অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ENVIRONMENT: সংৰক্ষণ ক্ষেত্ৰলৈ উৎকৃষ্ট অৱদানৰ স্বীকৃতি, ড° বিভৱ কুমাৰ তালুকদাৰলৈ অসমৰ বন বিভাগৰ প্ৰশংসা পত্ৰ

Spread the love

সংৰক্ষণ ক্ষেত্ৰলৈ উৎকৃষ্ট অৱদানৰ স্বীকৃতি, ড° বিভৱ কুমাৰ তালুকদাৰলৈ অসমৰ বন বিভাগৰ প্ৰশংসা পত্ৰ

DD TIMES গুৱাহাটী, ৯ অক্টোবৰঃ একনিষ্ঠ সংৰক্ষণ বিজ্ঞানী, অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ সচিব প্ৰধান তথা কাৰ্যবাহী সঞ্চালক ড° বিভৱ কুমাৰ তালুকদাৰক তেওঁৰ নিষ্ঠা আৰু সেৱাৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰৰ বন বিভাগে প্ৰশংসা পত্ৰ প্ৰদান কৰিছে।

“বন্যপ্ৰাণী সপ্তাহ ২০১৫” উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত ৮ অক্টোবৰত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত ড° তালুকদাৰক এই প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়।

উক্ত অনুষ্ঠানত অসমৰ বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, প্ৰধান মুখ্য বন সংৰক্ষক সন্দীপ কুমাৰ আৰু বন বাহিনীৰ মূৰব্বী সন্দীপ কুমাৰ (আই এফ এছ), প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) আৰু অসমৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন ড° বিনয় গুপ্তা (আই এফ এছ) প্ৰমুখ্যে বন বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ লগতে বন বিভাগৰ কেইবাজনো অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া, বন বিভাগৰ কৰ্মচাৰী, বিশিষ্ট সংৰক্ষণবিদ আৰু সংৰক্ষণ কৰ্মী উপস্থিত থাকে।

ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণৰ এক চিৰস্থায়ী ঐতিহ্য গঢ়ি বন্যপ্ৰাণীৰ সুৰক্ষা, সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা অসাধাৰণ নিষ্ঠা, অতুলনীয় দায়বদ্ধতা আৰু উৎকৃষ্ট অৱদানেৰ স্বীকৃতি স্বৰূপে ড° তালুকদাৰক এই সন্মান প্ৰদান কৰা হৈছে।

ড° তালুকদাৰক প্ৰদান কৰা প্ৰশংসা পত্ৰখনত কোৱা হৈছে, “তেওঁৰ কৰ্মই সংৰক্ষণৰ বৈজ্ঞানিক ভিত্তি আৰু ব্যৱহাৰিক প্ৰয়োগক উল্লেখ্যযোগ্য ভাৱে আগুৱাই নিছে।”

ড° বিভৱ কুমাৰ তালুকদাৰে এই সন্মানৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে। কাইলৈ পুৱা আৰম্ভ হ’বলগীয়া আই ইউ চি এন বিশ্ব সংৰক্ষণ সন্মিলনত অংশ ল’বলৈ ইতিমধ্যে আবুধাবিলৈ যাত্ৰা কৰা ড° তালুকদাৰে কয় যে, “সংৰক্ষণৰ ক্ষেত্ৰত অসমৰ বন বিভাগক সহায়ৰ বাবে আমাৰ প্ৰচেষ্টাৰ অংশ হিচাপে ৩৫ বছৰতকৈও অধিক সময় ধৰি বন বিষয়াসকলৰ সৈতে কাম কৰাটো আমাৰ বাবে এক বৃহৎ সুযোগ আৰু সৌভাগ্য।

এই চেষ্টাৰ প্ৰতি বন বিভাগে আগবঢ়োৱা স্বীকৃতিয়ে আমাক অসমত সংৰক্ষণৰ উমৈহতীয়া লক্ষ্যত উপনীত হোৱাৰ বাবে বিভাগটোৰ সৈতে সহযোগিতাৰে কাম কৰিবলৈ অধিক উৎসাহিত কৰিব। বন বিভাগক মই মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।’

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!