WORLD EYE DAY: বিশ্ব দৃষ্টি দিৱস উপলক্ষে ৰাঙলু গ্ৰাম বিকাশ পৰিষদত বিনামূলীয়া চকু চিকিৎসা শিবিৰ
বিশ্ব দৃষ্টি দিৱস উপলক্ষে ৰাঙলু গ্ৰাম বিকাশ পৰিষদত বিনামূলীয়া চকু চিকিৎসা শিবিৰ
DD TIMES বঢ়মপুৰ, ৯ অক্টোবৰঃ নগাঁৱৰ ৰাঙলু গ্ৰাম বিকাশ পৰিষদত ৰাষ্ট্ৰীয় অন্ধতা নিবাৰণ কাৰ্যক্ৰম, নগাঁও আৰু ৰাঙলু গ্ৰাম বিকাশ পৰিষদৰ যুটীয়া উদ্যোগত আজি ২৬ সংখ্যক বিশ্ব দৃষ্টি দিৱস পালন কৰা হয়।

এই উপলক্ষে এখনি সজাগতা সভাও অনুষ্ঠিত হয়। সভাত সময়মতে চকুৰ যতন আৰু চিকিৎসা কৰাৰ সম্পৰ্কত ভাষণ প্ৰদান কৰি জিলা আঁচনি মেনেজাৰ গালিব আহমেদে চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ অহা শতাধিক পুৰুষ-মহিলাক চকুৰ ক্ষেত্ৰত কেনেকৈ যত্ন ল’ব লাগে, চকুৰ কিবা অসুবিধা হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱা অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ গাঁৱলীয়া বেজৰ আশ্ৰয় নল’বলৈ উপদেশ দিয়ে।
আমাৰ সমাজত প্ৰায়েই দেখা যায় অন্ধবিশ্বাসৰ কবলত পৰি বহু লোকে অকালতে দৃষ্টি শক্তি হেৰুৱাব লগা হয়, গতিকে চকুৰ কিবা অসুবিধা হ’লে ওচৰতে থকা স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ পৰামৰ্শ লৈ চকুৰ যত্ন ল’বলৈ পৰামৰ্শ আগবঢ়ায়। অনুষ্ঠানৰ আঁত ধৰি সমাজসেৱক ঘনকান্ত বৰাই কয় যে আমাৰ গাঁওসমূহত বেজৰ ওচৰলৈ গৈ চকু জৰা-ফুকা কৰি পোক উলিওৱাৰ লগতে চকুত যিকোনো গছৰ পাতৰ ৰস ব্যৱহাৰ কৰি চকু নষ্ট কৰা দেখিবলৈ পোৱা যায়।
এনেবোৰ বিষয়ত ভুল নগৈ চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। সভাৰ পাছত চকু পৰীক্ষাৰ লগতে বিনামূলীয়া চিকিৎসা সেৱা আৰম্ভ কৰি দুখীয়া ৰোগীৰ বিনামূলীয়াকৈ অস্ত্ৰোপ্ৰচাৰৰ ব্যৱস্থাৰ বাবে তাৰিখ নিৰ্ধাৰণ কৰি দিয়া হয়।
চকু বিশেষজ্ঞ ডাঃ ফৌজিয়া হাচিনে চকু পৰীক্ষাৰ লগতে বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰে। সহায়ক হিচাপে থাকে ডিম্বেশ্বৰ কোঁৱৰ, বেদান্ত বৰা, ছাবিনা ইয়াচমিন ডি,ই,অ’ অসামৰিক চিকিৎসালয়- নগাঁও, লেবৰটেৰী টেকনিচিয়ান ধৰ্মেন্দ্ৰ শৰ্মা (কঠীয়াতলী), ছালমা খাতুন, অনিমা বেগম আৰু দীপিকা চৌধুৰী।
ৰাঙলু গ্ৰাম বিকাশ পৰিষদৰ পৰা সকলো ব্যৱস্থাপনা কৰে উপ-সভাপতি আবুল কালামৰ লগতে কৰ্মচাৰী ক্ৰমে কুন্তী ৰংপিপী, সীমা হাঞ্চেপী, সুৰভী পাটৰ, মহচিনা বেগম, কবিতা ডেকা, মুকুতা বেগম, শৰৎ বৰা, শ্বৰিফুৰ ৰহমান, খুচবুদ্দিন আনচৰী আৰু চাবানা এচমিন।
ৰাঙলু গ্ৰাম বিকাশ পৰিষদৰ দ্বাৰা অঞ্চলটোৰ দুখীয়া ৰাইজৰ বহু ক্ষেত্ৰত উপকাৰ হৈ থকাৰ কাৰণে সকলো ৰাইজে গ্ৰাম বিকাশ পৰিষদৰ প্ৰতিষ্ঠাপক তথা মুখ্য সঞ্চালক ছিৰাজউদ্দিন আহমেদক ৰাইজে প্ৰশংসা কৰে।


সুন্দৰ পদক্ষেপ।