SIKKIM UNIVERSITY: ছিক্কিম বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাত উজলিল অসমীয়া ববিতা ছেত্ৰী
ছিক্কিম বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাত উজলিল অসমৰ ওদালগুৰি সন্তান ববিতা ছেত্ৰী

DD TIMES ওদালগুৰি, ১৮অক্টোবৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম্ মনোমোহা ৰাজ্য চিক্কিমত উজলিল অসম সন্তান ববিতা ছেত্ৰী। ১৬ আক্টোবৰত সম্পন্ন হোৱা চিক্কিম বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত স্নাতকোত্তৰ অন্তিম বৰ্ষৰ ছাত্ৰী ববিতা ছেত্ৰীয়ে চিক্কিম বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাত “Secretary For Social Service Affairs” পদত ৩৯৯টা ভোট প্ৰাপ্ত কৰি বিজয়ী হয় অসম সন্তান ববিতা ছেত্ৰী।
বৰ্তমান ছিক্কিম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগত অধ্যয়নৰত ববিতা ছেত্ৰী অসমৰ ওদালগুৰি জিলাৰ খাউৰাং নিবাসী বিশিষ্ট সাংস্কৃতিক কৰ্মী শান্তা চিৰ্পালী আৰু পদ্মা চিৰ্পালীৰ একমাত্ৰ কন্যা সন্তান।
ববিতা ছেত্ৰীয়ে ডিমাকুচী ডনবস্কো স্কুলৰপৰা মেট্ৰিকত ৮৬ শতাংশ নম্বৰ প্ৰাপ্ত কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত দৰং জিলাৰ কলাইগাওঁ স্থিত পি এমশ্ৰী জৱাহৰ নবোদয় বিদ্যালয়ৰ পৰা ৯৫ শতাংশ নম্বৰ প্ৰাপ্ত কৰি সুখ্যাতিৰে হায়াৰ চেকেণ্ডেৰীত উত্তীৰ্ণ হয়।

ববিতাই দৰং মহাবিদ্যালয়ৰ পৰা ৮৬ শতাংশ নম্বৰ প্ৰাপ্ত কৰি গ্ৰেজুৱেচন কৰাৰ পিছত লিখিত পৰীক্ষাত প্ৰথমে গোলাঘাট জিলা স্থিত সতী সাধনী বিশ্ববিদ্যালয়ত নাম ভৰ্তী কৰে যদিও পুনৰ চিক্কিম বিশ্ববিদ্যালয়ৰ পৰা সুযোগ পোৱাত ২০২৪বৰ্ষৰ পৰা চিক্কিম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগত অধ্যয়ন কৰি আছে।
সৰুৰে পৰা অধ্যয়নত সুখ্যাতি থকা ববিতাই ২০২০চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তত্বাৱধানত আয়োজন কৰা “পৰীক্ষাপে চৰ্চা” কাৰ্য্যসূচীত দিল্লীৰ তালকটোৰা স্টেডিয়ামত অনুষ্ঠিত পৰীক্ষা পে চৰ্চা কাৰ্য্যসুচীত বি টি চিৰ পৰা অকলে নিৰ্বাচিত হৈছিল।
প্ৰাথমিকৰ পৰা স্নাতকোত্তৰ অন্তিম বৰ্ষলৈকে সুখ্যাতিৰে অধ্যয়নত ব্ৰতী থকা ববিতা ছেত্ৰীয়ে অজিলৈকে নাপালে কোনো চৰকাৰী সা-সুবিধা। বি টি চিৰ পূৰ্বৰ চৰকাৰৰ বিধায়ক,পাৰ্ষদ, ডেপুটী চীফৰ লগতে মনোনীত পাৰ্ষদৰ লগতো অধ্যয়নৰ বাবে হবলগীয়া আৰ্থিক অনুদানত কোনো সুবিধা নাপালে ববিতা ছেত্ৰীয়ে।
তথাপিও জীৱন সংগ্ৰামত হাৰ নমনা ববিতাই অধ্যয়নত আগুৱাই গৈ চিক্কিম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অধ্যনৰত থকাৰ লগতে চিক্কিম বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ ২০২৫-২৬ বৰ্ষৰ একাডেমীক বৰ্ষত সমাজ সংগঠক পদৰ সম্পাদিকা পদত বিজয়ী হবলৈ সক্ষম হয় অসম সন্তান ববিতা ছেত্ৰী।
অৱশ্যে অসম সন্তান ববিতা ছেত্ৰীৰ লগতে Secretary for Academic Affairsপদত ৰিত্তিকা কলিতা আৰু ট্ৰেজাৰাৰ পদত অম্ৰিত বিশ্বকৰ্মায়ো বিজয়ী হবলৈ সক্ষম হয়। ১৭ অক্টোবৰত উক্ত সমিতিয়ে বিশ্ববিদ্যালয়ৰ উপকুলপতিৰ পৰা শপতগ্ৰহণো কৰিবলৈ সক্ষম হয়।

