INLAND WATER: ভাৰতৰ ভৱিষ্যতৰ সেতুবন্ধনঃ জলপথৰ সৈতে বহুমুখী সংযোগৰ ত্বৰান্বিতকৰণ
ভাৰতৰ ভৱিষ্যতৰ সেতুবন্ধনঃ জলপথৰ সৈতে বহুমুখী সংযোগৰ ত্বৰান্বিতকৰণ
DD TIMESত লিখিছে সুনীল কুমাৰ সিঙে

কেইবা দশক ধৰি ভাৰতৰ নদীসমূহ বেপাৰ-বাণিজ্যৰ সাক্ষী হৈ আহিছে, ই সভ্যতা-সংস্কৃতিৰ জাগৰণৰ প্ৰতীক আৰু নদীসমূহে সম্প্ৰদায়সমূহক সংযোগ কৰি আহিছে। কিন্তু আধুনিক পৰিবহণ ব্যৱস্থাৰ বিকাশৰ লগে লগে জলপথসমূহ ক্ৰমান্বয়ে নীতি আৰু পৰিকল্পনাৰ পৰা আঁতৰি গৈছিল। ২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত এই প্ৰতিচ্ছবি সম্পূৰ্ণৰূপে সলনি হৈছে।
চৰকাৰে সমন্বিত সৰবৰাহত যথেষ্ট গুৰুত্ব দিছে —প্ৰধানমন্ত্ৰী গতিশক্তি, সাগৰমালা, মেৰিটাইম ইণ্ডিয়া ভিছন ২০৩০ আৰু ৰাষ্ট্ৰীয় লজিটিক্স নীতিয়ে ভাৰতৰ পৰিবহণৰ ভৱিষ্যতৰ বাবে এক নতুন দিগন্তৰ সূচনা কৰিছে। উদ্দেশ্য কেৱল পণ্য পৰিবহণ কৰাই নহয়, বৰং সেই পণ্যসমূহক এক সুসংগঠিত নেটৱৰ্কৰ জৰিয়তে পথ, ৰে’ল, বিমান, আৰু জলপথৰ মাধ্যমেৰে দক্ষতাৰে, স্বচ্ছভাৱে আৰু পৰিৱেশ-অনুকূলভাৱে পৰিবহণ কৰা। এই নীতিয়ে ডিজিটেল সমন্বয়, পৰিকাঠামো উন্নয়ন আদিত গুৰুত্ব দিছে, যাতে এক সুসংহত আৰু দক্ষ সৰবৰাহ ব্যৱস্থা গঢ় লৈ উঠে।
২০১৪ চনত আৰম্ভ কৰা প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনে ১৬টা মন্ত্ৰণালয়ক একক ডিজিটেল প্লেটফৰ্মত সংযোগ কৰি এক নতুন পথ প্ৰদৰ্শন কৰিছে। ই প্ৰকল্প পৰিকল্পনাৰ সমন্বয়, ৰিয়েল-টাইম তথ্যৰ ভাগ-বতৰা আৰু ভূ-স্থানিক ট্ৰেকিঙৰ সুবিধা প্ৰদান কৰে— যি পূৰ্বৰ খণ্ডিত পৰিকাঠামো উন্নয়নৰ পৰা এক আমূল পৰিৱৰ্তনৰ নিদৰ্শন। ইয়াৰ ফলত পৰিকল্পনা অধিক সুনিৰ্দিষ্ট, কাৰ্যকাৰিতা দ্ৰুত আৰু ৰাজহুৱা বিনিয়োগৰ পৰা অধিক লাভালাভ পোৱাটো সম্ভৱপৰ হৈছে।
২০২২ চনত আৰম্ভ কৰা ৰাষ্ট্ৰীয় লজিটিক্স নীতিয়ে সৰবৰাহৰ খৰচ বৰ্তমানৰ জিডিপিৰ ১৩–১৪ শতাংশৰ পৰা ২০৩০ চনৰ ভিতৰত প্ৰায় ৮ শতাংশলৈ হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইয়াৰ ফলত ভাৰতে বিশ্বৰ শ্ৰেষ্ঠ জল পৰিবহণ পদ্ধতিৰ সৈতে সংগতি ৰাখিব আৰু লজিষ্টিক পাৰফৰ্মেন্স ইণ্ডেক্সৰ ৰেংকিঙত উল্লেখযোগ্য উন্নতি সাধন কৰিব। এই নীতিয়ে অভ্যন্তৰীণ জল পৰিবহণ (IWT)ক ৰাষ্ট্ৰীয় সৰবৰাহ গ্ৰীডৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে স্বীকৃতি দিয়ে— যি হৈছে এক স্বচ্ছ, সস্তা আৰু অধিক পৰিৱেশ-অনুকূল বিকল্প।
বাৰাণসী, সাহিবগঞ্জ, হলদিয়া আৰু কালুঘাটঃ সংযোগৰ নিদৰ্শন
ভাৰতৰ সমন্বিত সৰবৰাহ পদ্ধতিৰ সফলতা অভ্যন্তৰীণ জল পৰিবহণতকৈ আন কোনো খণ্ডত অধিক প্ৰতিফলিত হোৱা নাই। ২০১৬ চনৰ পৰা ৰাষ্ট্ৰীয় জলপথৰ সংখ্যা ৫টাৰ পৰা ১১১টালৈ বৃদ্ধি পাইছে, যিয়ে অভ্যন্তৰীণ জাহাজ পৰিচালনাৰ এক নতুন যুগৰ সূচনা কৰিছে। এই জলপথসমূহত পণ্যৰ পৰিবহণ ২০১৩–১৪ চনত ১৮.১ মিলিয়ন মেট্ৰিক টন (MMT)ৰ পৰা ২০২৪–২৫ চনত প্ৰায় ১৪৫.৮৪ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি পাইছে—যি হৈছে প্ৰায় আঠগুণ বৃদ্ধি।
জল মাৰ্গ বিকাশ প্ৰকল্প (JMVP)ৰ অধীনত ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে (IWAI) এই সুযোগ-সম্ভাৱনাসমূহ মুকলি কৰিবলৈ বিশ্বমানৰ আন্তঃগাঁথনি নিৰ্মাণ কৰি আছে। বাৰাণসী, সাহিবগঞ্জ, আৰু হলদিয়াত বহুমুখী টাৰ্মিনেল (MMT) আৰু কালুঘাটত এটা অভ্যন্তৰীণ টাৰ্মিনেল এতিয়া কাৰ্যকৰী হৈছে। এই সকলো গংগা-ভাগীৰথী-হুগলী নদী ব্যৱস্থাৰ ৰাষ্ট্ৰীয় জলপথ–১ৰ ওপৰত কৌশলগতভাৱে অৱস্থিত। প্ৰতিটো টাৰ্মিনেলে জল পৰিবহণ, স্থল পৰিবহণ আৰু ৰে’ল পৰিবহণৰ সংযোগস্থল হিচাপে কাম কৰে।
বাৰাণসীৰ ৭০ একৰ পৰিসীমাত বিস্তৃত ফ্ৰেইট ভিলেজ ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে ৰাষ্ট্ৰীয় ঘাইপথ সৰবৰাহ ব্যৱস্থাপনা লিমিটেড (NHLML)ৰ সহযোগত বিকশিত কৰি আছে। কণ্টেইনাৰ ইয়াৰ্ড, ট্ৰাক টাৰ্মিনেল আৰু শীতল সংৰক্ষণ সুবিধাৰ সৈতে ই শীঘ্ৰেই পূব আৰু উত্তৰ ভাৰতৰ বাবে এক প্ৰধান সৰবৰাহ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব। আনহাতে, সাহিবগঞ্জৰ ১২০ একৰত বিস্তৃত হৈ আছে এটা শিল্প ক্লাষ্টাৰ তথা লজিষ্টিক পাৰ্ক (ICLP), যিয়ে ঝাৰখণ্ড, বিহাৰ, আৰু পশ্চিম বংগক বৃহত্তৰ বাণিজ্যিক নেটৱৰ্কৰ সৈতে সংযোগ কৰাৰ এক গুৰুত্বপূৰ্ণ প্ৰাণকেন্দ্ৰ হিচাপে কাম কৰে।
কমিউনিটী জেটীঃ তৃণমূল স্তৰত সৰবৰাহ
সংযোগ কেৱল বৃহৎ টাৰ্মিনেল আৰু ক্ৰেইনৰ সন্দৰ্ভতে নহয়; ই হৈছে প্ৰৱেশাধিকাৰৰ বিষয়েও। গংগাৰ সমীপত কমিউনিটী জেটী নিৰ্মাণৰ বাবে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে লোৱা পদক্ষেপে গ্ৰাম্য ভাৰতলৈ এই প্ৰৱেশাধিকাৰ আনিছে। জল মাৰ্গ বিকাশ প্ৰকল্পৰ অধীনত পৰিকল্পিত ৬০টা জেটীৰ ভিতৰত ৫৩টা ইতিমধ্যে বিহাৰ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, আৰু পশ্চিম বংগত কাৰ্যকৰী কৰা হৈছে।
এই জেটীসমূহে স্থানীয় অৰ্থনীতিক শক্তিশালী কৰি তুলিছে— কৃষক, কাৰিকৰ, আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক মধ্যভোগী অবিহনে সা-সামগ্ৰী প্ৰত্যক্ষভাৱে বজাৰলৈ পৰিবহণ কৰাৰ সুবিধা প্ৰদান কৰিছে। ২০২৫ চনৰ শেষলৈ ৬০টা জেটী সম্পূৰ্ণ হ’লে এই নেটৱৰ্কে অন্তৰ্ভুক্তিমূলক বৃদ্ধিৰ প্ৰতীক হিচাপে থিয় দিব, জীৱিকাৰ সৈতে সৰবৰাহৰ সংযোগ স্থাপন কৰি নদীসমূহক পুনৰ জীৱনৰেখা হিচাপে পৰিণত কৰিব।
ভাৰতৰ সামুদ্ৰিক মেৰুদণ্ড গঢ়ি তোলা
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশনাত মন্ত্ৰণালয়ে এক সুস্পষ্ট আৰু সমন্বিত দৃষ্টিভংগী গ্ৰহণ কৰিছে: এক আত্মনিৰ্ভৰ সামুদ্ৰিক পৰিৱেশতন্ত্ৰ গঢ়ি তোলা। ইয়াৰ ফলত বন্দৰৰ পৰিকাঠামোৰ বাহিৰলৈও বিস্তৃত হৈ জাহাজ মেৰামতি, ৰক্ষণাবেক্ষণ, আৰু পৰিচালনাৰ দক্ষতাত গুৰুত্ব দিয়া হৈছে।
৷
এই দিশত এক উল্লেখযোগ্য পদক্ষেপ হৈছে বাৰাণসী, পাটনা আৰু পাণ্ডুত জাহাজ মেৰামতি সুবিধা স্থাপন— যি ৰাষ্ট্ৰীয় জলপথ-১ অৰ্থাৎ গংগা আৰু ৰাষ্ট্ৰীয় জলপথ-২ অৰ্থাৎ মহাবাহু ব্ৰহ্মপুত্ৰৰ কৌশলগত স্থানত অৱস্থিত। পাটনা আৰু বাৰাণসীত কৰি থকা এই সুবিধাই গংগাৰে চলা জাহাজসমূহৰ ডাউনটাইম হ্ৰাস কৰিব আৰু সামুদ্ৰিক অভিযান্ত্ৰিক আৰু মেৰামতি সেৱাত আঞ্চলিক নিয়োগৰ সুযোগ বৃদ্ধি কৰিব। অসমৰ পাণ্ডুত উপলভ্য হ’বলগীয়া এই আগন্তুক সুবিধাই ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ বাবে একেদৰে কাম কৰিব, ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা বাংলাদেশলৈ যোৱা জাহাজসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ সংযোগ হিচাপে কাম কৰিব। এই প্ৰকল্পসমূহে অভ্যন্তৰীণ জাহাজৰ পৰিবহণ অধিক সুচল কৰিব, আঞ্চলিক বাণিজ্যৰ প্ৰসাৰ ঘটাব আৰু দক্ষিণ এছিয়াত ভাৰতক এক নিৰ্ভৰযোগ্য সামুদ্ৰিক প্ৰাণকেন্দ্ৰ হিচাপে স্থান দিব।
অৰ্থনৈতিক আৰু পৰিৱেশগত লাভালাভ
মাল্টি-ম’ডেল সমন্বয়ৰ অৰ্থনৈতিক যুক্তি অতি আকৰ্ষণীয়। জলপথেৰে পণ্য পৰিবহণৰ খৰচ ৰে’লৰ তুলনাত প্ৰায় এক-তৃতীয়াংশ আৰু স্থলপথৰ তুলনাত এক-পঞ্চমাংশ। প্ৰতি টন পণ্য পথৰ পৰা নদীলৈ স্থানান্তৰিত কৰিলে কাৰ্বন নিৰ্গমন প্ৰায় ৭৫ শতাংশ আৰু ইন্ধন খৰচ ৮০ শতাংশ হ্ৰাস পায়।
২০৭০ চনৰ ভিতৰত নেট-জিৰ’ নিৰ্গমনৰ লক্ষ্যৰ দিশত ভাৰতে ক্ষিপ্ৰতাৰে অগ্ৰসৰ হোৱাৰ লগে লগে জলপথে চলাচলৰ ক্ষেত্ৰত কাৰ্বনমুক্তকৰণৰ এক দক্ষ পথ প্ৰদৰ্শন কৰে। অভ্যন্তৰীণ জল পৰিবহণৰ দিশত ম’ডেল পৰিৱৰ্তনে ভাৰতক বৈদেশিক মুদ্ৰা সঞ্চয়, যান-জঁট হ্ৰাস আৰু ঘন পৰিবহণ কৰিডৰত বায়ুৰ গুণাগুণ উন্নত কৰাত সহায় কৰিব। ই লজিষ্টিকৰ খৰচ হ্ৰাস কৰি ৰপ্তানিৰ প্ৰতিযোগিতাও বৃদ্ধি কৰিব।
তথ্য আৰু প্ৰযুক্তিঃ পৰৱৰ্তী সীমা
প্ৰযুক্তিয়ে অভ্যন্তৰীণ জল পৰিবহণৰ পৰৱৰ্তী ৰূপান্তৰকৰণৰ পথ প্ৰশস্ত কৰিছে। ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে নদী তথ্য ব্যৱস্থা (RIS), ডিজিটেল নেভিগেচন চাৰ্ট আৰু পণ্য ট্ৰেকিং সঁজুলি মোতায়েন কৰি সুৰক্ষা আৰু স্বচ্ছতা বৃদ্ধি কৰিছে।
তদুপৰি, গতিশক্তি প্লেটফৰ্মে উপগ্ৰহ চিত্ৰ আৰু ৰিয়েল-টাইম প্ৰকল্প তথ্যৰ সমন্বয় সাধন কৰে, যাৰ ফলত পৰিকল্পনাকাৰীসকলে বাধাসমূহ চিনাক্ত কৰিব পাৰে, পণ্যৰ প্ৰবাহ অনুকূল কৰিব পাৰে আৰু আন্তঃগাঁথনিগত বিনিয়োগক অগ্ৰাধিকাৰ দিব পাৰে। প্ৰযুক্তি আৰু পৰিবহণৰ এই সংযোগে ভাৰতক পৰম্পৰাগত অদক্ষতাসমূহ অতিক্ৰম কৰি এক স্মাৰ্ট, তথ্য-চালিত সৰবৰাহ পৰিৱেশতন্ত্ৰ গঢ়ি তুলিবলৈ সুসজ্জিত কৰিছে।
এই ৰূপান্তৰৰ মূলতে কেৱল বাণিজ্য বা প্ৰযুক্তিয়ে নহয়; ই হৈছে মানুহৰ চিন্তাধাৰাৰ বহিঃপ্ৰকাশ। যেতিয়া বালিয়াৰ এজন কৃষকে গংগাৰ জৰিয়তে তেওঁৰ উৎপাদিত সামগ্ৰী কলকাতালৈ পঠিয়াব পাৰে বা গুৱাহাটীৰ এজন উৎপাদকে ব্ৰহ্মপুত্ৰৰ জৰিয়তে বিশ্ব বজাৰত তেওঁৰ সামগ্ৰী উপনীত কৰাব পাৰে, তেতিয়াহে সংযোগৰ প্ৰকৃত সুবিধা স্পষ্ট হৈ পৰে। মাল্টি-ম’ডেল সমন্বয়ে ড্ৰেজিং, জাহাজ মেৰামতি, সৰবৰাহ ব্যৱস্থাপনা আৰু বন্দৰ পৰিচালনাত অধিক নিয়োগৰ সুযোগ সৃষ্টি কৰে, লগতে ঔদ্যোগিক আৰু গ্ৰাম্য অৰ্থনীতিৰ বৃদ্ধিৰ প্ৰসাৰ ঘটায়। ই ভূমিবদ্ধ অঞ্চলসমূহক ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী সৰবৰাহ শৃংখলৰ সৈতে সংযোগ কৰি আঞ্চলিক বৈষম্য দূৰ কৰাতো সহায় কৰে।
ভৱিষ্যতৰ পথ প্ৰশস্ত কৰা
পৰৱৰ্তী উদ্দেশ্য হৈছে বন্দৰ, ঔদ্যোগিক কৰিডৰ আৰু পিছফালৰ পৰিবহণৰ মাজৰ আন্তঃসংযোগ শক্তিশালী কৰা। ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ ৰোডমেপৰ অধীনত বহুমুখী টাৰ্মিনেলৰ নেটৱৰ্ক সম্প্ৰসাৰণ, জাহাজ পৰিচালনাৰ আধুনিকীকৰণ, আৰু ঔদ্যোগিক ক্লাষ্টাৰলৈ প্ৰথম আৰু শেষ মাইলৰ সংযোগ উন্নত কৰাৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপ অন্তৰ্ভুক্ত। চৰকাৰী সংস্থা, ব্যক্তিগত সংস্থা আৰু স্থানীয় সম্প্ৰদায়ৰ মাজত অংশীদাৰিত্ব বৃদ্ধিতো গুৰুত্ব অৰ্পণ কৰা হ’ব যাতে অৰ্থনৈতিক বৃদ্ধি আৰু উদ্ভাৱন অব্যাহত থাকে। অধিক জাহাজ মেৰামতি কেন্দ্ৰ, ফ্ৰেইট ভিলেজ আৰু লজিষ্টিক পাৰ্ক কাৰ্যকৰী হোৱাৰ লগে লগে অভ্যন্তৰীণ জল পৰিবহণ খণ্ডই ভাৰতৰ সেউজ লজিটিক্স ৰূপান্তৰৰ এক অগ্ৰণী মাধ্যম হিচাপে আত্মপ্ৰকাশ কৰিব।
ভাৰতৰ অভ্যন্তৰীণ জলপথসমূহ এতিয়া পৰিবহণৰ ইতিহাসৰ পাহৰণিৰ অধ্যায় নহয়। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ কৰ্মকুশলতাৰ ফলশ্ৰুতিত ই দ্ৰুতগতিত ৰূপান্তৰিত হৈ পৰিছে— সন্তুলন, দক্ষতা, আৰু স্থিৰতাৰ নতুন কাহিনী ৰচিছে। পৰিকাঠামো, নীতি, আৰু উদ্ভাৱনৰ এক শক্তিশালী ভেটিৰ সৈতে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে নিশ্চিত কৰিছে যে প্ৰতিখন নদী, প্ৰতিটো টাৰ্মিনেল আৰু প্ৰতিখন বাৰ্জে ৰাষ্ট্ৰৰ অৰ্থনৈতিক বৃদ্ধিত অৰিহণা যোগায়।
যেতিয়া কণ্টেইনাৰসমূহ বাৰ্জৰ পৰা ৰে’ল আৰু স্থলপথলৈ একক সুসংগঠিত গতিবিধিৰে স্থানান্তৰিত হয়, তেতিয়া আমি এক গতিশীল ৰূপান্তৰৰ সাক্ষী হ’ব পাৰোঁ। ভাৰতে কেৱল বন্দৰসমূহক বজাৰৰ সৈতে সংযোগ কৰাই নাই; ই মানুহক সম্ভাৱনাৰ সৈতে আৰু জলপথসমূহক ২০৪৭ চনৰ ভিতৰত ৰূপায়িত হ’বলগীয়া বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংযোগ কৰিছে।
ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ অহা ২৭ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ নিৰ্ধাৰণ কৰা হৈছে, যিয়ে সামুদ্ৰিক আৰু অভ্যন্তৰীণ জলপথ খণ্ডৰ মুখ্য অংশীদাৰসকলক একত্ৰিত কৰিব আৰু ভাৰতৰ সামুদ্ৰিক পৰিৱেশতন্ত্ৰৰ ক্ৰমবৰ্ধমান শক্তি আৰু সুযোগ-সম্ভাৱনা প্ৰদৰ্শন কৰিব।
লিখকঃ Sunil Kumar Singh
Chairman (I/C)
Inland Waterways Authority of India (IWAI)
