DHAKUWAKHANA: জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই ঢকুৱাখনাত কাতি বিহু উদযাপন
জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই ঢকুৱাখনাত কাতি বিহু উদযাপনঃ সন্ধিয়া আকাশ বন্তি আৰু তুলসী তলৰ চাকি জ্বলোৱাৰ পূৰ্বে বৃহত্তৰ বালিগাঁৱৰ ৰাইজে “কাতিবিহু আদৰণি” নামেৰে উলিয়ালে শোভাযাত্ৰা

DD TIMES ঢকুৱাখনা. ১৮ অক্টোবৰঃ লোক কৃষ্টি সংস্কৃতিৰ বৰভেটি স্বৰূপ ঢকুৱাখনা। শতিকা গৰকা ফাট বিহুৰ নজহা নপমা ঐতিহাসিক পৰম্পৰাত নব্য মাত্ৰা প্ৰদান কৰি ঢকুৱাখনাৰ চহাই পূৰ্বৰ দৰে এইবেলিও এক ব্যতিক্ৰমী ৰূপত কাতি বিহু উদযাপন কৰিলে।
লোক পৰম্পৰাত চহকী ঢকুৱাখনা নগৰৰ বালি গাঁওৰ অগণন কৃষিজীৱীযে শনিবাৰে বিয়লি উলিয়ায় এক আদৰণি শুভাযাত্ৰা ৷

কাতিবিহু আদৰণি” নামেৰে নামাংকিত কৰি গাঁওখনৰ চহা প্ৰাণ ৰাইজে আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰে ব্যতিক্ৰমী পৰম্পৰা। সন্ধিয়া আকাশ বন্তি আৰু তুলসী তলৰ চাকি জ্বলোৱাৰ পূৰ্বে বৃহত্তৰ বালিগাঁৱৰ ৰাইজ তথা বয়স্ক আই-বাপ সমস্তৰ উদ্যোগত উলিওৱা হয় “কাতিবিহু আদৰণি” নামেৰে এক বৰ্ণিল শোভাযাত্ৰা।
ইপিনে এই অনুষ্ঠানত সমাজসেৱক তথা নাট্যকৰ্মী নন্দ চুতীয়াই আঁতধৰা অনুষ্ঠানত বিহুৰ প্রাসংগিকতাৰ ওপৰত চমু বক্তব্য ৰাখি সমাজসেৱক চন্দ্ৰ কমল বৰাই শোভাযাত্ৰা শুভ উদ্ধোধন কৰা অনুষ্ঠানত ছয়জন বয়োজেষ্ঠক সম্বর্দ্ধনা জেনোৱা হয়।
বালিগাঁৱৰ নামঘৰৰ প্ৰাংগনত কৃষিজীৱী বুঢ়া মেঠা সকলো একত্ৰিত হৈ নামঘৰত হৰিনাম , গায়ন বায়নৰ মংগল ধ্বনিৰ লগতে হাতে হাতে চাকি বন্তি লৈ নামঘৰ প্ৰাঙ্গন মুখৰ কৰাৰ সময়তে মৰমৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই।
ইয়াৰ পাছতে শুভ্ৰ সাজ পৰিহিত বাপ আই সমস্তই চাকি বন্তি লৈ ঢকুৱাখনা নগৰাঞ্চল পৰিভ্ৰমণ কৰে।
প্ৰকৃতিৰ বুকু শস্য শ্যামলা আৰু উৰ্বৰতা বৃদ্ধিৰে চহা ৰাইজৰ সপোন বাস্তৱায়িত হোৱাৰ প্রাৰ্থনাৰে দৃষ্টিনন্দন পৰিবেশৰ সৃষ্টি কৰি অন্তত হৰিমন্দিৰৰ প্ৰাঙ্গনত তুলসীৰ তলত চাকি জ্বলাই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনায় কাৰ্যসূচী সামৰণি মাৰে ৷

