অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

SUCCESSFULL: চেষ্টাৰ অসাধ্য একো নাই, কষ্টৰ ফল মিঠা তাৰেই প্ৰমাণ কৰি দেখুৱালে ওদালগুৰিৰ ডিমাকুছিৰ ঠেলাৱালাৰ পুত্ৰ আৰু দিন হাজিৰা কৰা ব্যক্তিৰ জিয়ৰীয়ে

Spread the love

চেষ্টাৰ অসাধ্য একো নাই, কষ্টৰ ফল মিঠা তাৰেই প্ৰমাণ কৰি দেখুৱালে ওদালগুৰিৰ ডিমাকুছিৰ ঠেলাৱালাৰ পুত্ৰ আৰু দিন হাজিৰা কৰা ব্যক্তিৰ জিয়ৰীয়ে

DD TIMES ওদালগুৰি,১৮ অক্টোবৰঃ দীৰ্ঘদিনে ৰুণুমী আৰু মণিন্দ্ৰৰ সপোন আছিল আৰক্ষীৰ পোছাক পিন্ধিবলৈ, অৱশেষত সপোন বাস্তৱত পৰিণত হ’ল দুয়োৰে৷


দৰিদ্ৰতাক নেওচি নিজ প্ৰতিভাৰে উজ্বলি উঠিল ভেৰগাঁৱৰ ডিমাকুছিৰ দুই যুৱক-যুৱতী।

ওদালগুৰি জিলাৰ ডিমাকুছিৰ দুই সন্তান মুনিন্দ্ৰ ৰাজবংশী আৰু ৰুনুমী নাথে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ এডিআৰইৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অসম আৰক্ষীত নিযুক্তি লাভ কৰি বৃহত্তৰ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷

দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিতৃৰ সন্তান মুনিন্দ্ৰ ৰাজবংশী আৰু ৰুনুমি নাথে অশেষ কষ্টেৰে পঢ়া শুনা কৰি অসম আৰক্ষীৰ বাবে বাচনি লাভ কৰাত দুয়োগৰাকীকে প্ৰশংসাৰে ওপচাই দিছে ডিমাকুছিৰ ৰাইজে ৷

ইফালে দুয়োগৰাকী যুৱক-যুৱতীয়ে অসম আৰক্ষীৰ বাচনি পৰীক্ষাত উত্তীৰ্ণ হৈ মুখ্যমন্ত্ৰীৰ স্বচ্ছ আৰু নিকা পদ্ধতিৰে এক টকাও খৰছ নকৰাকৈ বিনামূলীয়াকৈ চাকৰি লাভ কৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনোৱাৰ লগতে প্ৰশংসা কৰে।

সফলতাৰ বাটত যে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে ইয়াকে যেন পুনৰবাৰ প্ৰমান কৰি দেখুৱালে ডিমাকুছিৰ ১নং সোনাজুলিৰ ঠেলাচালক লোহিত ৰাজবংশীৰ পুত্ৰ মণিন্দ্ৰ ৰাজবংশী আৰু দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া শিতেশ্বৰ নাথৰ কন্যা ৰুণুমী নাথে ৷

সৰুতে মাতৃহাৰা মণিন্দ্ৰ ৰাজবংশীক পিতৃ লোহিত ৰাজবংশীয়ে ঠেলা চলাই পঢ়া-শুনা কৰাইছিল অৱশেষত সেই ধনেৰে নোযোৰাত মনিন্দ্ৰয় বেলেগৰ হোটেলত কাম কৰি পিছৰফালে নিজে এখন সৰুকৈ চাহ দোকান খুলি চলি আহিছিল।

ইফালে ৰুণুমী নাথক বেলেগৰ ঘৰত দেউতাকে দিন হাজিৰা কৰি উচ্চ শিক্ষাৰ সুবিধা প্ৰদান কৰিছিল।

দুয়োগৰাকী মেধাবী যুৱক যুৱতীৰ সাফল্যৰ বতৰা বিয়পি পৰাৰ লগে-লগে অসংখ্য লোক দুয়োৰে বাসগৃহত উপস্থিত হৈ শুভেচ্ছা জনাই৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!