অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

NFR: উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা সাংসদসকলৰ সৈতে পৰ্যালোচনা বৈঠক

Spread the love

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা সাংসদসকলৰ সৈতে পৰ্যালোচনা বৈঠকৰ আয়োজনঃ ৰঙিয়া আৰু লামডিং মণ্ডলৰ ৰে’লৱে আন্তঃগাঁথনিৰ অগ্ৰগতিৰ পৰ্যালোচনা

DD TIMES মালিগাঁও, ১৪ অক্টোবৰ, ২০২৫ঃ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে ১৪ অক্টোবৰ, ২০২৫ তাৰিখে ৰঙিয়া আৰু লামডিং মণ্ডলৰ দ্বাৰা সেৱা আগবঢ়োৱা সংসদীয় সমষ্টিৰ সাংসদ সকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰে।

এই বৈঠকখনত মুঠ এঘাৰজন সাংসদ উপস্থিত আছিল, য’ত আছিল অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতা; লোকসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা (কাজিৰঙা), কৃপানাথ মাল্লাহ (কৰিমগঞ্জ), ফণী ভূষণ চৌধুৰী (বৰপেটা), ৰঞ্জিত দত্ত (শোণিতপুৰ), পৰিমল শুক্লবৈদ্য (শিলচৰ), এছ. ছুপংমেৰেন জামিৰ (নাগালেণ্ড), অমৰসিং তিছো (ডিফু), আলফ্ৰেড কানগাম এছ আৰ্থাৰ (আউটাৰ মণিপুৰ), বিজুলী কলিতা মেধি (গুৱাহাটী) আৰু ছালেং এ চাংমা (তুৰা)।

ৰঙিয়াৰ মাণ্ডলিক ৰে’লৱে প্ৰৱন্ধক অনন্ত সদাশিৱ আৰু লামডিঙৰ মাণ্ডলিক ৰে’লৱে প্ৰবন্ধক সমীৰ লোহানীৰ লগতে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াবৰ্গও এই বৈঠকত উপস্থিত আছিল। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ উপ-মহাপ্ৰৱন্ধক (জি) অনুৰাগ আগৰৱালে এই বৈঠকখনৰ সমন্বয়ক হিচাপে আছিল।

বৈঠকখনৰ উদ্দেশ্য আছিল সাংসদসকলক উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ উন্নয়নমূলক কামৰ বিষয়ে অৱগত কৰা তথা উন্নত সেৱা প্ৰদানৰ বাবে জনপ্ৰতিনিধিসকলৰ পৰা গঠনমূলক মতামত গ্ৰহণ কৰা।


সাংসদসকলক আদৰণি জনাই মহাপ্ৰৱন্ধকে এই সংমণ্ডলত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সফলতাসমূহ আৰু চলিত পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰে। তেওঁ অৱগত কৰে যে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ বৰ্তমানে মুঠ ৭,৩৬২ ট্ৰেক কিলোমিটাৰ (টিকেএম) ৰে’লৱে নেটৱৰ্ক আছে আৰু এই নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে কেইবাটাও নতুন ৰে’লপথ প্ৰকল্পৰ কাম চলি আছে।

মহাপ্ৰৱন্ধকে লগতে উল্লেখ কৰে যে উত্তৰ-পূব সীমান্ত ৰে’লৱে ১০০% ৰে’লৱে বৈদ্যুতিকৰণৰ দিশত উল্লেখযোগ্য প্ৰগতি লাভ কৰিছে। ইতিমধ্যে নেটৱৰ্কৰ ৯০%তকৈ অধিক বৈদ্যুতিকৰণ কৰা হৈছে আৰু ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ আৰু নাহৰলগুন – নতুন দিল্লী এক্সপ্ৰেছৰ দৰে প্ৰতিষ্ঠিত ৰেল এতিয়া সম্পূৰ্ণৰূপে এণ্ড টু এণ্ড বৈদ্যুৎতিক ট্ৰেকচনৰ দ্বাৰা চলি আছে।

তেওঁ আৰু জানিবলৈ দিয়ে যে নিউ বঙাইগাঁও-আগিয়াঠুৰি, নিউ বঙাইগাঁও – আজাৰা আৰু গুৱাহাটী – লামডিংৰ দৰে মুখ্য খণ্ডসমূহত দ্বৈত ৰেলপথৰ কাম সম্পূৰ্ণ হৈছে, আনহাতে নিউ তিনিচুকীয়া পৰ্যন্ত দ্বৈত ৰেলপথৰ বাবে ইতিমধ্যে অনুমোদন প্ৰদান কৰা হৈছে।

,

ইয়াৰ উপৰি, বিদ্যমান শৰাইঘাট সেতুৰ সমীপত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন নতুন সেঁতু আৰু কামাখ্যাৰ পৰা গুৱাহাটীৰ মাজত তৃতীয়টো ৰেল পথৰ নিৰ্মাণৰ বাবে অনুমোদন প্ৰদান কৰা হৈছে।


মহাপ্ৰৱন্ধকে গুৰুত্ব সহকাৰে কয় যে উত্তৰ-পূব সীমান্ত ৰেলৱে দেশৰ অন্যতম এক জটিল ৰেলৱে নেটৱৰ্ক পৰিচালন কৰে, যি পাহাৰীয় ভূখণ্ডৰ মাজেৰে পাৰ হৈ গৈছে, য’ত ভাৰতীয় ৰেলৱেৰ ভিতৰত সৰ্বাধিক সংখ্যক সুৰঙ্গ, সেঁতু আৰু দীৰ্ঘতম হস্তী কৰিডৰ আছে।

শেহতীয়া সফলতাসমূহৰ কথা উল্লেখ কৰি তেওঁ কয় যে মিজোৰামৰ ৰাজধানী আইজলক পোন প্ৰথমবাৰৰ বাবে ৰেলৱে নেটৱৰ্কৰ সৈতে সংযোগ কৰা হৈছে আৰু নাগালেণ্ডৰ মলভমৰ পৰা মালবাহী ৰেলৰ পৰিচালন আৰম্ভ হৈছে। তেওঁ আৰু কয় যে উত্তৰ-পূব সীমান্ত ৰেলৱে আন্তঃগাঁথনিৰ সুৰক্ষা, যাত্ৰীৰ সুবিধা আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে আধুনিক এআই-ভিত্তিক প্ৰযুক্তি গ্ৰহণ কৰিছে।

তেওঁ লগতে জানিবলৈ দিয়ে যে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত সমগ্ৰ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অন্তৰ্গত ৯২টা ষ্টেচনত উন্নয়নৰ কাম কাজ চলি আছে, য’ত উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৬০টা ষ্টেচন অন্তৰ্ভুক্ত আছে। উল্লেখযোগ্য যে মাননীয় প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা অসমৰ হয়বৰগাঁও ষ্টেচনটো উত্তৰ-পূৰ্ব্বাঞ্চলৰ প্ৰথমটো অমৃত ষ্টেচন হিচাপে পৰিগণিত হৈছে।


মাননীয় সাংসদসকলে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে ফলপ্ৰসূ আলোচনাত অংশগ্ৰহণ কৰে। সাংসদসকলে ৰেলৱে সংযোগৰ সম্প্ৰসাৰণ আৰু উন্নয়ন, ষ্টেচনৰ আধুনিকীকৰণ আৰু ঐতিহ্যবাহী ৰেলৱে সম্পদৰ সংৰক্ষণৰ বিষয়ে মূল্যৱান পৰামৰ্শ আগবঢ়ায়।

সাংসদসকলে এই বৈঠক আহ্বান কৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিষয়াবৰ্গক ধন্যবাদ জ্ঞাপন কৰে। মহাপ্ৰৱন্ধকে তেওঁলোকৰ পৰামৰ্শসমূহৰ প্ৰশংসা কৰি সম্ভৱপৰ সেইসমূহ ৰূপায়ণ কৰাৰ বাবে আশ্বাস প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!