অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

TEA AND JOURNEY: চাহ শ্ৰমিক, আদিবাসীৰ ন্যায়ৰ দাবীত গৌৰৱ গগৈৰ যাত্ৰা আৰম্ভ

Spread the love

চাহ শ্ৰমিক, আদিবাসীৰ ন্যায়ৰ দাবীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গগৈৰ যাত্ৰা আৰম্ভ

DD TIMES গুৱাহাটী, ১৪ অক্টোবৰঃ চাহ বাগিচাৰ মহিলা আৰু শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰিবৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আজিৰে পৰা আৰম্ভ কৰিছে এক নতুন কাৰ্যসূচী।

এই কাৰ্যসূচীৰ অংশ হিচাপে সোমবাৰে বিশ্বনাথ জিলাৰ প্ৰতাপগড় চাহ বাগিচাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি, সাংসদ গৌৰৱ গগৈয়ে চাহ শ্ৰমিকৰ সজাগতাৰ লগতে চাহ শ্ৰমিকৰ ওপৰত বৃদ্ধি পোৱা নিৰ্যাতন বন্ধ কৰিবলৈ এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ মূল লক্ষ্য হ’ল, শিশু বলাৎকাৰ, নাৰী নিৰ্যাতন আৰু হত্যাৰ বিৰুদ্ধে ন্যায় দাবী।

চাহ মজদূৰ, আদিবাসীসকলক ভূমিপট্টা প্ৰদান কৰা, জনজাতিৰ মৰ্যাদা প্ৰদান কৰা আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫১৫ টকালৈ বৃদ্ধি কৰাৰ বাবে দাবী জনোৱা হয়।

অসম প্ৰদেশ চাহ মজদূৰ আদিবাসী কংগ্ৰেছ বিভাগৰ উদ্যোগত বিশ্বনাথ জিলা কংগ্ৰেছৰ সহযোগত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈয়ে চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত কংগ্ৰেছে সৰৱ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰে।

চাহ জনজাতিৰ লোকসকলৰ বিশেষকৈ শিশু আৰু মহিলাৰ সমবিকাশ নোহোৱা বিষয়টো উত্থাপন কৰি গগৈয়ে কয় যে এইখন চৰকাৰে সমবিকাশৰ কথা কয় যদিও মুষ্টিমেয় লোকৰহে উন্নয়নৰ বাবে কাম কৰে।

চাহ বাগিচাসমূহত এই কাৰ্যসূচী বিগত ৫ দিনলৈকে চলিব। প্ৰতিবাদী কাৰ্যসূচীত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক মনোজ চৌহান, প্ৰাক্তন সাংসদ ৰিপুন বৰা, শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি কাৰ্তিক কুৰ্মী, চাহ জনগোষ্ঠীৰ নেতা এট’ৱা মুণ্ডা উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!