অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

CHUTIA COMMUNITY: চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ বিভিন্ন চুতীয়া জাতীয় সংগঠনৰ

Spread the love

চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ বিভিন্ন চুতীয়া জাতীয় সংগঠনৰঃ ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনেও প্ৰেৰণ কৰিলে ১০ দফীয়া স্মাৰকপত্ৰ

DD TIMES ঢকুৱাখনা, ১৫ অক্টোবৰঃ অসমৰ অন্যতম আদিম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক জনজাতি কৰণৰ দাবীত সদৌ চুতীয়া জাতি সন্মিলন অসমৰ আহ্বান মৰ্মে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা চুতীয়া জনগোষ্ঠীৰ জাতীয় সংগঠনবোৰে মুখ্যমন্ত্ৰীলৈ এখনিকৈ দহ দফীয়া স্মাৰক পত্ৰ প্ৰদান কৰে।

উল্লেখ্য, চুতীয়া জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিৰ স্বীকৃতি দিয়া,১৯৭৯ চনৰ পৰা চুতীয়াসকলে জনজাতিৰ স্বীকৃতিৰ বাবে কৰি অহা নিৰবিচ্ছিন্ন সংগ্রামক মাননীয় মখ্যমন্ত্রী মহোদয়ৰ নেতৃত্বাধীন প্রগতিশীল চৰকাৰখনে ন্যার্যতা প্রদান,১৯৬৫ চনৰ লুকাৰ কমিটিয়ে জনজাতীয় মর্যাদাৰ বাবে নিৰ্দ্ধাৰণ কৰা পাঁচটা বৈশিষ্ট্যৰ লক্ষণসমূহ যদি স্বীকৃতিপ্রাপ্ত বৰ্তমানৰ জনজাতিসকলৰ সম্পূৰ্ণকৈ আছে, তেন্তে চুতীয়াসকলৰো সেইসমূহ বৈশিষ্ট্য আছে।

গতিকে চুতীয়াসকলক জনজাতীয় মর্যাদা,২০১৪ চনত ঋষিকেশ পাণ্ডা নেতৃত্বাধীন টাক্স ফৰ্চে ভাৰতৰ নতুনকৈ জনজাতীয় স্বীকৃতিৰ বাবে ১৯৬৫ চনত গঠিত লুকাৰ কমিটিয়ে ধাৰ্য কৰা জনজাতীয় বৈশিষ্ট্যসমূহ আওপুৰণি আখ্যা দি আদিম চৰিত্ৰ, ভৌগোলিক বিচ্ছিন্নতা আৰু লাজকুৰীয়া স্বভাৱ এই তিনিটা বৈশিষ্ট্য বিলুপ্তি কৰি দিলে।

কেৱল সাংস্কৃতিক বৈশিষ্ট্য আৰু পিছপৰা অৱস্থাৰ ভিত্তিত জনজাতীয় স্বীকৃতি প্রদানৰ ব্যৱস্থা কৰিলে। গতিকে নিজা সাংস্কৃতিক পৰিচয় থকা আৰু আর্থসামাজিক শৈক্ষিকভাবে অতিকে পিছপৰা চুতীয়াসকলক জনজাতীয় স্বীকৃতি।

যদি ট্রাইবেল সংঘৰ অনুমোদন সাপেক্ষে অসমত জনজাতীয় মর্যাদা প্রদানৰ ব্যৱস্থা আছে তেন্তে ১৯৮২ চনতে সদৌ অসম ট্রাইবেল সংঘৰ স্বৰ্গীয় বৰ্গৰাম দেউৰী নেতৃত্বাধীন কমিটিয়ে চুতীয়াক জনজাতিকৰণৰ ক্ষেত্ৰত আপত্তিবিহীন প্রমাণ পত্র দি থৈছে। (প্রতিলিপি লগত দিয়া হৈছে), যদি জনসংখ্যাৰ আধাৰত জনজাতীয় মর্যাদা দিয়াৰ ব্যৱস্থা আছে তেনেহ’লে অসম চৰকাৰৰ তথ্যমতে চুতীয়াৰ জনসংখ্যা অসমৰ মুঠ জনসংখ্যাৰ মাত্র ১.৫% অর্থাৎ চুতীয়া জনসংখ্যা কেবল ৫,৫০০০০ (পাঁচ লাখ পঞ্চাশ হাজাৰ)।

গতিকে কম জনসংখ্যা থকা চুতীয়া জনগোষ্ঠীক জনজাতীয় মর্যাদা প্রদান কৰা,বর্তমানলৈকে এজনো I.A.S., I.P.S., প্রথম শ্রেণীৰ A.C.S. নথকা অতি ভিতৰুৱা নদীপৰীয়া অঞ্চলত বাস কৰা, উচ্চ শিক্ষাৰ বাবে অ-প্রাদেশীকত শিক্ষানুষ্ঠানহে থকা আৰু ভাল যাতায়াত যোগাযোগৰ ব্যবস্থা নথকা তথা ৮০% দৰিদ্ৰ সীমাৰেখাৰ লগত থকা চুতীয়া জনগোষ্ঠীতকৈ আৰু অসমত পিছপৰা জনগোষ্ঠী নাই।

গতিকে চুতীয়া সকলক শীঘ্রে জনজাতীয় মর্যাদা প্রদান কৰক।,”কাৰোবাক সুবিধা দিলে কোনোবা বঞ্চিত হ’ব” এই ৰাজনীতিৰ মেৰপেচত পৰি স্বাধীনতাৰ পিছৰেপৰা বর্তমানলৈকে চুতীয়াসকলে ৰাজনৈতিক, সামাজিক, অর্থনৈতিক, শৈক্ষিক আদি সকলো দিশতে বঞ্চিত হৈ থাকিল।

চুতীয়াও এইখন স্বাধীন দেশৰে যদি নাগৰিক, গতিকে চুতীয়াৰ ক্ষেত্ৰত সদায়ে এনে বঞ্চনা নকৰি জনজাতীয় স্বীকৃতি,ভাৰতৰ সংবিধানত Re-Tribalisation (জনজাতীয় মর্যাদা) আৰু De-Tribalisation (জনজাতীয় মৰ্যাদা ৰদ কৰা) দুয়োটা ব্যৱস্থাই আছে।

জনজাতিৰ সুবিধা ভোগ কৰি উন্নতিৰ শিখৰত উপনীত হোৱা তথাকথিত জনজাতি কেতবোৰক De-Tribalisation কৰি হ’লেও সংবিধানৰ এই ধাৰাৰ ভিত্তিতেই চুতীয়াক জনজাতীয় স্বীকৃতি প্রদান,আৰু চুতীয়া জনগোষ্ঠীৰ সামগ্রিক উন্নয়নৰ বাবে চুতীয়াক স্বায়ত্ত শাসন প্রদান কৰা আদি মুঠ দহটা দাবী সম্বলিত এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে কাৰ্যবাহী দণ্ডাধীশ ৰাহুল প্ৰসেনজিৎ গগৈৰ জড়িয়তে।

সদৌ অসম চুতীয়া জাতি সন্মিলনৰ এই আহ্বানৰ প্ৰতি সহাৰি জনাই ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ লগতে আটাইকেইটা জাতীয় সংগঠনে ঢকুৱাখনা সমজিলা আয়ুক্তৰ কাৰ্যালয়ত গৈ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কাৰ্যসূচীত উপস্থিত থাকে সদৌ চুতীয়া জাতি সন্মিলন অসমৰ উপদেষ্টা তুলসী প্ৰসাদ শইকীয়া, ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি দিব্য খনিকৰ,উপ-সভাপতি তিলেন বৰুৱা,সাধাৰণ সম্পাদক গৌৰৱ বৰুৱা,জিলা যুৱ সন্মিলনৰ সভাপতি পুলিন চুতীয়া,শিক্ষা আৰু সাহিত্য সম্পাদক-ৰাজীৱ বৰুৱাৰ লগতে বহুকেইগৰাকী জিলা আৰু আঞ্চলিক সমিতিৰ বিষয়-ববীয়া।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!