অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

TEACHERS: ঈশ্বৰৰ আশীৰ্বাদ থাকিলেহে শিক্ষক হ’ব পাৰেঃ বিধায়ক ৰমাকান্ত দেউৰী

Spread the love

ঈশ্বৰৰ আশীৰ্বাদ থাকিলেহে শিক্ষক হ’ব পাৰেঃ বিধায়ক ৰমাকান্ত দেউৰী
মৰিগাঁৱত অৱসৰৰ লগে লগে ১৯গৰাকী শিক্ষকক পেঞ্চনৰ সুবিধা প্ৰদান

DD TIMES মৰিগাঁও, ৮ অক্টোবৰঃ অৱসৰৰ লগে লগে পেঞ্চনৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে মৰিগাঁও জিলা শিক্ষা বিভাগে ৰূপায়ণ কৰি অহা ‘নিৰন্তৰ’ কাৰ্যসূচীৰ ১৮ সংখ্যক অনুষ্ঠান আজি অনুষ্ঠিত হয়।

শিক্ষা বিভাগৰ ঐতিহ্য ভৱনত অনুষ্ঠিত এই অনুষ্ঠানত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ১৯গৰাকী শিক্ষকক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে পেঞ্চনৰ সুবিধা প্ৰদান কৰে।

সেই অনুসৰি মাধ্যমিক বিদ্যালয়ৰ ১৩গৰাকী, উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ৪গৰাকী আৰু প্ৰাথমিক বিদ্যালয়ৰ ২গৰাকী সদ্য অৱসৰী শিক্ষকক পেঞ্চনৰ সুবিধাসমূহ যেনে- জমা ছুটী বেতন, বীমা ধন আদি প্ৰদান কৰে।

অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে শিক্ষা বিভাগৰ এনে আদৰণীয় পদক্ষেপৰ শলাগ লৈ ভাষণ প্ৰদান কৰে। তেওঁ ভাষণত ঈশ্বৰৰ আশীৰ্বাদ থাকিলেহে শিক্ষক হ’ব পাৰি বুলি উল্লেখ কৰি শিক্ষকসকল সদায়ে সমাজৰ সন্মানীয় ব্যক্তি বুলি কয়।

অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ডালিম ফুকন,অসম উন্নতি সভাৰ সম্পাদক অতনু শৰ্মা, বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক সমৰ বৰুৱা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই অনুষ্ঠানৰ আঁত ধৰা অনুষ্ঠানটোত কেইবাগৰাকীও অৱসৰী শিক্ষকে নিজৰ অনুভৱ ব্যক্ত কৰি বক্তব্য প্ৰদান কৰি বিভাগৰ এনে পদক্ষেপৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। সভাত অৱসৰী শিক্ষকসকলৰ উপৰি বিভাগৰ ভালে সংখ্যক বিষয়া-কৰ্মী উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!