অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

ASOM SAHITYA SABHA: শিলচৰত অসম সাহিত্য সভাৰ তৃতীয় পূৰ্ণাংগ অধিৱেশন আৰম্ভ

Spread the love

শিলচৰত দুদিনীয়াকৈ অসম সাহিত্য সভাৰ তৃতীয় পূৰ্ণাংগ অধিৱেশনঃ অসম সাহিত্য সভাই নিকা ভাবমূৰ্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে

অধিৱেশন বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজৰ সম্পৰ্ক আৰু ঐক্য আৰু অধিক সুদৃঢ় কৰিবঃ মন্ত্ৰী কৌশিক

DD TIMES শিলচৰ, ১১ অক্টোবৰঃ ঐক্য, শান্তি আৰু সম্প্ৰীতিৰ সংকল্প লৈ আজি শিলচৰৰ বঙ্গভৱনত ২০২৫-২০২৭ কৰ্মবৰ্ষৰ বাবে অসম সাহিত্য সভাৰ তৃতীয় পূৰ্ণাংগ অধিৱেশন আৰম্ভ হয়। আজি পুৱা কাছাৰ জিলা সাহিত্য সভাৰ সভাপতি ড° যোগেশ্বৰ বৰ্মনে পতাকা উত্তোলনেৰে আৰম্ভ কৰে এই দুদিনীয়া বৰ্ণিল অনুষ্ঠান।

পিছত স্মৃতি তৰ্পন পৰ্ব অনুষ্ঠিত হয়।সভাৰ বিষয়বস্তু আৰু অসম ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কাৰ্যনিৰ্বাহক সদস্যৰ নাম পঞ্জীয়নৰ পিছতে অধিৱেশনখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী তথা আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি কৌশিক ৰয়ে।

অসমৰ হাৰ্টথ্ৰব শিল্পী জুবিন গাৰ্গৰ কালজয়ী গীত ‘মায়াবিনী’ৰ সুৰেৰে অনুষ্ঠানৰ আৰম্ভণি হয়। এই দিনা মঞ্চত অতিথি সকলে ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা, লোকশিল্পী কালিকা প্ৰসাদ ভট্টাচাৰ্য আৰু সংগীত শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।


অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ অধ্যক্ষতাত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত বৰাক বৈভৱ, অসম সাহিত্য সভা বাৰ্তা আৰু অসম সাহিত্য পত্ৰিকা নামেৰে তিনিখন গ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী, কাছাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই, শিলচৰৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তী, অসম সাহিত্য সভাৰ উপ সভাপতি পদুম ৰাজখোৱা, প্ৰধান সম্পাদক দেৱজিৎ বৰা, আউনীআটি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° মাধুৰ্যমণ্ডিত বৰুৱা আৰু লোকসংস্কৃতিৰ গৱেষক তথা মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° অনিল শইকীয়া।

ভাষণত মন্ত্ৰী কৌশিক ৰয়ে কয়,আজি শিলচৰত অসম সাহিত্য সভাৰ তৃতীয় পূৰ্ণাংগ অধিৱেশন আৰম্ভ হৈছে। ১৯৮৬ সালে হাইলাকান্দি জিলাত অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হৈছিল।

শিলচৰত অসম সাহিত্য সভাৰ তৃতীয় পূৰ্ণাংগ অধিৱেশন বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজৰ সম্পৰ্ক আৰু ঐক্য আৰু অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত এই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ কয় যে, ‘বৰাক বৈভৱ’ নামৰ এই মেগাজিনখনত দুয়োটা উপত্যকাৰ লেখনি প্ৰকাশ হৈছে।

তদুপৰি এই শিলচৰ অধিবেশনে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত অতীতত থকা মানসিক দূৰত্ব নেওচি এটা সেতুবন্ধন সৃষ্টি কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। তেওঁ কয় যে ,লাচিত বৰফুকনৰ দৰে কাছাৰ জিলাতো ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্থাপনৰ প্ৰস্তাৱ কৰা হৈছে। অসম সাহিত্য সভাৰ নেতৃত্বত ৰাজ্যৰ প্ৰতিখন জিলাতে কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম বাৰ্ষিকী উদযাপনৰ পদক্ষেপৰ কথাও তেওঁ ঘোষণা কৰে।

এই দিনা শিলচৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ তৃতীয় পূৰ্ণাংগ অধিবেশনৰ ভাষণত সভাপতি ড০ বসন্তকুমাৰ গোস্বামীয়ে কয়, অসমৰ ৰাইজে অসম সাহিত্য সভাক যি দায়িত্ব আৰু কৰ্তব্য দিছে সেয়া নিষ্ঠাৰে সাহিত্য সভাই পালন কৰিছে। এই কাৰ্যনিৰ্বাহক সমিতিৰ আৰু এবছৰ কাৰ্যকাল আছে।

অসম সাহিত্য সভাই বিশেষকৈ এই কাৰ্যকালত দুশো খন গ্ৰন্থ প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। তেওঁ কয়,অসম সাহিত্য সভাৰ বিষয়বাব পাবলৈ বহুতোৱে বিছাৰে। সাহিত্য সভাৰ বিষয়ববিয়া পাবলৈ হ’লে আগতে এই প্ৰতিষ্ঠানটোক ভাল পাবলৈ শিকিব লাগিব।বিষয়ববিয়াই নিজক ভাল পাব লাগিব।

.যদিও বিষয়ববীয়াই নিজক ভাল পাবলৈ নিশিকে তেতিয়া প্ৰতিষ্ঠান ভাল পোৱাৰ প্ৰাসঙ্গিকতা নাথাকিব পাৰে। তেওঁ স্পষ্টকৈ কয় যে,সাহিত্য সভাৰ কাৰ্যকালত যি সমূহ ধন খা-খৰচ হয়,সেই খৰচ সমূহ প্ৰত্যেক চাৰি মাহৰ মূৰত হিচাপ কৰি কাৰ্যনিৰ্বাহত অনুমোদন কৰি ৰাজহুৱা কৰাৰ বাবে কৰ্ণধাৰ সমিতিত সিদ্ধান্ত লোৱা হৈছে।

এই ক্ষেত্ৰত অসম সাহিত্য সভাই নিকা ভাবমূৰ্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। বৰ্তমান অসম সাহিত্য সভা এখন নিকা ভাবমূৰ্তিৰ প্ৰতিষ্ঠান হিচাপে পৰিণত কৰাৰ চেষ্টা কৰিছো।


তেওঁ কয়,অসম সাহিত্য সভাত ভাৰতীয় জ্ঞান চৰ্চাৰ প্ৰয়োজন বুলি সম্প্ৰতি উপলব্ধি কৰিছোঁ। যোৱা কাৰ্যনিৰ্বাহ সমিতিত এই সন্দৰ্ভত আলোচনা কৰা হৈছে আৰু কাৰ্যকৰী ব্যৱস্থা লোৱা হৈছে বুলি তেওঁ কয়।
সভাপতি ড০ বসন্তকুমাৰ গোস্বামীয়ে কয়, সাহিত্য সভাৰ গ্ৰন্থ প্ৰকাশন ক্ষেত্ৰত সম্পূৰ্ণ নিকা ব্যৱস্থা লোৱা হৈছে।

তেওঁ আৰু সম্পাদক প্ৰধানে প্ৰকাশন ব্যৱস্থাত কোনো ধৰণৰ যাতে দুৰ্নীতি নহয় ইয়াৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁলোক আঁতৰি যোৱাৰ পিছতো যাতে সাহিত্য সভাত কোনো ধৰণৰ দুৰ্নীতি হ’ব নোৱাৰে ইয়াৰ বাবে ব্যবস্থা কৰা হৈছে। তেওঁ কয়, অসম সাহিত্য সভাক নিকা আৰু স্বচ্ছ ভাৱ মূৰ্তিৰ এখন প্ৰতিষ্ঠান হিচাপে পৰিণত কৰিবলৈ তেওঁলোক প্ৰতিশ্ৰুতিবদ্ধ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!