Irrigation Department: ৰাজ্যৰ জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাকে ধৰি বিভাগৰ শীৰ্ষ বিষয়ােৰ বৈঠক মন্ত্ৰী অশোক সিংহলৰ
ৰাজ্যৰ জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাকে ধৰি বিভাগৰ শীৰ্ষ বিষয়াসকলৰে মন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা বৈঠকঃ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে মন্ত্ৰী অশোক সিংহলে
DD TIMES গুৱাহাটী, ১৪ অক্টোবৰঃ অসম চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে সোমবাৰে দিছপুৰৰ নিজা কাৰ্যালয়ত ৰাজ্যখনৰ জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাকে ধৰি শীৰ্ষ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ বিভাগৰ কাম কাজৰ সামগ্ৰিক পৰ্যালোচনা কৰে।

এই বৈঠকত মন্ত্ৰী অশোক সিংহলে মূলত জলসিঞ্চন বিভাগৰ বিভিন্ন কাম কাজ, আঁচনি ৰূপায়ন, আন্তঃগাঠনিকে ধৰি সকলো দিশৰে শেহতীয়া স্থিতিৰ সামগ্ৰিক বুজ লয়।

মন্ত্ৰীগৰাকীয়ে ৩০ জুলাইত অনুস্থিত হোৱা পৰ্যালোচনা সভাত লোৱা সিদ্ধান্ত অনুসৰি জলসিঞ্চন বিভাগৰ কাৰ্যক্ষম হৈ থকা আঁচনি সমূহৰ চোৱাচিতাৰ বাবে বছৰত কিমান পুঁজিৰ প্ৰয়োজন হব সেই বিষয়ে দাখিল কৰা প্ৰতিবেদনৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে।
লগতে ৰাজ্যখনৰ বিভিন্ন জিলাত কাৰ্যক্ষম হৈ নথকা আঁচনিৰসমূহ পুনৰ কাৰ্যক্ষম কৰাৰ বাবে কেনে ধৰণৰ কাৰ্যপন্থা লোৱা হ’ব সেই বিষয়ে বিতং ভাবে পৰ্যালোচনা কৰে।

তদুপৰি মন্ত্ৰীগৰাকীয়ে বিভাগে এছঅ’পিডি (জি)ৰ অধীনত নতুনকৈ নিৰ্মাণ কৰিবলগীয়া ক্ষুদ্ৰ,মজলীয়া আৰু বৃহৎ আঁচনি সমূহৰ নিবিদা প্ৰক্ৰিয়াৰ বৰ্তমানৰ স্থিতি সম্পৰ্কে সভাত আলোচনা কৰি অতি সোনকালে ইয়াক কাৰ্যকৰী কৰিবলৈ বিভাগক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে।
ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে বিভিন্ন জিলাৰ বান্ধসমূহৰ সুৰক্ষা ব্যৱস্থা,বিভিন্ন সমস্যা সম্পৰ্কে বিতংভাৱে পৰ্যালোচনা কৰে।

তেওঁ এই বান্ধ সমূহৰ চোৱা চিতা কৰিবলৈ নূন্যতম তিনিখন পানী ব্যৱহাৰিক সমিতিৰ পঞ্জীয়ন কৰিবলৈ বিভাগক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে।মন্ত্ৰী গৰাকীয়ে পূৰ্বৰ পৰ্যালোচনা সভাত লোৱা সিদ্ধান্ত অনুসৰি বিভাগৰ বিভিন্ন আঁচনিৰ অভিভাৱক বিষয়া সকলক বিভিন্ন জিলা ভ্ৰমন কৰি তাত থকা জলসিঞ্চন আঁচনি সমূহ পৰিদৰ্শন কৰি বিভাগৰ মুখ্য অভিযন্তাক দাখিল কৰা প্ৰতিবেদনৰ বিষয়টো আলোচনা কৰে।
তেওঁ লগতে বিভিন্ন আঁচনি সমূহৰ জৰিয়তে খেতি পথাৰলৈ পানী যোগান ধৰা, খেতিয়কে পানী যোগান লাভ কৰা আদি সকলো বিষয় আই এন অ এপৰ জৰিয়তে কৰিবলৈ বিভাগক নিৰ্দেশ দিয়াৰ লগতে এই বিষয়ে সভাত বিতং ভাবে আলোচনা কৰে।
বিভিন্ন আঁচনিৰ বিপৰীতে নিয়োজিত খালাচি, চকিদাৰকে ধৰি বিষয়া সকলৰ সালসলনি সন্দৰ্ভত এখন প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ বিভাগক নিৰ্দেশ প্ৰদান কৰে।
মন্ত্ৰীগৰাকীয়ে ধনশিৰি জলসিঞ্চন আঁচনিৰ কথা উল্লেখ কৰি কয় বান্ধ পৰিচালনা সমিতিৰ প্ৰত্যক্ষ সহযোগিতাৰ জৰিয়তে আঁচনিখন বৰ্তমান চলি থকাত কৃষক ৰাইজে যথেষ্ট পৰিমাণে পানী পাবলৈ সক্ষম হৈছে।
যিদৰে ধনশিৰি আঁচনিৰ ক্ষেত্ৰত লোৱা পদক্ষেপত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ঠিক তেনেদৰে ৰাজ্যখনৰ অন্যান্য আঁচনি সমূহৰ ক্ষেত্ৰতো এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিভাগক আহ্বান জনায়।
তদুপৰি জলসিঞ্চন বিভাগৰ আধৰুৱা হৈ থকা বিভিন্ন কাম কাজ সমূহক পুনৰ কাৰ্যক্ষম কৰিবলৈ বৰ্হি সাহায্য প্ৰকল্পৰ অধীনত প্ৰস্তুত কৰা প্ৰতিবেদন পাৱাৰ পইন্ট প্ৰদৰ্শনৰ দ্বাৰা বিতংভাৱে বুজ লৈ বিভাগক কেতবোৰ পৰামৰ্শ আগবঢ়ায়।
মন্ত্ৰীগৰাকীয়ে আজিৰ বৈঠকত জলসিঞ্চন বিভাগৰ বিভিন্ন সংমণ্ডল আঁচনিসমূহৰ কাম-কাজৰ গতি ত্বৰান্বিত কৰাৰ সন্দৰ্ভত পৰ্যালোচনা কৰি বিভাগক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে।
উল্লেখ্য, এই পৰ্যালোচনা সভাত জলসিঞ্চন বিভাগৰ সচিব আদিল খান,মুখ্য অভিযন্তা এফ, এম চিদ্দিকি,ধ্ৰুৱজ্যোতি ৰায় চৌধুৰী আদিকে ধৰি শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।
আনহাতে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে দিছপুৰৰ নিজা কাৰ্যালয়ত বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আন এক বৈঠকত মিলিত হৈ বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে।
এই বৈঠকত মন্ত্ৰী অশোক সিংহলে মূলত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অধীনত বিভিন্ন জিলাত নিৰ্মান কাৰ্য চলি থকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, উপ স্বাস্থ্য কেন্দ্ৰ আদি আন্তঃগাথনিমূলক কাম কাজৰ লগতে ১০৮ মৃত্যুঞ্জয় সেৱাৰ এম্বুলেন্স ক্ৰয়ৰ নিবিদা,১৪ বছৰ তলৰ শিশুৰ লিভাৰ ট্ৰেঞ্চপ্লাল্ট, আই ই চি সামগ্ৰীৰ ডিজাইন প্ৰস্তুত আদি বিষয় সমূহৰ বিষয়ে সভাত বিতং ভাবে আলোচনা কৰে।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ খণ্ড আৰু জিলা পৰ্যায়ৰ চিকিৎসালয় সমূহত মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ,চিকিৎসালয় সমূহত অ পি ডি আৰু আই পি ডি সেৱা,, অভিভাবক বিষয়া সকলৰ বিভিন্ন জিলা ভ্ৰমন সম্পৰ্কত দিয়া প্ৰতিবেদন আৰু যোৱা ১৮ ছেপ্টেম্বৰৰ পৰা অনুস্থিত হোৱা মেগা স্বাস্থ্য মেলাৰ শেহতীয়া স্থিতি আদিকে ধৰি সকলো দিশৰে সামগ্ৰিক বুজ লয়।
মন্ত্ৰীগৰাকীয়ে অসমৰ বিভিন্ন জিলাৰ চিকিৎসালয় সমূহত মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ সম্পৰ্কত পাৱাৰ পইন্ট প্ৰদৰ্শনৰ দ্বাৰা বুজ লয়। মন্ত্ৰী গৰাকীয়ে সমষ্টি ভিত্তিত অস্ত্ৰোপ্ৰচাৰ কেন্দ্ৰৰ এখন ডিজিটেল মেপ প্ৰস্তুত সন্দৰ্ভত সভাত আলোচনা কৰে।
বৈঠকত যোৱা ১৮ ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ হোৱ সমষ্টি ভিত্তিত মেগা স্বাস্থ্য শিবিৰ সম্পৰ্কে বিশেষ ভাবে আলোচনা কৰা হয়। বৰ্তমানলৈকে ৰাজ্যখনৰ ৪৪ টা বিধানসভা সমষ্টিত এই মেগা স্বাস্থ্য শিবিৰ অনুস্থিত হয় আৰু এই মেগা স্বাস্থ্য শিবিৰত ১২ অক্টোবৰ তাৰিখলৈ ১২১৭৩০ গৰাকী লোকে বিভিন্ন ৰোগৰ চিকিৎসা লাভ কৰিবলৈ সক্ষম হৈছে বুলি সভাত স্বাস্থ্য বিভাগে অৱগত কৰে।
ইয়াৰে ১১৫০৫ গৰাকী জটিল ৰোগত আক্ৰান্ত ৰোগীক উন্নত চিকিৎসাৰ প্ৰয়োজন হোৱাত সেই অনুসৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে।
মন্ত্ৰী গৰাকীয়ে কয় যে স্বাস্থ্য বিভাগে কাম কৰিবলৈ যাওঁতে প্ৰতিটো খোজতে মানুহৰ জীৱনৰ কথা, সামাজিক প্ৰত্যাহ্বান আৰু সামাজিক ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আগবাঢ়ি যাব লাগিব বুলি তেওঁ কয়।
তেওঁ লগতে কয় যে অসম চৰকাৰে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সুলভ আৰু মানসম্পন্ন স্বাস্থ্য সেৱা উপলব্ধ কৰাৰ লক্ষ্যৰে নিৰন্তৰ প্ৰয়াস চলাই আহিছে।অসমৰ প্ৰতিটো বিধান সভা সমষ্টি ভিত্তিত অনুস্থিত হৈ থকা এই মেগা স্বাস্থ্য শিবিৰত কেইটামান সমষ্টিত জনসাধাৰণৰ অংশ গ্ৰহন যঠেষ্ট কম হোৱাৰ বাবে তেওঁ উদ্বেগ প্ৰকাশ কৰাৰ লগতে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকক স্থানীয় জনপ্ৰতিনিধি আৰু জিলা আয়ুক্তৰ লগত আলোচনা কৰি জনসাধাৰণ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ বিভাগক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে।।মন্ত্ৰী গৰাকীয়ে এই মেগা স্বাস্থ্য শিবিৰৰ বিষয়ে ৰাইজৰ মাজত ব্যাপক সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
আজিৰ এই পৰ্যালোচনা সভাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ডাঃ পি অশোক বাবু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,অসমৰ পৰিচালন সঞ্চালক ডাঃ লক্ষ্মণন প্ৰমুখ্যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

