অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

BWF: প্ৰি-কোৱাৰ্টাৰত ভাৰতৰ তিনি কন্যা তনবি, উন্নতি, ৰক্ষিতা

Spread the love

বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টনঃ ডাবলছতো ঘৰুৱা শ্বাটলাৰৰ অগ্ৰগতি

প্ৰি-কোৱাৰ্টাৰত ভাৰতৰ তিনি কন্যা তনবি, উন্নতি, ৰক্ষিতা

DD TIMES গুৱাহাটী, ১৫ অক্টোবৰঃ ভাৰতৰ তিনি মহিলা শ্বাটলাৰ তনবি শৰ্মা, উন্নতি হুদা আৰু ৰক্ষিতা শ্ৰীয়ে চলিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ একক শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷

গুৱাহাটীৰ আমিনগাঁওস্থিত নেশ্যনেল চেণ্টাৰ অৱ এক্সেলেন্সত চলি থকা প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত খেলত বিশ্ব ৰেংকিঙৰ এক নম্বৰ খেলুৱৈ তনবিয়ে ইণ্ডোনেছিয়াৰ অই উইনাৰ্টোক ১৫-১২, ১৫-৭ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে৷

ইফালে, অষ্টম বাচনিৰ উন্নতি হুদাই আমেৰিকাৰ এলিছ ৱাঙক ১৫-৮, ১৫-৫ ৰ ব্যৱধানত পৰাস্ত কৰি অন্তিম ষোল্লত স্থান নিশ্চিত কৰাৰ বিপৰীতে দশম বাচনিৰ ৰক্ষিতা শ্ৰীয়ে প্ৰথমটো ছেটত পৰাস্ত হোৱাৰ পাছতো সফল প্ৰত্যাবৰ্তন কৰি ১১-১৫, ১৫-৫, ১৫-৮ ৰ ব্যৱধানত ছিংগাপুৰৰ আলিয়া জাকাৰিয়াক হৰুৱাই প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰসৰ হয়৷

মহিলাৰ এই সফলতাৰ বিপৰীতে পুৰুষৰ একক শাখাত আজি তৃতীয় ৰাউণ্ডৰ মেচত পৰাজয় স্বীকাৰ কৰি বিদায় লয় দুই ভাৰতীয় শ্বাটলাৰ ৰ’ণক চৌহান আৰু মিজোৰামৰ খেলুৱৈ লালথাজুৱালা হামাৰে৷ ৰ’ণকক চীনৰ লি জি হাঙে ১১-১৫, ১২-১৫ ৰ ব্যৱধানত তথা হামাৰক ইউ এ ইৰ ৰিয়ান মালহানে ১৩-১৫, ৬-১৫ ত পৰাস্ত কৰে৷ অৱশ্যে আন দুই ভাৰতীয়ৰ মাজত হোৱা খেলত টি জি ডাট্টু তালাছিলাই সতীৰ্থ সূৰ্যকাশ ৰাৱটক ১১-১৫, ১৫-৬, ১৫-১১ ৰ ব্যৱধানত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ কৰিবলৈ সক্ষম হয়৷

ইফালে, মিক্সড ডাবলছ শাখাত ভাৰতৰ ভাব্য চহাব্ৰা আৰু বিশাখাই পোনপটিয়া ছেটত ডেনমাৰ্কৰ যুটিক ১৫-১৩, ১৫-১১ ত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে৷ বিপৰীতে আন এখন মিক্সড ডাবলছৰ খেলত লালৰামছাংগা আৰু তাৰিনি শ্বুৰি ১৫-৬, ১৫-১০ ৰ ব্যৱধানত পৰাস্ত হৈ বিদায় লয়৷

ইফালে, মহিলাৰ ডাবলছৰ মেচত ভাৰতীয় যুটি আনিয়া মেচ আৰু এঞ্জল পুনেৰাই তিনিটা ছেটৰ অন্তত ১৬-১৪, ১২-১৫,১৫-৫ ৰ ব্যৱধানত চাইনিছ টাইপেক পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ কৰে৷ এই শাখাৰে আন এখন মেচত ভাৰতৰ ভেনেলা আৰু তেওঁৰ সংগী ৰেছিকাই ১৫-৮, ১৫-১০ ৰ ব্যৱধানত জাপানৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই অন্তিম ষোল্ললৈ উত্তৰণ কৰে৷ নিশালৈ ক’ৰ্টত নামিব ৰাৱট ভগ্নীদ্বয়ে৷ আনহাতে, ষষ্ঠ বাচনিৰ ভাৰ্গব ৰাম আৰু বিশ্ব তেজেও পুৰুষৰ ডাবলছৰ তৃতীয় ৰাউণ্ডৰ মেচ খেলিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!