অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

ARTIST ZUBEEN GARG: জুবিন গাৰ্গ- যাৰ বাবে উবুৰি খাই পৰে এটা জাতি

Spread the love

জুবিন গাৰ্গঃ যি জনৰ বাবে উবুৰি খাই পৰে এটা জাতি


DD TIMESত লিখিছে উইল চিদ্দিকুৰ ৰহমান

মহা মানৱ সেইজনেই, যি জন ঋষিতুল্য। যি জনৰ বাবে উবুৰি খাই পৰে এটা জাতি। এটা প্ৰজন্ম। যি হ’ব পাৰে যুগজয়ী। যি মানুহৰ হৃদয়ৰ কোঁহে কোঁহে প্রোথিত কৰিব পাৰে প্ৰেম। প্ৰেম মানুহৰ বাবে, আৰ্তজনৰ বাবে। প্ৰকৃতিৰ বাবে,গছ-লতিকাৰ বাবে, জীৱ-জন্তুৰ বাবে; চৰাই-চিৰিকটি, মাছ-কাছ সৰীসৃপৰ বাবে। সেই জনেই আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ।

লেখক উইল চিদ্দিকুৰ ৰহমান

যাৰ বাবে গৌৰবান্বিত আজি অসম ভূমি, অসমীয়া জাতিৰ একাত্ম পৰিচিতি। এই আপাহতে আমি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ আধুনিক অসমৰ গঢ় দিওঁতা শ্ৰীমন্তশংকৰ গুৰুজনাক, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক।

সংগীত শিল্পী হিচাপে তেওঁ কেৱল গানেই গাইছিল নে? নিশ্চয় নহয়। সংগীত তথা সংস্কৃতিৰ জৰিয়তে ঐক্য, শান্তি, সম্প্ৰীতি আৰু সাম্যবাদৰ ভেটি গঢ়া অন্যতম বলিষ্ঠ এই গৰাকী বিশ্ব বৰেণ্য শিল্পীসত্তা জুবিন গাৰ্গ। তেখেতৰ অৱৰ্তমানত ম্ৰিয়মাণ আজি সমগ্ৰ দেশ।

গান আছিল তেওঁৰ সাধনা, এই সাধনাৰ জৰিয়তে জনকণ্ঠৰ ৰূপত একত্ৰিত কৰিছিল জনসমাজক। সেই জনা ঈশ্বৰ প্ৰদত্ত প্ৰতিভাযুক্ত কন্ঠই মুহিত কৰিছিল মানুহক। যাৰ মোহত বন্দী আজি ৰাজ্যবাসী। দেশ বিদেশৰ অনুৰাগী। আৰম্ভ হৈ গৈছে ছোভিয়েট ৰাছিয়া, লণ্ডন, আমেৰিকা, নেপাল, বাংলাদেশ পাকিস্তান আদি দেশত অসমীয়া তথা জুবিন গাৰ্গৰ সংগীত চৰ্চা। আদ্যশ্ৰাদ্ধৰ সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাত মুখৰিত কৰি তুলি আছে অসমৰ আকাশ-বতাহ। তেওঁৱেই প্ৰমাণ কৰি গ’ল সংস্কৃতিয়ে নামানে কোনো ভৌগোলিক সীমাৰেখা। ধৰ্ম অথবা ধৰ্মান্ধতা।

সাধনাৰ বলত ব্যক্তি একোজন হৈ পৰে ঋষি, মহামানৱ। নৱ প্ৰজন্মৰ হার্টথ্ৰব।সেই সাধনাৰ অন্তৰালত নিহিত হৈ থাকে উদ্দেশ্য। সিদ্ধিৰ। মুকুতিৰ। লাভ কৰে সামগ্ৰিক স্বীকৃতি। নিঃস্বাৰ্থতাৰ। মহামনীষৰ।


হয়, আমি সাহসৰ প্ৰতীক জুবিন গাৰ্গৰ কথা কৈছো। যি নিৰ্ভীক, নিষ্ঠাবান। মানৱ দৰদী। দ্বিধাহীন ভাৱে কৈ দিব পাৰে সত্য কি, কি হ’ব পাৰে অন্তৰালৰ কাৰচাজি?
কিন্তু অসমবাসীৰ বাবে চৰম পৰিতাপ কিম্বা চিন্তনীয় বিষয়ৰূপে ধৰা দিছে কেতবোৰ ন ন আৰু অভাৱনীয় কথা-বতৰাই। চিন্তা-ভাৱনাই। কি চক্ৰান্তৰ বলি হৈ জীৱনৰ অৱসান ঘটিল এইজনা মানৱৰূপী ঈশ্বৰ কিম্বা দেৱতুল্য মানুহজনৰ। তেখেতৰ মৃত্যুৰ পিছত প্ৰতিফলিত হোৱা ৰাজহুৱা সন্দেহ আৰু মনোভাৱ অতি স্পৰ্শকাতৰ আৰু দুৰ্ভাগ্যজনক।


সন্দেহ, ৰাজনীতিৰ পৰা হেজাৰ মাইল নিলগত থকা স্বত্বেও তেওঁ হয়তো মূৰৰ কামুৰণি হৈ পৰিছিল কাৰোবাৰ।


থাকিবওতো পাৰে সৰ্ব সাধাৰণ ৰাইজৰ অন্তৰত প্রোথিত এই ধাৰণাৰ সত্যা-সত্যতা ! সন্দেহ কৰা হৈছে
এক দীৰ্ঘদিনীয়া চক্ৰান্তমূলক পৰিকল্পনাৰ পৰিণতিত যেন মৃত্যু হ’ল এক জ্যোতিষ্কৰ, জাতিৰ প্ৰাণৰ! সময় বৰ নিষ্ঠুৰ। উদ্বাউল আজি অসমবাসী। মানুহ সাগৰত মিলিত হৈছে মানুহ, জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে। এয়া নিশ্চয় ৰাইজৰ Heartthrob জুবিন গাৰ্গক হেৰুওৱাৰ দুঃখ। এটা যুগৰ সমাপ্তিৰ দুঃখ। উন্মাদ আবাল-বৃদ্ধ-বনিতা। উন্মাদ সৰ্বস্তৰৰ জনতা। ম্ৰিয়মান সংগীত জগত। ম্ৰিয়মান নিঃস্বাৰ্থ অনুৰাগী সমগ্র। আত্মহননেৰে নিজৰ জীৱন আহুতি দিও প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ প্ৰতি অনুৰাগ। প্ৰেম।ভালপোৱা।


অনুৰাগীৰ প্ৰতি লক্ষ্য ৰাখি তেৱেঁই কৈছিল তেওঁৰ মৃত্যুত শ্রদ্ধাঞ্জলিৰ বাবে সাত দিনলৈ ৰাখি থ’ব তেওঁৰ শৱদেহ। স্বাভিমান আৰু আত্মবিশ্বাসেৰে কৈছিল বন্ধ নহব পাৰে মুম্বাই, নহব বাৰে বাঙ্গালুৰু বন্ধ কিন্তু বন্ধ থাকিব অসম। এতেকে এই মৃত্যু ৰহস্যও উদ্ঘাটন কৰিব লাগিব অনুৰাগীয়ে। তেওঁৰ চিন্তাধাৰা,দৈনন্দিন জীৱন যাত্ৰাৰ পৰা আৰম্ভ কৰি শেহৰটো চিংগাপুৰ ভ্ৰমনলৈকে পুঙ্খানুপুংখ বিচাৰ বিশ্লেষণ কৰি আছে সমগ্ৰ অসমবাসীয়ে।

সাৰি যোৱা নাই শেহৰটো নৌকা বিহাৰ কিম্বা জলকেলিত আবদ্ধ প্ৰতিটো দৃশ্যৰ Video ফুটেজ, পৰিবেষ্টিত বন্ধুবৰ্গ আৰু নৰ্থ ইষ্ট মহোৎসৱৰ ব্যৱসায়িক গোষ্ঠীৰ তথা সংগঠকৰ পল অনুপল কাৰ্যকলাপ। ঢাকোন দিব বিচৰা হ’ব পাৰে স্বাৰ্থ জড়িতই। ক’ৰবাত ব্যাঘাত জন্মিব পাৰে ৰাজনীতিৰ পথাৰত। নিজক সৰ্বজ্ঞানী বুলি ভবা জনেই যেনেকৈ মহামুৰ্খ, তদ্রুপ আটাইতকৈ জনপ্ৰিয় লোক বুলি ভৱাজনো থমকি ৰ’ব লগা হব পাৰে এই জনস্রোতত।

সত্যৰ সম্মুখত বিফল হয় সকলো।বিফল হয় এন্ধাৰত গঁথা পৰিকল্পনা। মনকৰিব লগীয়া কথাটো হল, চেষ্টা আৰম্ভ হব পাৰে ‘ মেনেজ’ প্ৰক্ৰিয়াৰ। হ’ব পাৰে প্ৰলোভন নাইবা ভীতি প্ৰদৰ্শনেৰে কাৰোবাৰ ইপ্সিত আকংখা পূৰণৰ প্ৰচেষ্টা। ইয়াত ব্যৱহাৰ কৰিব পাৰে কোনোবা আত্মীয় জনকো।

ইতিমধ্যে সন্দেহৰ আৱৰ্তত সোমাই পৰিছে এনে বহু কথা। জানিব পৰা মতে সন্দেহ বশত: গ্ৰেপ্তাৰো কৰা হৈছে তেওঁৰে সাংগোপাঙ্গ কেইবাজনকো। সিবিলাকৰ বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱা বুলি অভিযোগ উত্থাপিত হৈছে বিভিন্ন মহলত।


সত্য কিন্তু উদ্ঘাটন কৰিব সময়ে।
মহান শিল্পীজনৰ আকস্মিক মৃত্যু, মৃত্যুৰ কাৰণ সম্পৰ্কত সঠিক তদন্তৰ ব্যৱস্থা, পৰৱৰ্তী সময়ত হিয়াৰ আমঠু এই গণশিল্পী গৰাকীৰ প্রতি প্ৰদৰ্শন কৰিব লগা সন্মান যাতে কোনো ক্ষেত্ৰতে লাঘৱ নহয়, তাৰ প্ৰতিও তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব জনসাধাৰণে।


অতি সম্প্ৰতি আমি কামনা কৰিম বিশ্ববৰেণ্য এই অসমীয়া শিল্পী গৰাকীৰ সমাধি ক্ষেত্ৰও হওক বিশ্ব মানদণ্ডৰ। উন্নত। ইযাক মুকলি কৰি ৰখা হওক সৰ্বধৰ্মীয় লোকৰ পৰ্যটন স্থলীৰ ৰূপত। তদুপতি, প্ৰতিখন জিলাতে হওক জুবিন গাৰ্গৰ নামত এক তীৰ্থ ক্ষেত্ৰ। এইখিনিতে আমি একান্তভাৱে কামনা কৰিম জুবিন গাৰ্গৰ সহধৰ্মীনি গৰিমা গাৰ্গেও যাতে কোনো ধৰণৰ প্ৰৰোচনাৰ জালত ভৰি নিদিয়াকৈ জুবিন গাৰ্গৰ সত্তা, দৰ্শন আৰু আদৰ্শক আগুৱাই লৈ যোৱাত নৱ প্রজন্মক সৰ্বতোপ্ৰকাৰ সহযোগিতা আগবঢ়ায়। এইক্ষেত্ৰত ইতিমধ্যে তেখেতে ধৈৰ্য সাহস আৰু মনোবলেৰে গ্ৰহণ কৰা পদক্ষেপে ৰাইজৰ প্ৰসংশা আৰু সহযোগিতা বুটলিবলৈ সক্ষম হৈছে। জুবিন গাৰ্গৰ জীৱনৰ অকাল পৰিসমাপ্তিক আমি সান্তনা লভিব লাগিব ইতিহাসৰ পাত লুটিয়াই।
স্বাৰ্থ সিদ্ধিৰ বাবেই জুলিয়াছ ছিজাৰৰ জীৱনৰ পৰিসমাপ্তি ঘটিছিল চক্ৰান্তকাৰী ব্ৰুটাছৰ হাতত।


ক্ৰুছবিদ্ধ কৰি মাৰি পেলোৱা হৈছিল যিশু খ্ৰীষ্টক।
শিল দলিয়াই তেজে তুমৰলি কৰি দিয়া হৈছিল মহামানৱ মোহম্মদক।


গুলিয়াই মৰা হৈছিল জাতিৰ পিতা গান্ধীজীক। এনে অনেক নজিৰ বিদ্যমান ইতিহাসৰ পাতে পাতে। ইতিমধ্যে ইতিহাস হৈছে প্ৰতি অসমীয়াৰ হিয়াৰ আমঠু, সংগীত সম্ৰাট তথা আৰ্ত জনৰ সাৰথি জুবিন গাৰ্গৰ মহাপৰায়ণ আৰু পৰৱৰ্তী সময়ৰ জনজাগৰণ। ইতিহাস ৰচনা হৈছে তেখেতৰ জীৱনজোৰা কৰ্মৰাজি। আৰ্তজনৰ প্ৰেমৰ প্ৰতীক মানুহজনে বাৱন্ন বছৰীয়া জীৱন কালত গাই থৈ গ’ল মাটি, মানুহ আৰু প্ৰকৃতি প্ৰেমৰ আঠত্ৰিছ হাজাৰৰো অধিক গীত। আয়ত্ব কৰিলে, গালে কমেও চল্লিশটা ভাষাৰ গীত-মাত। আহৰণ কৰিলে বিশ্ববন্দিত অগণন স্বীকৃতি। প্ৰথিতযশা শিল্পীজনৰ অধ্যয়ন, বঁটা-বাহন ; যি এই চৰাত আলোচনা হব আমাৰ ধৃষ্টতাৰ বাহিৰ।

তেখেতৰ কীৰ্তিৰ সমগ্ৰ ঘটনাৰাজি দৈনন্দিন প্ৰকাশ পাই আহিছে কাকত আলোচনী সামাজিক মাধ্যম প্ৰভৃতিত। প্ৰচুৰ অধ্যয়নশীলতা আছিল তেওঁৰ জীৱনৰ অন্য এটা দিশ।প্ৰকাশ পোৱা মতে তেখেতে কমেও বাৰ হেজাৰ কিতাপ পঢ়িছে। তেখেতৰ মতে, ” কিতাপ নোহোৱাকৈ কেৱল গামোচাৰে এটা জাতি জীয়াই থাকিব নোৱাৰে “।
যেইকি নহওক, জুবিন সম্পৰ্কে আমাৰ অপৰিপক্ক কলমৰ মুখনি মাৰিছোঁ ইমানতে। তেখেতৰ সম্পৰ্কত আমাৰ পৰ্যবেক্ষণৰ শেষ কথা হ’ব-
‘জুবিন গাৰ্গৰ জীৱন বীথিকা
মানৱতাবাদৰ মনুসংহিতা’।
সদৌশেষত,

#JusticeForZubeenGarg

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!