অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

ZUBEEN: তুমিয়ে মহিষমৰ্দিনী

Spread the love

তুমিয়ে মহিষমৰ্দিনী


DD TIMESৰ আজিৰ কবি ড° দেৱীনা পামেগাম পেগু


(শ্ৰদ্ধাৰে গৰিমা বৌৰ হাতত)

ঈশ্বৰ পুত্ৰৰ সহধৰ্মিনী
তুমি গজ গামিনী
তুমিয়ে আজি মহিষমৰ্দিনী
তুমি নাভাগৰিবা
বাঘৰ পত্নী তুমি হ’ব লাগিব বাঘিনী …

যাৰ আছিল আকাশৰ দৰে বিশাল বুকু
সাগৰৰ দৰে গভীৰ চকু
যি সাজিছিল সদায় সংহতিৰ সাঁকো
তেওঁৰ ন্যায় নিবিচাৰি আমি কিদৰে থাকোঁ…

যি আছিল সুৰৰ অশ্বাৰোহী
ভগৱানৰ অৱতাৰী
আৰ্তজনৰ সহায়কাৰী
সত্য আৰু নিষ্ঠাৰ পদাধাৰী,
‘হে নাৰী’ তুমি অনন্যা
নোবোৱাবা চকুলোৰ বন্যা
তুমি হ’ব লাগিব ঈশ্বৰ কন্যা
তুমি মহীয়সী
তুমিয়ে গৰীয়সী …

তোমাতে প্ৰতিফলতিত হওঁক
ঈশ্বৰ পুত্ৰৰ সকলো মহিমা
অসমীয়াৰ হিয়াৰ দাপোনত
তুমিয়ে চেনেহৰ গৰিমা,
ধুমুহাৰ সতে আমাৰ বহু যুগৰে নাচোন
পুৰাব লাগিব তুমি সকলো আধৰুৱা সপোন
নোৱাৰোঁ চাব আমি তোমাৰ হিয়া ভগা কান্দোন
বিভেদ নেওচি খুলিব লাগিব
প্ৰতিবন্ধকতাৰ সকলো বান্ধোন…

আই গোসাঁনী
তুমিয়ে কৰিবা
অসম শুৱনি
সীৰতা মেলি
ৰাখিবা সদায় ৰঙীন ফাগুন ঢালি
নহ’লে যে লাগিব‌ আমাৰ
হৃদয়বোৰ খালি খালি…৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!