অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়বিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

ASSAMESE DRAMA: নিয়ৰ যেতিয়া সৰে

Spread the love

নিয়ৰ যেতিয়া সৰে

DD TIMESত আজি নাটকৰ সমালোচক জ্যোতিপ্ৰসাদ বৰা

ৰক্তিম বৰুৱা হৈছে বিশ্ববিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰ । স্পষ্টবাদী, নিৰ্ভীক এক চৰিত্ৰ । তেওঁৰ পিতৃ বিখ্যাত উদ্যোগপতি । ইপিনে, নিয়ৰ হৈছে আভিজাত্যৰ ৰ’দে পোহৰাই ৰখা এখন সম্ভ্ৰান্ত ঘৰৰ জীয়ৰী । পিতৃৰ নাম স্বৰাজ দুৱৰা । দুয়োৰে হৃদয় ৰঙীন কৰি ফুলিছিল প্ৰেমৰ ফাগুন । সেয়ে হয়তো নিয়ৰে ভায়’লিনত আৰু ৰক্তিমে মাউথ অৰ্গেনত তুলিছিল ভালপোৱাৰ সুৰ । কিন্তু বিষাক্ত বতাহৰ কিৰিলিত স্তব্ধ হ’ল সিহঁতৰ জীৱনৰ সপোনবোৰ ।

প্ৰাপ্তি-অপ্ৰাপ্তিৰ লুকাভাকুত থমকি ৰ’ল প্ৰণয়ৰ ব’হাগ । স্বাৰ্থান্বেষীৰ চক্ৰান্তত নিয়ৰৰ হেঁপাহৰ টোপালবোৰ চিৰদিনৰ বাবেই সৰি পৰিল অন্ধকাৰৰ অটল গহ্বৰত । এয়াই হৈছে নগাঁৱৰ অন্যতম ছিৰিয়াছ নাট্যশিল্পী সুৰজ কুমাৰ শইকীয়াৰ নতুন নাট ‘নিয়ৰ যেতিয়া সৰে’ৰ মূল বিন্যাস । নগাঁও জিলা পুথিভঁৰালত ১১ অক্টোবৰৰ সন্ধিয়া সফলতাৰে মঞ্চস্থ হয় পূৰ্ণাংগ নাটখন । অসম নাট্য সন্মিলনৰ নগাঁও জিলা সমিতিৰ উদ্যোগত মঞ্চস্থ হোৱা সুৰজ কুমাৰ শইকীয়াৰ এই নাটখন হৈছে এক কাব্যিক সৌন্দৰ্য ।

বাস্তৱৰ শিলত অভিজ্ঞতাৰ বটালিৰে খোদিত কৰা এক নিপুণ ভাষ্কৰ্য । য’ত প্ৰতীয়মান হৈছে ক্ষমতাকেন্দ্ৰিক যুঁজ আৰু সাম্প্ৰতিক সময়ৰ কেতবোৰ জীয়া ছবি । নাট্যকাৰে নিজেই পৰিচালনা কৰা নাটখনৰ জৰিয়তে বুজাই দিয়া হৈছে অন্যায়-অবিচাৰেৰে উপচি থকা সমাজখনৰ কথা । য’ত সততাৰ কোনো মূল্য নাই আৰু ন্যায়ৰো কোনো ভৰষা নাই ।

গুণকান্ত দাসৰ সংগীত সমৃদ্ধ নাটখনৰ অভিনয় শিল্পীসকল হৈছে মনোজ কুমাৰ বৰদলৈ, কৃপাশ্ৰী হাজৰিকা, ডেইজী গোস্বামী, দেৱলিনা দেৱী, প্ৰিয়াংকি বৰা, পাপৰি শইকীয়া, প্ৰাঞ্জল প্ৰতিম নাথ, জিতুমণি মহন্ত, সুৰজ কুমাৰ শইকীয়া, সুৰজ কুমাৰ বৰা, শোণিত কুমাৰ বৰা, প্ৰণৱজ্যোতি বৰদলৈ, দিলীপ লস্কৰ, দিলীপ শিৰোমণি লস্কৰ, সোণমণি বেজবৰুৱা আৰু দীপমণি বৰা । সামান্য ত্ৰুটী-বিচ্যুতিৰ বাহিৰে নাটৰ উপস্থাপন শৈলী উন্নত হৈছে ।

কাহিনীৰ পশ্চাদগমন আৰু ৰহস্যঘন পৰিৱেশে নাটৰ জেউতি চৰাই তুলিছে । পোহৰ নিৰ্দেশনাত বিশেষ বুৎপত্তি থকা সুৰজ কুমাৰ শইকীয়াৰ এই নাটখনৰ ৰূপসজ্জাৰ শিল্পী আছিল নেত্ৰকমল বৰা আৰু শব্দ নিয়ন্ত্ৰকৰ ভূমিকাত আছিল উৎপল ভূঞা। যথাৰ্থতেই ‘নিয়ৰ যেতিয়া সৰে’ হৈছে উপলদ্ধি আৰু অনুশোচনাৰ এজাক বতাহ। অনিয়মেই নিয়ম হৈ পৰা সমাজ ব্যৱস্থাৰ মূৰ্ত প্ৰকাশ…।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!