অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

DARANG: দৰঙৰ বানেইকুছিত ‘সমন্বয় মহিলা সমবায় সমিতি’ৰ প্ৰশংসণীয় পদক্ষেপ

Spread the love

দৰঙৰ বানেইকুছিত ‘সমন্বয় মহিলা সমবায় সমিতি’ৰ প্ৰশংসণীয় পদক্ষেপঃ হোটেল,নাৰ্চাৰী ব্যৱসায়ৰে স্বাৱলম্বীতাৰ নিদৰ্শন


DD TIMES দৰং, ১০ অক্টোবৰঃ বহল দৃষ্টিভংগীৰে বিশ্বাস কৰা হয় যে নাৰী পুৰুষৰ সম্পূৰ্ণ অংশ গ্ৰহণ সমাজ বিকাশৰ বাবে প্ৰগতিৰ মাপকাঠি।নাৰী আৰু বিকাশৰ প্ৰসঙ্গত সৱলীকৰণৰ ক্ষেত্ৰত নাৰী সকলকো পছন্দ কৰিব লাগিব।

সমান্তৰালভাৱে নাৰী সৱলীকৰণ, উন্নয়ন আৰু অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। মূলতঃ সমাজ, সংস্কৃতিৰ দ্ৰুত বিকাশ আৰু উন্নয়নৰ ধাৰা ত্বৰান্বিত কৰিবলৈ হলে নাৰী সকলো অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হোৱাৰ প্ৰয়োজন আছে।

সম্প্ৰতি নাৰী সৱলীকৰণ আৰু অৰ্থনৈতিক স্বাৱলম্বন আদি বিষয় সমূহ চৰকাৰী কিম্বা বেচৰকাৰী খণ্ডত সঘন চৰ্চিত হোৱাৰ ক্ষণত দৰং জিলাৰ পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত বানেইকুছি গাঁৱৰ এজাক মহিলাই অৰ্থনৈতিক স্বাৱলম্বনৰ ক্ষেত্ৰত এখোজ আগবঢ়া কৰ্মসূচীয়ে অঞ্চলটিৰ মহিলা সকলৰ মাজত এক ইতিবাচক দিশ সূচনাৰ আৰম্ভণি বুলিয়েই কব পাৰি।

সৰ্বভাৰতীয় সংস্থা “ট্টাই ট্ৰাষ্ট”ৰ বৰমপুৰ খণ্ডৰ কৰ্মকৰ্তা, অগ্ৰণী মহিলা ৰেখা ৰাণী হাজৰিকা কলিতাই সংস্থা টিত জড়িত হোৱাৰ পিছৰ পৰাই গাঁও খনৰ একাংশ মহিলাক সংগঠিত কৰি সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক আদি দিশত গাঁও তথা সমাজখনৰ মহিলা সকলক কৰ্ম সংস্কৃতিৰ এক দিক দৰ্শন দিবলৈ অহৰহ চেষ্টাত ব্ৰতী হৈ আহিছে আৰু সেইমতে সফলতাৰ দিশত আগবাঢ়িবলৈও সক্ষম হৈছে।

সেই লৈ ২০২৪ বৰ্ষৰ জুন মাহত গাঁও খনৰ পছিশ গৰাকী মহিলাক লৈ “সমন্বয় মহিলা সমবায় সমিতি” বানেঈকুছি নামকৰণেৰে এটি মহিলা সংস্থাৰ জন্ম দিয়ে য’ত নেকি বহু কেইগৰাকী উচ্চ শিক্ষিতা মহিলাও জড়িত হৈ আছে।

সমবায় সমিতিখনে মহিলা সকলৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলাৰ লগতে ইয়াৰে দহ গৰাকী মহিলাই সাপ্তাহিক বজাৰত হোটেল ব্যৱসায় আৰু এঘাৰ গৰাকীয়ে”বৰদৈচিলা নাৰ্চাৰী”নামকৰনেৰে নাৰ্চাৰী ব্যৱসায়ৰে স্বাৱলম্বিতা দিশত আগবঢ়াৰ সিদ্ধান্ত লয়।

হোটেল আৰু নাৰ্চাৰী ব্যৱসায়ৰ প্ৰয়োজনীয় মূলধন সমবায় খনিৰ পৰাই অতি নূন্যতম সূদৰ হাৰত ঋণ হিচাপে লৈ দুয়োটা ব্যৱসায়ৰ উপাৰ্জিত ধনেৰে সমবায় ক ঋণ পৰিশোধৰ উপৰি কিছু শতাংশ লভ্যাংশ জমা কৰি আহিছে।

দেওমৰনৈ গ্ৰামীণ বিকাশ বেংকত চেভিংচ একাউণ্টৰ লেনদেনৰ যোগেদি সমবায় খনিয়ে প্ৰায় অৰ্ধ লক্ষাধিক ধন জমা কৰিবলৈ সক্ষম হৈছে। গাঁওখনৰ ‘সমন্বয় মহিলা সমবায় সমিতি’ৰ হোটেল ব্যৱসায়ত জড়িত মহিলা সকল ক্ৰমে ৰেখা ৰাণী হাজৰিকা কলিতা (মুখ্য পৰিচালিকা) ভটিমা ডেকা , হেমপ্ৰভা ডেকা,কণিকা ডেকা, বাসন্তী ডেকা মল্লিকা কোঁৱৰ,ভানু ডেকা,কনিকা চলিহা,প্ৰনতি ডেকা,বন্দনা ডেকা।

অকল হোটেল, নাৰ্চাৰী ব্যৱসায়ৰ উপৰি সামাজিক, সাংস্কৃতিক ক্ষেত্ৰ খনিত সমূহীয়া গছপুলি ৰোপণ,বিশ্ব পৰিৱেশ দিৱস পালন,ৰাম নৱমী পালন, শিশু ভাওনা দল গঠন, শিশু নাট্য দলৰ দ্বাৰা নাট প্ৰদৰ্শন, সামূহিক চাফাই, ৰক্ষা বন্ধন পালন আদি অনুষ্ঠান স্বেচ্ছামূলক ভাৱে ৰূপায়িত কৰি আহিছে।

শেহতীয়াকৈ সমন্বয় মহিলা সমবায় সমিতি খনৰ উৎপাদনমুখী নতুন আঁচনি, পৰিকল্পনা সন্দৰ্ভত মুখ্য পৰিচালিকা ৰেখা ৰাণী হাজৰিকা কলিতা ই কয় যে শেহতীয়াকৈ গাঁও খনৰ আৰু অধিক মহিলা জড়িত কৰি মহিলা সকলক কেবাটাও গোটত বিভক্ত কৰি ক্ষুদ্ৰ চাবোন উদ্যোগ,আচাৰ আৰু ফল মূলৰ আচাৰ প্ৰস্তুত কৰণ, ধূপকাঠি তৈয়াৰী, বোৱা কটা,চিলাই আদি কে ধৰি থলুৱা উৎপাদনমূখী ব্যৱস্থাৰ দিশে আগবাঢ়িবলৈ চেষ্টা কৰা হৈছে যদিও এই ক্ষেত্ৰত মহিলা সকলক বিভিন্ন দিশত প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা হৈছে আৰু এইক্ষেত্ৰত স্থানীয় বিধায়ক, সাংসদক বিষয়টি দৃষ্টি গোচৰ কৰাৰ উপৰি পোনপটীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীক বিভাগীয় কৰ্তৃপক্ষৰ যোগেদি প্ৰশিক্ষণ আৰু ৰাজ সাহাৰ্য প্ৰদানৰ জড়িয়তে মহিলা সকলক স্বনিৰ্ভৰশীল কৰি তুলিবলৈ বিনম্ৰ অনুৰোধ জনাইছে।

তেওঁ আৰু কয় যে গ্ৰামাঞ্চলৰ মহিলা সকলে এই দৰে কৰ্মমূখী হৈ উৎপাদনমুখী কৰ্মত জড়িত হ’ব খোজাটো এক ইতিবাচক দিশ হিচাপে চিহ্নিত হৈছে বুলি অনুভৱ কৰা হৈছে। এনে পৰিপ্ৰেক্ষিতত পৰিবৰ্তন আৰু বিকাশৰ শ্লগান দি থকা জণপ্ৰতিনিধি আৰু চৰকাৰে কি দৰে বানেইকুছি অঞ্চলৰ মহিলা সকলক স্বনিৰ্ভৰশীলতাৰ দিশত আগবঢ়াই নিব পাৰে সেয়া বিশেষ লক্ষণীয় হ’ব।

One thought on “DARANG: দৰঙৰ বানেইকুছিত ‘সমন্বয় মহিলা সমবায় সমিতি’ৰ প্ৰশংসণীয় পদক্ষেপ

  • Bhadra Chutia

    সুন্দৰ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!