BOOK FAIR 2025: ‘টীয়ক জগদুৱাৰ গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ-২০২৫’
টীয়ক জগদুৱাৰ গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ-২০২৫ৰ স্মাৰকগ্ৰন্থ “ৰূপান্তৰ” উন্মোচন কৰে বিশিষ্ট লেখিকা জুৰী বৰা বৰগোহাঁইয়ে

DD TIMES কাকজান, ১৭ অক্টোবৰঃ টীয়ক গ্ৰন্থ মেলা আৰু সাহিত্য সমাৰোহ আজি চতুৰ্থ দিন। আজি দিনৰ ১০ বজাৰ পৰা টীয়কৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।
অভ্যৰ্থনা সমিতিৰ সম্পাদক ৰণ্টু ভূঞাই আঁত ধৰা উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ সভাপতি অসীমজ্যোতি শইকীয়াই বক্তব্যত কিতাপহে সকলোৰে প্ৰকৃত বন্ধু, যি সদায়েই সঠিক দিশত মানুহৰ গতি স্থিৰ কৰিব পাৰে বুলি মতামত দিয়ে আৰু এনে এক গ্ৰন্থ আন্দোলনৰ দ্বাৰা এক অনন্য শৈক্ষিক পৰিৱেশৰ সৃষ্টি হ’ব বুলি আশা প্ৰকাশ কৰে।
আনহাতে আজি যোৰহাট জিলাৰ বিভিন্ন বিদ্যালয় সমূহৰ মননশীল অনুষ্ঠানে জিপাল কৰে গ্ৰন্থ মেলা পৰিবেশ।বিয়লি ২ বজাত “টীয়ক গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ-২০২৫”ৰ স্মাৰক গ্ৰন্থ ড° উত্তম বৰুৱা আৰু ড০ আভা ভৰালীৰ দ্বাৰা সম্পাদিত “ৰূপান্তৰ” উন্মোচন কৰি অসমৰ বিশিষ্ট লেখিকা, জুৰি বৰা বৰগোহাঁইয়ে এক বৌদ্ধিক পৰিমণ্ডল সৃষ্টি কৰাত “টীয়ক গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ-২০২৫” ৰ সুদূৰপ্ৰসাৰী ভূমিকাই নৱ-প্ৰজন্মৰ মাজত কিতাপ পঢ়া আৰু ইয়াৰ প্ৰতিফলন ভোগ কৰিবলৈ পাব বুলি মত প্ৰকাশ কৰে।
এই অনুষ্ঠানতে সংস্কৃত পণ্ডিত, কাকজান মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড° অকন চন্দ্ৰ শইকীয়াক “টীয়ক সাহিত্য বঁটা-২০২৫”ৰে সন্মানিত কৰে।
গ্ৰন্থমেলা আয়োজক সমিতিৰ সভাপতি ড° মাধুৰ্যমণ্ডিত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ অধ্যক্ষ ড° বিজয় কৃষ্ণ পাচনী, নিবন্ধকাৰ তথা অৱসৰী অধ্যাপক ড° ভাৰত বৰা,কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড’ ধীৰেন কলিতা,যুৱ লেখক প্ৰাঞ্জল প্ৰতীম দত্ত,যুৱ লেখক লক্ষ্মী নন্দন দত্ত ডাঙৰীয়া কে উপস্থিত থাকি “স্মাৰক গ্ৰন্থ উন্মোচন কৰে ‘ৰূপান্তৰ’ বিশিষ্ট লেখিকা জুৰী বৰা বৰ গোহাঁইয়ে।
তেওঁ ‘ৰূপান্তৰ’ উন্মোচন কৰি টীয়ক ই’মেডিয়া পদক্ষেপ শলাগ জনোৱাৰ লগতে এনে পদক্ষেপে টিয়কৰ সংবাদ গোষ্ঠী টোক আগলৈও কাম কৰি যাবলৈ প্ৰেৰণা যোগায় ব্যক্ত কৰে।

