Assam Veterinary and Fishery University: অসম পশুচিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য নিযুক্তি
অসম পশুচিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য নিযুক্তিঃ ৰাজ্যপালে শপতবাক্য পাঠ কৰোৱালে নৱনিযুক্ত উপাচাৰ্য ড° নিৰঞ্জন কলিতাক
DD TIMES গুৱাহাটী, ১৪ আক্টোবৰঃ অসমৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ পশুচিকিৎসা আৰু মীন খণ্ডৰ অধিক উত্তৰণৰ লগতে উন্নয়নমুখী গৱেষণা, পৰিষৰ বৃদ্ধি তথা ঔদ্যোগিক বিকাশৰ বাবে ৰাজ্য চৰকাৰে স্বতন্ত্ৰভাৱে স্থাপন কৰা অসম পশুচিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্যক সোমবাৰে আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হয়।

ৰাজভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নৱনিযুক্ত উপাচাৰ্য ড° নিৰঞ্জন কলিতাক নিযুক্তি পত্ৰ প্ৰদান কৰাৰ লগতে শপতবাক্য পাঠ কৰোৱায়।
অনুষ্ঠানত ৰাজ্য চৰকাৰৰ পশুপালন আৰু মীন বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল, মীন বিভাগৰ অধ্যক্ষা সুশীলা হাজৰিকা, অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটা, ৰাজ্যপালৰ বিশেষ সচিব মীনাক্ষী সুন্দৰম, অসম পশুপালন আৰু পশুচিকিৎসা বিভাগৰ আয়ুক্ত সচিব এমএছ মনিভান্নন, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুৎ চন্দন ডেকাৰ লগতে পশুপালন আৰু পশুচিকিৎসা বিভাগ, মীন বিভাগ, পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয় আৰু মীন মহাবিদ্যালয়ৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে।

