অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

ZUBEEN GARG: জুবিনদা নামৰ সত্তাটোক কোনোকালে পাহৰিব নোৱাৰি…

Spread the love

জুবিনদা নামৰ সত্তাটোক কোনোকালে পাহৰিব নোৱাৰি

DD TIMESত লিখিছে হৰেকৃষ্ণ হালৈয়ে

বিগত এমাহধৰি প্ৰায় প্ৰতিদিনেই মাথোঁ চকুলো বোৱাইছো প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাই।
অসমকে ধৰি বিশ্বৰ চুকে-কোনে থকা লক্ষ্য লক্ষ্য জনতাই হেৰুৱাৰ বেদনা বাৰুকৈয়ে উপলব্ধি কৰিছে।
এটা বা দুটা গান গাই বিখ্যাত হোৱা শিল্পীকো আমি দেখিছোঁ।


কিন্তু চল্লিশ হেজাৰ গান চল্লিশটা ভিন্ন ভাষাত গাই প্ৰতিটো গানেই জনপ্ৰিয়তাৰ উচ্চ শিখৰত আৰোহণ কৰা আমি ক’তো দেখা নাই, ক’তো শুনা নাই।


জুবিনদা সেইগৰাকী শিল্পী যাৰ যাদুকৰী কণ্ঠই সকলো বয়সৰ জনগণৰে প্ৰাণত লহৰ তুলি মোহাচ্ছন্ন কৰি ৰাখিব পাৰে ঘণ্টাৰ পিছত ঘণ্টা।


প্ৰতিটো গানৰ সুৰতে আমি বিচাৰি পাওঁ আমাৰ আবেগ, আমাৰ অনুভুতি, আমাৰ জীৱনৰ প্ৰেম ভালপোৱা, সুখ-শান্তি, বিষাদ।


এটি ছুটি জীৱন লৈ অহা জুবিনদাই হেজাৰ বছৰৰ বাবে এৰি থৈ গ’ল তেখেতৰ কোনোকালে শেষ নোহোৱা কৃতি, তেখেতৰ মহানুভৱতা, তেখেতৰ বৌদ্ধিক অম্লান চিন্তা চেতনা।


প্ৰতিটো শ্ৰেণীৰ জনতাই জুবিনদা নামৰ সত্তাটোক কোনোকালে পাহৰিব নোৱাৰে।


কাৰণ তেওঁৰ সাগৰ সদৃশ মনটো প্ৰতিগৰাকী অসমীয়াৰ বুকুত এটি সুৰীয়া গীত হৈ অনবৰতে বাজি থাকিব।
অসমীয়া জাতিক সংস্কৃতিৰ প্ৰতিটো দিশ চহকী কৰি অজান মুলুকলৈ গুছি যোৱা জুবিনদাৰ অবৰ্তমানত আমি কৰিবলগীয়া একমাত্ৰ কাম হ’ল আমি এক বৃহত্তৰ অসমীয়া জাতি হিচাপে জীয়াই থকা।


নতুন প্ৰজন্মৰ মাজত অসীম সম্ভাৱনা দেখা জুবিনদাই নতুন প্ৰজন্মই দেশ সলনি কৰি দিব পাৰে বুলি আত্ম প্ৰত্যয়েৰে ক’ব পাৰিছিল।


সেয়ে আজি লক্ষ্য লক্ষ্য নতুন প্ৰজন্মই বুকুৰ মাজত জুবিনদাক আলফুলে আৱৰি ৰাখিছে।
কেতিয়াবা ভাৱ হয় জুবিনদা আবিৰ্ভাৱ হোৱা এটা অবিনশ্বৰ আত্মা নেকি!


কবি, গীতিকাৰ, সুৰকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, কাহিনীকাৰ, কণ্ঠশিল্পী, মিউজিক এৰেঞ্জাৰ, শতাধিক বাদ্য বজাব পৰা গুণ এজন অৱতাৰী পুৰুষৰ গাতহে থাকিব পাৰে!
সহজ নহয়।


আজি এইগৰাকী প্ৰাণৰ শিল্পীক আমি অকালতে হেৰুৱাই মৰ্মাহত হোৱাই নহয় দিক-বিদিক হেৰুৱাই পেলাইছোঁ। আমাৰ ভেটিতো যেন লৰি গৈছে!


একাংশ কুলাংগাৰ, জাতিদ্ৰোহী, তেজপিয়া, জাতীয় শত্ৰুৰ জিঘাংসাৰ বলি হ’বলগীয়া হ’ল প্ৰাণৰ জুবিনদা।
আমাক ন্যায় লাগিবই।
আমি জানিব লাগিব ১৯ চেপ্তেম্বৰত চিংগাপুৰত কি হৈছিল? এই পাষণ্ড, পাপীসকলৰ উচিত বিচাৰ হ’বই লাগিব।


দৃষ্টান্তমূলক শাস্তি পাবই লাগিব। অনাগত হেজাৰ বছৰলৈ এই ধৰাৰ বুকুত সেই শাস্তি দৃষ্টান্ত হৈ থাকিব লাগিব।
চৰকাৰৰ বা কোনো পক্ষৰ গাফিলতি সহ্য কৰা নহ’ব।
আমাৰ বিশ্বাসক অথবা আমাৰ ধৈৰ্যৰ সীমা এতিয়াও পাৰ হ’ব দিয়া নাই।


কোনো পক্ষই ৰাজনীতিৰ উৰ্ধত কথাবোৰ চিন্তা কৰা ভাল। নহলে কথাবোৰ ভাল নহ’ব।
প্ৰকৃত জুবিন অনুৰাগীয়ে আইন হাতত তুলি লোৱালৈ বাট নোচোৱাই ভাল।


পিছত বিচাৰ বিশ্লেষণ কৰি একো লাভ নাই।
যি কৰিব লগা আছে শীঘ্ৰেই কৰা ভাল সকলো পক্ষৰ বাবে।

জয় জুবিনদা৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!