অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

Pedagogical Leadership: অনুভৱঃ শিক্ষাত নেতৃত্ব আৰু নৱ্য উদ্ভাৱনশৈলী বিষয়ক শিক্ষক সন্মিলন

Spread the love

অনুভৱঃ শিক্ষাত নেতৃত্ব আৰু নৱ্য উদ্ভাৱনশৈলী বিষয়ক শিক্ষক সন্মিলন

DD TIMESত লিখিছে মানস প্ৰতিম দত্তই

শিক্ষা ব্যৱস্থাৰ মূল ৰাজহাড় হৈছে শিক্ষকসকলৰ নেতৃত্ব আৰু উদ্ভাৱনী দৃষ্টিভংগী।

শিক্ষণ-বিজ্ঞানাত্মক নেতৃত্ব (Pedagogical Leadership), অৰ্থাৎ শিক্ষকসকলৰ দ্বাৰা শিক্ষণ পদ্ধতিৰ উত্তৰণ, উদ্ভাৱন আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৃজনশীল বিকাশৰ বাবে কৰা দিশ নিৰ্ধাৰণে নব্য চিন্তা আৰু সুস্থ সম্পদ গঢ়াৰ বাট মুকলি কৰে।

এই নেতৃত্বৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে উদ্ভাৱন (Innovation)—যিয়ে ঐতিহ্যগত শিক্ষণ পদ্ধতিৰ সীমাবদ্ধতা অতিক্ৰম কৰি নতুন, প্ৰযুক্তিসমৃদ্ধ শিক্ষাৰ্থীকেন্দ্ৰিক পদ্ধতিৰ সৈতে শিক্ষাব্যৱস্থা আৰু শিক্ষণ পদ্ধতিক সমৃদ্ধ কৰে। বৰ্তমানৰ ডিজিটেল যুগত, হৈ থকা বৈশ্বিক পৰিৱৰ্তনে শিক্ষাক সঘনাই নতুন ৰূপ দিছে।

শিক্ষণতান্ত্রিক নেতৃত্ব হ’ল এনে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে শিক্ষকে কেৱল পাঠদান কৰাই নহয়, বৰঞ্চ শিক্ষাৰ্থীৰ জীৱনশৈলী আৰি চিন্তন কৌশলৰ পৰিৱৰ্তনৰ বাবে দায়বদ্ধতা লয়। ইয়াত শিক্ষকসকল হৈছে সৃজনশীল সংঘবদ্ধকৰ্তা, পথপ্ৰদৰ্শক আৰু শিক্ষাৰ্থী সহযোগী, যি শৈক্ষিক পৰিৱেশ সৃষ্টি কৰিবলৈ যত্নপৰ হয়।

ইতিবাচক দৃষ্টিভংগী নিৰ্ধাৰণৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ সামগ্ৰিক বিকাশৰ বাবে স্পষ্ট, দীৰ্ঘম্যাদী লক্ষ্য স্থিৰ কৰা; শিক্ষক, অভিভাৱক, স্থানীয় সম্প্ৰদায় আৰু অন্যান্য শিক্ষানুষ্ঠানৰ সৈতে একত্ৰিতভাৱে কাম কৰাও ইয়াৰ একো একোটা উপাদান বুলিব পাৰি।এনে চিন্তন আৰু নেতৃত্বই শিক্ষকসকলক সক্ষম কৰে, শিক্ষাৰ্থীৰ মনোযোগ আৰু সক্ৰিয় অংশগ্ৰহণ বৃদ্ধি কৰে। ফলস্বৰূপে শিক্ষণ অভিজ্ঞতা গুণগতভাৱে উন্নত হয়।
উদ্ভাৱন হৈছে শিক্ষণ-বিজ্ঞানাত্মক নেতৃত্বৰ প্ৰাণস্পন্দন। ইয়াৰ জৰিয়তে পুৰণি “ব’ৰ্ড আৰু চক”ৰ শিক্ষণৰ সলনি গতিশীল, অংশগ্ৰহণমূলক আৰু ফলপ্ৰসূ পদ্ধতিৰে শিক্ষণ কাৰ্যকৰী কৰা হয়।

Google Classroom, Kahoot!, Mentimeter আদিৰ দৰে প্লেটফৰ্মৰ জৰিয়তে ইন্টাৰেক্টিভ আৰু আকৰ্ষণীয় শ্ৰেণীকক্ষৰ সৃষ্টি কৰাৰ লগতে শিক্ষাৰ্থীয়ে বাস্তৱ সমস্যা সমাধানৰ জৰিয়তে জ্ঞান অৰ্জন কৰে, যাৰ ফলত তেওঁলোকৰ গৱেষণা আৰু জটিল চিন্তাৰ দক্ষতা বিকশিত হয়। ঘৰত ভিডিঅ’ বা ডিজিটেল সামগ্ৰীৰ জৰিয়তে নতুন বিষয়বস্তু শিকিব লাৰে আৰু শ্ৰেণীত সেই বিষয়ে গভীৰ আলোচনা বা কাৰ্যকলাপত নিয়োজিত হয়। শিক্ষণক্ৰিয়াক খেলৰ ৰূপ দি মনোযোগ আৰু অনুৰাগ বৃদ্ধি কৰা হয়।


এই উদ্ভাৱনসমূহে শিক্ষাৰ্থীসকলক ২১ শতিকাৰ দক্ষতা অৰ্থাৎ সমস্যা সমাধান, সহযোগিতা, সৃজনশীলতা, আৰু ডিজিটেল সাক্ষৰতা আদিৰ বিকাশত সহায় কৰে।
অসমৰ শিক্ষা ব্যৱস্থাত শিক্ষণতান্ত্রিক নেতৃত্ব আৰু উদ্ভাৱন ক্রমে ক্রমে গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে। যোৱা ১৫, ১৬ আৰু ১৭ অক্টোবৰ তাৰিখে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET) লখিমপুৰে ৰাজ্যিক শিক্ষা আৰু গৱেষণা পৰিষদ, অসমৰ সহযোগত আয়োজন কৰিছিল শিক্ষকসকলক নেতৃত্ব আৰু উদ্ভাৱনমূলক শিক্ষণৰ শিক্ষক সন্মিলন।

এই সন্মিলনত উপস্থিত থাকি আমি শিক্ষণতান্ত্রিক নেতৃত্ব আৰু উদ্ভাৱনৰ বিভিন্ন কৌশলৰ সৈতে চিনাকি হ’বলৈ সক্ষম হ’লোঁ। ইয়াত উলস্থাপন কৰা বিভিন্ন উদ্ভাৱনী শিক্ষণ পদ্ধতিয়ে শিক্ষকসকলক নতুন ধাৰণা আৰু পদ্ধতিৰ সৈতে পৰিচয় কৰাই দিয়ে, যাৰ ফলত অসমৰ শিক্ষা ব্যৱস্থাই গতিশীলতা আৰু উৎকৰ্ষৰ নতুন মাত্ৰা লাভ কৰিব পাৰে।


SCERTৰ উদ্যোগত আয়োজিত জিলা পৰ্যায়ৰ শিক্ষক সন্মিলনৰ শিক্ষণ-বিজ্ঞানাত্মক নেতৃত্ব আৰু উদ্ভাৱন ২০২৫ত অংগ্ৰহণ কৰি ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত হৈছো।

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ উদ্যোগত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, লখিমপুৰে আয়োজন কৰা এই সন্মিলনত জিলাখনৰ বিভিন্ন শৈক্ষিক মণ্ডলৰ পৰা মনোনীত ১০০জন শিক্ষাগুৰুৰ মাজৰ পৰা শিক্ষাত সৰ্বোত্তম উদ্ভাৱনীশৈলীৰ ওপৰত বিষয়বস্তুৰ এই উপস্থাপন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বেলিকা দিহা-পৰামৰ্শ প্ৰদান কৰা শ্ৰদ্ধাৰ তনুজ টায়েং ছাৰৰ লগতে সমূহ ডায়েট পৰিয়াললৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!