নীতিশিক্ষাৰ অধ্যয়নে আদৰ্শ ব্যক্তি গঢ়াত সহায় কৰেঃ জিলা আয়ুক্ত অনামিকা তেৱাৰী
অৱসৰৰ লগে লগে অৱসৰী শিক্ষক-কৰ্মচাৰীক পেঞ্চনৰ সুবিধা প্ৰদান
মৰিগাঁও, ১ ছেপ্টেম্বৰঃ অৱসৰৰ দিনটোতে পেঞ্চনৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে মৰিগাঁও জিলা শিক্ষা বিভাগে নিৰন্তৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।এই উদ্দেশ্যে শিক্ষা বিভাগৰ ঐতিহ্য ভৱনত আজি অনুষ্ঠিত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মৰিগাঁৱৰ দহগৰাকী অৱসৰী শিক্ষক-কৰ্মচাৰীক সম্বৰ্ধনা জনোৱাৰ লগতে পেঞ্চনৰ সুবিধা সমূহ যেনে জমা-ছুটি বেতন, বীমা ধন আদি প্ৰদান কৰা হয়।

অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে এই পদক্ষেপৰ শলাগ লৈ বিদ্যালয়ত নীতিশিক্ষাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বক্তব্য দাঙি ধৰে। তেওঁ সমকালীন সময়ৰ লগত ৰজিতা খুৱাই শিক্ষা প্ৰদানৰ কথা উল্লেখ কৰি উদ্ভাৱনীমূলক শিকন-শিক্ষন পদ্ধতিত গুৰুত্ব আৰোপ কৰিবলৈ শিক্ষক সমাজক আহ্বান জনায়।

অনুষ্ঠানত অংশগ্ৰহণ কৰি মৰিগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত ( শিক্ষা) অনুসূয়া শৰ্মাই কিতাপৰ বৰ্ষৰ বিষয়ে উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীৰ হাতত ম’বাইলৰ সলনি কিতাপ তুলি দিবলৈ আহ্বান জনায়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক ডালিম ফুকনে মৰিগাঁও জিলাৰ শৈক্ষিক উত্তৰণত অৱসৰী শিক্ষক সকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি উল্লেখ কৰে।

অনুষ্ঠানত অসম উন্নতি সভাৰ সম্পাদক অতনু শৰ্মাই জিলাখনৰ শিক্ষা বিভাগে বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ নেতৃত্বত স্বচ্ছতা, দায়বদ্ধতা আৰু সময় নিৰ্ধাৰিত ভাৱে লৈ অহা এই পদক্ষেপৰ শলাগ লয় আৰু এনে প্ৰচেষ্টাৰ ধাৰাবাহিকতাই জিলাখনৰ শৈক্ষিক উত্তৰণত ইতিবাচক প্ৰভাৱ পেলাইছে বুলি উল্লেখ কৰে।

মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই অনুষ্ঠানৰ আঁত ধৰা অনুষ্ঠানটোত বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক সমৰ বৰুৱা প্ৰমুখ্যে ভালেসংখ্যক বিভাগীয় বিষয়া আৰু শিক্ষক-কৰ্মচাৰী উপস্থিত থাকে। উল্লেখ্য , জিলাখনত ৰূপায়িত হৈ থকা নিৰন্তৰ কাৰ্যসূচীৰ এয়া আছিল সোতৰ সংখ্যক অনুষ্ঠান।

অনুষ্ঠানত মৰিগাঁও জিলাৰ জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে বঘৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ভৱজ্যোতি নাথৰ গ্ৰন্থ ‘বিদ্বান লোকৰ উক্তি আৰু সাঁথৰ’ উন্মোচন কৰে। অৱসৰী শিক্ষক তথা অনাতাঁৰ শিল্পী বিমল চন্দ্ৰ নাথে এটা গীত পৰিৱেশন কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে।