‘নিৰ্বাক প্রকৃতি’– পৰিৱেশ সজাগতাৰ বাবে মাইম আৰু গছপুলি ৰোপণ
গুৱাহাটী, ১ ছেপ্টেম্বৰঃ নিৰ্বাক গোষ্ঠীয়ে আজি আমচং টি এইষ্টেট মডেল স্কুল, বামুনখাট, ডিগাৰু তেওঁৰ বিশেষ উদ্যোগ “নিৰ্বাক প্রকৃতি” শীৰ্ষক এক বিশেষ অনুষ্ঠান সফলভাৱে আয়োজন কৰে। এই অনুষ্ঠানটো আমচং ৱাইল্ডলাইফ ৰেঞ্জ, বোন্দা (গুৱাহাটী ৱাইল্ডলাইফ ডিভিছন)ৰ সহযোগত অনুষ্ঠিত হয়।

নিৰ্বাক গোষ্ঠীৰ নিৰ্বাক প্ৰকৃতি শীৰ্ষক এই প্ৰকল্পত অধীনত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক পাঁচদিনীয়া বিনামূলীয়াকৈ মুকাভিনয় কৰ্মশালা আয়োজন কৰা হয়।
কৰ্মশালাৰ অন্তত আজি “প্ৰকৃতি সংৰক্ষণ কৰক, জীৱন সংৰক্ষণ কৰক” শীৰ্ষকত শিক্ষাৰ্থীসকলে মনোগ্ৰাহী মুকাভিনয় প্ৰদৰ্শন কৰি পৰিৱেশ সংৰক্ষণৰ গুৰুত্ব প্ৰতিফলিত কৰে। এই মূকাভিন়য়ৰ প্ৰশিক্ষণ প্ৰদান কৰে যুৱ মুকাভিনয় শিল্পী মিনাংক ডেকাৰ লগতে নিৰ্বাক গোষ্ঠীৰ সদস্যসকলে।
কাৰ্যসূচীৰ অন্তত বিদ্যালয় পৰিসৰত বৃক্ষ ৰোপণ কর্মসূচী অনুষ্ঠিত হয়, য’ত শিক্ষাৰ্থীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

অনুষ্ঠানত উপস্থিত আছিল বিদ্যালয়ৰ অধ্যক্ষ উপেন গোস্বামী আৰু ৰেঞ্জাৰ পৰিনিতা সিং, ধ্ৰুবজ্যোতি শর্মা, আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মথুৰামোহন নাথ যিয়ে শিক্ষাৰ্থীসকলক প্ৰশংসা কৰি প্ৰকৃতি সংৰক্ষণৰ কামত আগবাঢ়ি যাবলৈ উৎসাহিত কৰে।
অনুষ্ঠানত টিম নিৰ্বাকৰ সঞ্চালক মিনাংক ডেকাই কয়, “নিৰ্বাক প্রকৃতি কেৱল সচেতনতা সৃষ্টিৰ বাবে নহয়, বৰং কাৰ্যত পৰিণত কৰাৰ এক প্ৰচেষ্টা। Mime for the Earth, Silence for Change.”
নিৰ্বাক প্রকৃতিয়ে পুনৰ প্ৰমাণ দিলে যে শিল্প আৰু কাৰ্য একেলগে আগবাঢ়িলে পৰিৱেশ সংৰক্ষণৰ অভিযান অধিক ফলপ্ৰসূ হব পাৰে।
সুন্দৰ পদক্ষেপ 👏