MISING SPORTS CARNIVAL 2025: গোগামুখত মিচিং স্প’ৰ্টছ কাৰ্ণিভেল
গোগামুখত তৃতীয় সংখ্যক মিচিং স্প’ৰ্টছ কাৰ্ণিভেলঃ অভ্যৰ্থনা সমিতিৰ ঘোষণা- ১৮ বিধ খেলৰ প্ৰতিযোগিতা হ’ব
DD TIMES গোগামুখ, ১৭ অক্টোবৰঃ ধেমাজি জিলাৰ গোগামুখত ২৩-২৬ অক্টোবৰত চাৰিদিনীয়া কাৰ্যসূচীৰে তৃতীয় সংখ্যক মিচিং স্প’ৰ্টছ কাৰ্ণিভেল অনুষ্ঠিত হ’ব ৷

গোগামুখ মহাবিদ্যালয় খেলপথাৰ, গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ আৰু গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব লগা উক্ত স্প’ৰ্টছ কাৰ্ণিভেল সন্দৰ্ভত আজি অভ্যৰ্থনা সমিতিয়ে গোগামুখ আবতানি লত্তাত এখন সংবাদমেল অনুষ্ঠিত কৰে ৷
ভাৰতীয় অলিম্পিক সন্থাই অনুমোদন জনোৱা খেলসমূহৰ উপৰি মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত খেলসমূহক লৈ ১৮ বিধ খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷
সংবাদ মেলত অভ্যৰ্থনা সমিতিয়ে জানিবলৈ দিয়া মতে গোগামুখ মহাবিদ্যালয়ৰ খেলপথাৰত এথলেটিক আৰু ফুটবল খেলসমূহ অনুষ্ঠিত কৰাৰ বিপৰীতে গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভলীবল, কাবাদী আৰু বেটমিন্টন খেলসমূহ গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’ব ৷
স্প’ৰ্টছ কাৰ্ণিভেলত ৰাষ্ট্ৰীয় জেভলিন চেম্পিয়ন ৰুণজোন পেগু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দৌৰবিধ অম্লান বৰগোঁহাই প্ৰমূখ্যে বহুকেইজন জুনিয়ৰ ৰাষ্ট্ৰীয় খেলুৱৈ উপস্থিত থাকিব ৷
গোগামুখ মইনাপৰাস্থিত জংকি-পানৈ খেলপথাৰত গেম ভিলেজ দ্ৰুত গতিত নিৰ্মাণ কৰি থকা বুলিও তেওঁলোকে জনায় ৷
উল্লেখনীয় যে, ২০২৩ চনত মিচিং স্প’ৰ্টছ কাৰ্ণিভেল প্ৰথমবাৰৰ বাবে ধেমাজি জিলাৰ জোনাইত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল ৷ ২০২৪ চনত গোগামুখত দ্বিতীয় বাৰৰ বাবে আৰু তৃতীয় বাৰৰ বাবেও গোগামুখত মিচিং স্প’ৰ্টছ কাৰ্ণিভেল অনুষ্ঠিত হ’ব ৷ প্ৰায় দুই কোটি টকা ব্যয় সাপেক্ষে অনুষ্ঠিতব্য উক্ত স্প’ৰ্টছ কাৰ্ণিভেলত ৫ হাজাৰ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ৷
সংবাদমেলখন আজি সম্বোধন কৰে এমএম কেৰ জ্যেষ্ঠ নেতা ৰমাকান্ত পাইট, অভ্যৰ্থনা সমিতিৰ সম্পাদক ৰাজু পেগু, টিএমপিকেৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক হৰিচন্দ্ৰ কামান, টিএমপিকেৰ কেন্দ্ৰীয় ক্ৰীড়া কোষৰ সদস্য সঞ্জীৱ মিলি, ধেমাজি জিলা এমএমকেৰ সভাপতি মুনিন্দ্ৰ দলে, টিএমপিকেৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰোহিত নৰহ, সম্পাদক সনাতন দলে, কাৰ্যকৰী সদস্য ৰণোজ পায়েং আদিয়ে৷

