BOOK: নগাঁৱত গল্পকাৰ শিৱানন্দ কাকতি আৰু অধ্যাপক মুনি কাকতিৰ গ্ৰন্থ উন্মোচন
নগাঁৱৰ শেতালিত লক্ষ্মীপ্ৰভা প্ৰকাশনৰ গ্ৰন্থ উন্মোচনী সভাত গল্পকাৰ শিৱানন্দ কাকতি আৰু অধ্যাপক মুনি কাকতিৰ গ্ৰন্থ উন্মোচন

DD TIMES নগাঁও, ১৭ অক্টোবৰঃ বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতিৰ উপন্যাস ‘নেতি’ আৰু অৱসৰপ্ৰাপ্ত অধ্যাপিকা মুনি কাকতিৰ অনুদিত গ্ৰন্থ উইলিয়াম শ্বেইকছপীয়েৰৰ গ্ৰন্থ ‘জুলিয়াছ চিজাৰ’ নগাঁৱত বৃহস্পতিবাৰে উন্মোচন কৰা হয়।
তদুপলক্ষে নগাঁও জিলাৰ জামুগুৰিৰ শেতালিস্থিত মতিৰাম কাকতি ক্ষেত্ৰত লক্ষ্মীপ্ৰভা প্ৰকাশনৰ উদ্যোগত এখন উন্মোচনী সভা অনুষ্ঠিত হয়। এই সভাত সভাপতিত্ব কৰে কুজীডাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অশোক কুমাৰ বৰঠাকুৰে। সভাৰ আৰম্ভণিতে
কাকতি পৰিয়ালৰ বোৱাৰীসকলে ঘোষা পৰিবেশন কৰে। সভাত সভাপতিত্ব কৰি শিক্ষাবিদ অশোক কুমাৰ বৰঠাকুৰে ভাষণ প্ৰসংগত কয় যে- ‘শিৱানন্দ কাকতি অসমৰ এটা পৰিচিত নাম।
তেওঁ মোৰ প্ৰিয় ছাত্র সকলৰ অন্যতম ।শিবানন্দ কাকতিয় যদিও চহৰত বসবাস কৰে তথাপিও তেওঁ নিজৰ গাঁৱৰ ঘৰখনত গ্ৰন্থ উন্মোচন কৰিছে। ইয়াৰ দ্বাৰা তেওঁ এটা ইতিবাচক বাৰ্তা দিছে যে, মানুহৰ জীৱন যাত্ৰাৰ যিমানেই উত্তৰণ নহওঁক কিয়, যিমানেই ওখ নহওঁক কিয়, শিপা কেতিয়াও পাহৰি যাব নালাগে।’
সভাখনত আদৰণি ভাষণ প্ৰদান কৰি গল্পকাৰ শিবানন্দ কাকতিয়ে তেওঁৰ পৰিয়ালৰ লোকৰ দ্বাৰা গ্ৰন্থ উন্মোচন কৰাৰ ব্যতিক্ৰমী প্ৰচেষ্টাৰ আঁৰৰ কথা বাখ্যা কৰে। তদুপৰি তেওঁ গ্ৰন্থখনৰ নাম ‘নেতি’ কিয় দিয়া হ’ল এই বিষয়েও অবগত কৰে।
শিক্ষক দীপজ্যোতি দাসে আঁতধৰা এই সভাখনত গল্পকাৰ শিৱানন্দ কাকতিৰ নৱতম উপন্যাস ‘নেতি’ আৰু তেওঁৰ পত্নী তথা অৱসৰপ্ৰাপ্ত অধ্যাপক মুনি কাকতিৰ শেইক্সপীয়েৰৰ অনুবাদ গ্ৰন্থ ‘জুলিয়াছ ছিজাৰ’ উন্মোচন কৰে তেওঁলোকৰ পৰিয়ালৰ সদস্য পৰমানন্দ কাকতি, প্ৰাণকৃষ্ণ কাকতি, প্ৰীতিলতা কাকতি আৰু অলকানন্দ কাকতিয়ে। ভাষণ প্ৰসংগত আটাইকেইজনেই এই ব্যতিক্ৰমী সভাত গ্ৰন্থ উন্মোচন কৰিবলৈ পাই ধন্যবাদ জ্ঞাপন কৰে।
উন্মোচক অলকানন্দ কাকতিয়ে গল্পকাৰ শিবানন্দ কাকতিৰ পত্নী অৱসৰপ্ৰাপ্ত অধ্যাপিকা মুনি কাকতিয়ে বিগত ৩০ বছৰ ধৰি শিবানন্দ কাকতিক অনুলেখক হিচাপে সহায় কৰাৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে।
‘জুলিয়াছ চিজাৰ’ৰ অনুবাদক মুনি কাকতিয়েও নিজৰ অনুভৱ ব্যক্ত কৰে।সভাখনত সমজুৱাৰ হৈ বিশিষ্ট অনুবাদক, সংগীতজ্ঞ কৃষ্ণ দুলাল বৰুৱা, কবি কেশৱ বৰা, সমাজকৰ্মী পুনিৰাম শইকীয়া, নৌচাদ আখতাৰ হাজৰিকা আদিয়েও ভাষণ প্ৰদান কৰে।
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত সাংবাদিক জ্যোতিপ্ৰসাদ বৰা, চন্দনজ্যোতি বৰা, বিৰিঞ্চি কুমাৰ বৰা আদিকে ধৰি অৰ্দ্ধ শতাধিক লোক উপস্থিত থাকে। সভাৰ আৰম্ভণিতে গ্ৰন্থ দুখনৰ লেখক শিবানন্দ কাকতি আৰু মুনি কাকতিৰ পিতৃ-মাতৃ মতিৰাম কাকতি আৰু লক্ষ্মীপ্ৰভা কাকতিৰ লগতে সদ্য প্ৰয়াত জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

