প্ৰকাশৰ পথত পাৰিপাৰ্শ্বিক শিশু-গল্প সংকলন ‘পোনাকণৰ সপোন’
শিশু মনত পৰিৱেশ সচেতনতা জগাই তুলিবলৈ এখন অনন্য গ্ৰন্থ
ধেমাজি, ১ ছেপ্টেম্বৰঃ পাঞ্চজন্য বুকছে গ্ৰন্থমেলাৰ বতৰতে মানস প্ৰতিম দত্তৰ এখন মনোমোহা পাৰিপাৰ্শ্বিক গল্প সংকলন ‘পোনাকণৰ সপোন’ প্ৰকাশৰ যো-জা চলাইছে। শিশু আৰু চেমনীয়াসকলক আকৰ্ষণ কৰিবৰ পৰা মনোৰম গল্পৰে সজোৱা গ্ৰন্থখনৰ আকৰ্ষণীয় কাহিনী আৰু জীপাল ছবিয়ে যুৱ মনত সেউজীয়া ভৱিষ্যত গঢ়ি তোলাৰ দায়িত্বশীল ভূমিকা গ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগাব।

ধেমাজি জিলাৰ এগৰাকী অন্যতম যুৱ লেখক তথা পৰিৱেশ সংৰক্ষণৰ প্ৰতি নিষ্ঠাবান সমৰ্থক মানস প্ৰতিম দত্তই তেওঁৰ শিশু গ্ৰন্থখনত নিজৰ দৃষ্টিভংগী জীৱন্ত কৰি তুলিবলৈ যত্ন কৰিছে। অসমৰ বিভিন্ন স্থানত সম্প্ৰদায়-চালিত পৰিৱেশ সংৰক্ষণৰ লগতে সক্ৰিয়ভাৱে পৰিৱেশ সুৰক্ষা, জলবায়ু সুৰক্ষা আৰু বহনক্ষম জীৱনশৈলীৰ প্ৰচাৰ আৰু প্ৰসাৰত জড়িত হৈ আছে।
এজন লেখক, কবি, অনুবাদক হিচাপে সুপৰিচিত মানসৰ ইতিপূৰ্বে প্ৰকাশিত পৰিৱেশ বিষয়ক গ্ৰন্থ সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি, কোলাহল আৰু নীৰৱতাৰ সিপাৰে, সেউজীয়া দিনৰ নৈসৰ্গিক খোজ, চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু, প্ৰকৃতিৰ জমাদাৰ, নেশ্যনেল বুক ট্ৰাষ্টৰ দ্বাৰা প্ৰকাশিত অনুবাদ গ্ৰন্থ কেনেকৈ এইবোৰৰ বিকাশ ঘটে, পৰ্বতত এভুমুকি, হাড় গৈ শিল হ’ল, যেতিয়া ক্রীড়াসুলভ মানসিকতাই দৌৰত জয়লাভ কৰে আৰু কবিতা সংকলন মাৰ বাবে লিখিব নোৱৰা কবিতাবোৰৰ কবিতা, কুৱঁলীৰ আখৰ এথুপি, তেজত গজা দুপৰীয়াটো, তুমি ৰ’দ হোৱা মই বৰষুণ হ’ম, এই সময় আমাৰ আৰু তোমাক ভালপাওঁ বাবেই শীৰ্ষক গ্ৰন্থকেইখনে ইতিমধ্যে পাঠক ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছ।

হাতে-কামে পৰিৱেশ সুৰক্ষাৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰি মানসৰ কাহিনী ইতিমধ্যে দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ কাকততো প্ৰকাশ পাইছে।
শিশুসকল স্বাভাৱিকতে কাহিনীৰ প্ৰতি আকৰ্ষিত হয়, আৰু তেওঁলোকৰ হাতত আছে বহনক্ষম পৃথিৱী গঢ়ি তোলাৰ মূল চাবিকাঠি। ‘পোনাকণৰ সপোন’ৰ জৰিয়তে লেখকে পৰিৱেশ সুৰক্ষাক সৰল তথা আকৰ্ষণীয়ভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰতিটো কাহিনীৰ সৈতে আকৰ্ষণীয়কৈ বিভিন্ন ছবি সংযোজন কৰা হৈছে।
শিশুসকলক গল্পৰ জৰিতে প্ৰকৃতিৰ সৈতে একাত্ম মনোভাৱ স্থাপন কৰাৰ লগতে সংৰক্ষণৰ গুৰুত্ব বুজাত গ্ৰন্থখনে সহায় কৰিব বুলি লেখক দত্তই জনাইছে।
পাঞ্চজন্য বুকছৰ দ্বাৰা প্ৰকাশ পাবলগীয়া এই গ্ৰন্থখনৰ কল্পনাপ্ৰসূত কাহিনীৰ সৈতে পৰিৱেশ সুৰক্ষাৰ বাৰ্তাক যুৱ পাঠক আৰু শিক্ষকসকলৰ মাজলৈ সুপৰিকল্পিতভাৱে লৈ যাব বুলি আশা কৰিব পাৰি।
সম্ভ্ৰান্ত প্ৰকাশনগোষ্ঠী পাঞ্চজন্য বুকছে প্ৰকাশ কৰিবলগীয়া গ্ৰন্থখনে অভিভাৱক, শিক্ষক আৰু যুৱ পাঠকসকলৰ মাজত পৰিৱেশ বিষয়ক অৰ্থপূৰ্ণ আলোচনাৰ সূচনা কৰিব।