিতি খনো গঠন কৰা হয়।

