KATI BIHU: ফুলগুৰিৰ ঐতিহাসিক শ্রীশ্রীচেংলাই সত্ৰত কাতি বিহু উদযাপন
ফুলগুৰিৰ ঐতিহাসিক শ্রীশ্রীচেংলাই সত্ৰত কাতি বিহু উদযাপনঃ সত্ৰৰ ভকত-বৈষ্ণৱে প্রজ্বলন কৰিলে আকাশবন্তি

DD TIMES নগাঁও, ১৮ অক্টোবৰঃ নগাঁও জিলাৰ ফুলগুৰিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে ঐতিহাসিক শ্রীশ্রীচেংলাই সত্রত আজি পৰম্পৰাগতভাৱে সম্পূর্ণ আধ্যাত্মিকতাৰ মাজেৰে কাতি বিহু পালন কৰাৰ লগতে আকাশবন্তি প্রজ্বলন কৰা হয়।
স্মৰ্তব্য যে দামোদৰদেৱৰ আজ্ঞাবাহী আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজ অনুগ্ৰহত প্রতিষ্ঠা হোৱা ব্ৰহ্মসংহাৰত শ্ৰীশ্ৰীচেংলাই সত্ৰত পৰম্পৰাগতভাৱে এইবাৰো কাতি বিহু উদ্যাপন কৰা হয়।
সত্রীয়া ভকত-বৈষ্ণরে ‘আকাশ বন্তি’ প্রজ্বলন কৰে। এই অনুষ্ঠানটোত সত্ৰাধিকাৰ জগত চন্দ্ৰ গোস্বামীয়ে সত্ৰখনৰ ইতিবৃত্ত চমুকৈ ব্যাখ্যা কৰি কয়-‘আদিতে এই সত্রখন মাজুলীত অৱস্থিত আছিল।
তাৰ পৰৱৰ্তী সময়ত ৰজাৰ আদেশত নগাঁও জিলাৰ জখলাবন্ধালৈ স্থানান্তৰ কৰা হয়। তাৰ পৰৱৰ্তী সময়ত মানৰ অসম আক্ৰমণৰ সময়ত সত্ৰখন বেবেজীয়াৰ পৰা কিছু নিলগৰ ফুলগুৰিত প্ৰতিষ্ঠা কৰা হয়।
বর্তমান নগাঁও জিলাৰ যিকেইখন সত্রই কাতি মাহত আকাশবন্তি প্ৰজ্বলন কৰে, তাৰ ভিতৰত ফুলগুৰিস্থিত শ্রীশ্রীচেংলাই সত্রও অন্যতম।’
আজিৰ এই অনুষ্ঠানটোত সত্রীয়া তথা শিক্ষাব্রতী মহেশ্বৰ গোস্বামী, সমাজকর্মী পদ্ম গোস্বামী, ড° প্রদ্যুম্ন গোস্বামী, জয়ন্ত গোস্বামী, প্ৰশান্ত গোস্বামী, সত্ৰৰ হাটীমতা অৰুণ ফুকন, মনুৰাম ফুকন, প্রদীপ হীৰা, ৰত্নেশ্বৰ বৰদলৈ, সাংবাদিক হীৰেন শর্মা, ডাক্তৰ মিতালী গোস্বামী, বৰ্ণালী গোস্বামীকে ধৰি সত্ৰৰ আন আন ভকত-বৈষ্ণৱসকল উপস্থিত থাকে।

