অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

NOBEL LITERATURE PRIZE 2025: হাংগেৰীৰ লেখক লাচলো ক্ৰাছনাহৰ্কালৈ ২০২৫ বৰ্ষৰ সাহিত্যৰ ‘নোবেল বঁটা’

Spread the love

হাংগেৰীৰ লেখক লাচলো ক্ৰাছনাহৰ্কালৈ ২০২৫ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা

DD TIMES দিল্লী, ৯ অক্টোবৰঃ বৃহস্পতিবাৰে ঘোষণা কৰা হ’ল ২০২৫ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা। এইবেলি হাংগেৰীৰ লেখক লাচলো ক্ৰাছনাহৰ্কাই ২০২৫ চনৰ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হৈছে ।

তেওঁক এই বঁটা প্ৰদান কৰা হয় “তেওঁৰ অদম্য আৰু দূৰদৰ্শী কামৰ বাবে, যিয়ে বিপৰ্যয়ৰ ভয়ৰ মাজতো শিল্পৰ শক্তিক পুনৰ দৃঢ় কৰে।”

১৯৫৪ চনত ৰোমানিয়াৰ সীমান্তৰ ওচৰৰ দক্ষিণ-পূব হাংগেৰীৰ জিউলা নামৰ সৰু চহৰখনত জন্মগ্ৰহণ কৰে লেখক লাচলো ক্ৰাছনাহৰ্কাই।একেধৰণৰ এটা অত্যন্ত দুৰ্গম গ্ৰাম্য অঞ্চলেই হৈছে ক্ৰাছনাহৰ্কাইৰ প্ৰথমখন উপন্যাস ছাটান্টাংগো (প্ৰথম প্ৰকাশ ১৯৮৫ চনত)ৰ পটভূমি।

উপন্যাসখনে হাংগেৰীৰ সাহিত্য জগতত আলোড়নৰ সৃষ্টি কৰিছিল। এই উপন্যাসখনে লেখকৰ কালজয়ী ৰচনা হিচাপে স্বীকৃতি লাভ কৰিছে।

লাচলো ক্ৰাছনাহৰ্কাই মধ্য ইউৰোপীয় পৰম্পৰাৰ এগৰাকী মহাকাব্যিক লেখক। এই ধাৰাৰ এগৰাকী সুপৰিচিত লেখক হৈছে কাফকা।লাচলো ক্ৰাছনাহৰ্কাইৰ লেখন শৈলীত এটা উদ্ভট ঠাঁচ আছে।

নোবেল কমিটীয়ে তেওঁক “এগৰাকী চিন্তাশীল, সুক্ষ্মভাৱে পৰিশীলিত কণ্ঠৰ লেখক” বুলি অভিহিত কৰিছে।নোবেল কমিটীয়ে ইতিমধ্যে আন কেইবাটাও শিতানৰ বঁটা ঘোষণা কৰিছে।

One thought on “NOBEL LITERATURE PRIZE 2025: হাংগেৰীৰ লেখক লাচলো ক্ৰাছনাহৰ্কালৈ ২০২৫ বৰ্ষৰ সাহিত্যৰ ‘নোবেল বঁটা’

  • Bhadra Chutia

    Congratulations 👏

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!