POEM: কিন্নৰৰ কথাৰে
কিন্নৰৰ কথাৰে
DD TIMESৰ আজিৰ কবি ড° সঞ্জীৱ কুমাৰ ফুকন

আমাৰ কিন্নৰবোৰৰো আছে এটা সপোন
তোমালোক হয়তু আচৰিত হৈছা
কিন্নৰৰ আকৌ কিহৰ সপোন !
আমাৰ জীৱন অভিশপ্ত
পূৰ্বজন্মৰ কৃতকৰ্মৰ ফল
বাবু দচ্ টকা দিয়ক বাবু
তাতেই সীমাবদ্ধ নহয়নে
তোমালোকৰ ধাৰণা ?
তোমালোকৰ বাবে আমি তামাছা
কৌতূক আৰু ব্যংগৰ ফুল পেকেজ
গালিৰ বাবে ব্যৱহৃত একোটা বিৰাট শব্দ
অথচ তোমালোকে বিচাৰা
তোমালোকৰ ভালৰ বাবে
আমি আশীৰ্বাদ দিওঁ।
তোমালোকেইতো আস্ফালন কৰা
তোমালোক আমাতকৈ পৃথক
চ’ কলড্ এলাইট
হাঁহিবলৈ খেলিবলৈ উৰিবলৈ
বিচৰা মনটোক
তোমালোকেইতো শালি পেলোৱা তোমালোকৰ হৃদয়ত আমিবোৰ নিষিদ্ধ অথচ আমাৰ শৰীৰ নিষিদ্ধ নহয়
তোমালোকৰ বাবে।
আমাৰ চকুত চাব বিচাৰা
বেদনাৰ নীলা
আমি জিলিকি উঠাতো
তোমালোকৰ কাম্য নহয়
তোমালোকৰ কৰুণাৰ পাত্ৰ হৈ থকাতে তোমালোকৰ সন্তুষ্টি
আমাৰ সফলতা
তোমালোকৰ সাম্ৰাজ্যত যেন অনুপ্ৰৱেশ
পুতৌৰ মালা আমাক নিপিন্ধাবা
যদি আমাৰ জীৱনত
আবিৰ সানিব নোৱাৰা
হৃদয়খনো থেতালি নেপেলাবা
আমাৰ কিন্নৰবোৰৰো এটা সপোন আছে আমিও গাব খোজোঁ জীৱনৰ গান
দ্ৰুত লয়ত ভালপোৱাৰ গান
যাৰ ৰাগ হ’ব মানৱতা
তাল হ’ব একতাল।
আমাৰ কিন্নৰবোৰৰো এটা সপোন আছে আমিও গাব খোজোঁ জীৱনৰ গান।

