অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

COTTON UNIVERSITY: কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ দায়িত্বত ড° হীৰেণ ডেকা

Spread the love

কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ দায়িত্বত ড° হীৰেণ ডেকা

9

DD TIMES গুৱাহাটী, ৮ অক্টোবৰঃ গণিত বিভাগৰ সহযোগী অধ্যাপক ড° হীৰেণ ডেকাই কটন বিশ্ববিদ্যালয়ৰ নতুন পঞ্জীয়ক (ভাৰপ্ৰাপ্ত) হিচাপে দায়িত্ব গ্ৰহণ কৰে। পূৰ্বৰ পঞ্জীয়ক ড° অৰিন্দম গাৰ্গে স্বাস্থ্যজনিত কাৰণত অব্যাহতি লোৱাৰ পিছত ড° ডেকাই এই দায়িত্ব গ্ৰহণ কৰে।

ড° হীৰেণ ডেকা বিগত ২০০৫ চনৰ পৰাই কটন বিশ্ববিদ্যালয়ৰ সৈতে জড়িত আৰু তেতিয়াৰে পৰা তেওঁ গণিত বিভাগৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত হৈ আছে। যোৱা দুটা দশক ধৰি তেওঁ পৰীক্ষা নিয়ন্ত্ৰক (ভাৰপ্ৰাপ্ত) আৰু আভ্যন্তৰীণ গুণগত মান নিৰূপন কোষৰ(IQAC)-ৰ সঞ্চালকৰ (ভাৰপ্ৰাপ্ত) লগতে শিক্ষানুষ্ঠানখনৰ বিভিন্ন গুৰুত্বপূর্ণ প্ৰশাসনিক দায়িত্বও পালন কৰি আহিছে।

দায়িত্বভাৰ গ্ৰহণৰ বিষয়ে নিজৰ মত প্ৰকাশ কৰি ড° ডেকাই কয় যে, ‘এই নতুন দায়িত্বত কটন বিশ্ববিদ্যালয়ক সেৱা কৰাৰ সুযোগ পোৱাটো মোৰ বাবে এক গৌৰৱৰ ক্ষণ। মই বিশ্ববিদ্যালয়ৰ সকলো সদস্যৰ সৈতে একেলগে কাম কৰি বিশ্ববিদ্যালয়ৰ শৈক্ষিক আৰু প্ৰশাসনিক উৎকর্ষতা বৃদ্ধি কৰিম বুলি দৃঢ় বিশ্বাসী।’

ড° হীৰেণ ডেকাৰ পঞ্জীয়ক হিচাপে নিযুক্তিয়ে বিশ্ববিদ্যালয়ৰ শৈক্ষিক আৰু প্ৰতিষ্ঠানিক বিকাশৰ যাত্ৰাত প্ৰশাসনিক স্থিৰতা আৰু ধাৰাবাহিকতা নিৰ্দ্ধাৰণ কৰিব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!