অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ফটোগ্রাফিফটোগ্ৰাফীবিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

GADHULI: গধূলিঃ অসমৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ ‘গধূলি’ বস্ত্ৰ সম্ভাৰেৰে লেকমে’ ফেশ্বন উইকত উজলিল অসমৰ বস্ত্ৰ পৰম্পৰাৰ শিপা

Spread the love

গধূলিঃ অসমৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ ‘গধূলি’ বস্ত্ৰ সম্ভাৰেৰে লেকমে’ ফেশ্বন উইকত উজলিল অসমৰ বস্ত্ৰ পৰম্পৰাৰ শিপা

লেকমে’ ফেশ্বন শ্ব’ত জুবিন গাৰ্গৰ “মায়াবিনী ৰাতিৰ বুকুত… গীতৰ সুৰেৰে শ্ৰদ্ধাঞ্জলিঃ সুনীতা ভূঞাৰ ভায়’লীনত জন্ম শতবৰ্ষ উপলক্ষে সুধাকণ্ঠৰ গীতৰ সুৰত স্পন্দিত হ’ল শ্ব’ৰ ৰানৱে’

DD TIMES নতুন দিল্লী, ১০ অক্টোবৰঃ ভায়’লীনত বাজি আছে সংগীতৰ যুগনায়ক জুবিন গাৰ্গৰ “মায়াবিনী ৰাতিৰ বুকুত”… অসমীয়া তাঁতশালৰ চানেকিৰে হাতেৰে বোৱা আৰু অংকিত এখন শাৰীত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ লগতে তেওঁৰ অমৰ গীতৰ কথাৰ সমন্বয়ে সংগীত, স্মৃতি আৰু বস্ত্ৰশিল্পৰ শুকুৰবাৰে এক অনুপম মিলন ঘটে দেশৰ আগশাৰীৰ ফেশ্বন শ্ব’ লেকমে’ ফেশ্বন শ্ব’ত।

যিয়ে অসমৰ সাংস্কৃতিক স্পন্দন গৰাকীক জীৱন্ত কৰি তুলিলে ৰাজধানী চহৰ নতুন দিল্লীত। দেশৰ বিখ্যাত ফেশ্বন শ্ব’ লেকমে’ ফেশ্বন শ্ব’ত অসমীয়া সংগীতৰ কিংবদন্তি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অসম জীয়ৰী সমাদৃতহফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ বস্ত্ৰ সংকলনৰ প্ৰদৰ্শনীত।

শুকুৰবাৰে নতুন দিল্লীত অনুষ্ঠিত লেকমে’ ফেশ্বন শ্ব’ত সংযুক্তা দত্তৰ আন এক নতুন বস্ত্ৰ সমাহাৰৰ প্ৰদৰ্শনে শুকুৰবাৰে নতুন দিল্লীত সৃষ্টি কৰে এক মায়াময় পৰিৱেশৰ।

জুবিন গাৰ্গৰ সংগীতৰ লগতে প্ৰদৰ্শনীৰ মাধুৰ্য বৃদ্ধি কৰি, সুধাকণ্ঠ ভাৰতৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ প্ৰতি উৎসৰ্গিত অসমৰ ভায়’লীনবাদক সুনীতা ভূঞাৰ ভায়’লিনৰ পৰিৱেশিত সুৰেৰে মুখৰিত হৈ উঠিছিল ৰানবে’ ৷

ঠিক তেতিয়া যেন দিনৰ পৰা ৰাতিলৈ সূক্ষ্মভাৱে পৰিৱৰ্তনৰ সময়— গধূলিৰ পৰিৱেশ দুপৰীয়াৰ মঞ্চত। যেতিয়া মঞ্চৰ পোহৰ ম্লান হৈছিল আৰু সুৰৰ লহৰ উঠিছিল, তেতিয়া বিখ্যাত ডিজাইনাৰ অসম কন্যা সংয়ুক্তা দত্তই তেওঁৰ নতুন ‘গধূলি – দ্য টুৱাইলাইট’ শীৰ্ষক বস্ত্ৰ সংকলনৰ জৰিয়তে লেকমে’ ফেশ্বন উইকৰ দৰ্শক সকলক ‘গধূলি’ৰ এক মোহময় জগতলৈ লৈ গৈছিল।

সেই মোহময় মুহূৰ্তৰ পৰা প্ৰেৰণা লাভ কৰি, সংযুক্তাৰ বস্ত্ৰ সম্ভাৰ ক’লা আৰু মেৰুণ ৰঙৰ এক বাংময় সপোনৰ দৰে বিস্তৃত হৈ পৰিছিল—গভীৰ, আকৰ্ষণীয় আৰু অনিৰ্বচনীয়।

‘গধূলি’ শীৰ্ষক নতুন ফেশ্বনৰ বস্ত্ৰ সংকলনত সংযুক্তা দত্তই অসমৰ ঐতিহ্যবাহী মেখেলা-চাদৰক আধুনিক দৃষ্টিকোণৰ জৰিয়তে পুনৰ সংজ্ঞায়িত কৰিছে।

অসমীয়া ঐতিহ্যবাহী বয়ন শিল্পৰ সৈতে সাহসী আৰু সমসাময়িক ডিজাইনৰ মিশ্ৰণেৰে শাৰী, মাৰ্জিত বস্ত্ৰাংগ, স্কাৰ্ট আৰু লাৱণ্যময়ী আনাৰকলিৰ সৃষ্টি কৰি ৰেম্পত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে সংযুক্তা দত্তই।

লেকমে’ ফেশ্বন উইকত প্ৰদৰ্শিত সংযুক্তাৰ প্ৰতিযোৰ পোছাকত জটিল কাৰুকাৰ্য আৰু আৱেগময় কৰ্মৰ সমাহাৰে ‘গধূলি’ৰ দ্বৈততা—বাংময় ৰূপ যেন প্ৰতিফলিত হয়।

শ্ব’ৰ পিছতে নতুন দিল্লীত নিজৰ শেহতীয়া এই বস্ত্ৰ সংকলনৰ প্ৰেৰণাৰ বিষয়ে সংযুক্তা দত্তই কয়, “গধূলি এটা যাদুকৰী অনুভৱ, য’ত পোহৰ আৰু ছাঁৰ মিলন ঘটে।

এই সমন্বয়ে মোৰ জন্মভূমি অসমৰ কথা মনত পেলায়, য’ত পৰম্পৰা আৰু প্ৰকৃতিৰ নিখুঁত সামঞ্জস্য ৰয়। এই সংগ্ৰহৰ জৰিয়তে মই শক্তি আৰু কোমলতা, ঐতিহ্য আৰু পৰিৱৰ্তনৰ সেই সমন্বয় বয়ন কৰিব বিচাৰিছিলো।”

‘গধুলি’ ফেশ্বন শ্ব’ত শ্ব’ত বলীউড অভিনেত্ৰী নীলম কোঠাৰীয়ে শ্ব’-ষ্টপাৰ হিচাপে ৰানৱে’ত উপস্থিত হৈ গধূলিৰ বস্ত্ৰ সম্ভাৰক অনন্য মাত্ৰা প্ৰদান কৰে। এই বস্ত্ৰৰ ফেশ্বনক লৈ তেওঁৰ অভিজ্ঞতাৰ বিষয়ে নীলমে কয়, “সংযুক্তাৰ বাবে ৰানৱে’ত খোজ দিয়াটো এটা সৌভাগ্যৰ বিষয় আছিল।

তেওঁৰ সৃষ্টিত এটা আত্মা আছে, ফুল-চিলাইৰ প্ৰতিডাল সূতাই যেন এটা কাহিনী কয়। ‘গধূলি’ পৰিধান কৰাটো মোৰ বাবে অসমৰ ঐতিহ্যৰ এটা অংশ কাব্যিকতা আৰু শক্তিৰে মেৰিয়াই লোৱাৰ দৰে আছিল।”

উল্লেখযোগ্য যে, সংযুক্তা দত্তই দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয়-আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ সৃষ্টিৰ বস্ত্ৰৰ ফেশ্বনত আধুনিকতাৰ মাজেৰে অসমীয়া বয়ন শিল্পক দাঙি ধৰি কৃতিত্ব অৰ্জন কৰি অহাৰহলগতে অসমলৈ সুনাম কঢ়িয়াই কৰি আহিছে ।

ইতিমধ্যে নিজৰ অনন্য বস্ত্ৰশৈলী আৰু অসমৰ হাতে বোৱা বস্ত্ৰৰ প্ৰচাৰৰ বাবে বহু স্বীকৃতি লাভ কৰিছে। তেওঁ অসমৰ মেখেলা চাদৰ আৰু হাতে বোৱা শাৰীৰ জৰিয়তে ভাৰতীয় হস্ততাঁত শিল্পৰ সৌন্দৰ্য্য বিশ্বৰ আগত তুলি ধৰিছে।

তেওঁৰ ডিজাইনে বলীউডৰ তাৰকাৰ পৰা আৰম্ভ কৰি আন্তঃৰাষ্ট্ৰীয় ফেশ্বনপ্ৰেমীৰ মাজতো জনপ্ৰিয়তা লাভ কৰিছে, আৰু তেওঁক ভাৰতৰ হস্তশিল্প আৰু ফেশ্বনৰ ক্ষেত্ৰত এক পৰিচিত নাম ৷


২০২৫ৰ ১০ অক্টোবৰৰ দিনা লেকমে’ ফেশ্বন শ্ব’ত ‘গধূলি’ৰ জৰিয়তে সংযুক্তা দত্তই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে বস্ত্ৰ সমাহিত ফেশ্বনো অতীত আৰু বৰ্তমান, শিল্প আৰু আৱেগ, অসম আৰু বিশ্বৰ মাজত এক সেতু হ’ব পাৰে।

One thought on “GADHULI: গধূলিঃ অসমৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ ‘গধূলি’ বস্ত্ৰ সম্ভাৰেৰে লেকমে’ ফেশ্বন উইকত উজলিল অসমৰ বস্ত্ৰ পৰম্পৰাৰ শিপা

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!