ZUBEEN GARG: বঙাইগাঁৱত নিমাৰ্ণ কৰিব ১৫ ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি
বঙাইগাঁও চহৰত শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন সম্পর্কত ৰাজহুৱা সভাঃ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজনঃ ১৫ ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ সিদ্ধান্তঃ স্থান নিৰ্বাচনঃ শিল্পীগৰাকীৰ নামত সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰো সিদ্ধান্ত গ্ৰহণঃ সাংসদ ফণীভূষণ চৌধুৰীক সভাপতি হিচাপেলৈ সমিতি গঠন
বঙাইগাঁওঃ ৮ অক্টোবৰঃ অসমৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ তথা অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যুত সমগ্ৰ অসমবাসীৰ লগতে বঙাইগাঁওবাসীও মৰ্মাহত ৷ ইয়াৰ মাজতে এইগৰাকী মহান শিল্পীৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ তথা ভৱিষ্যৎ পুৰুষৰ অনুপ্ৰেৰণা হোৱাকৈ বঙাইগাঁও চহৰত জুবিন গাৰ্গৰ এটা স্থায়ী প্রতিমূর্তি স্থাপনৰ বাবে চলিছে প্ৰস্তুতি ৷

এইক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে ৷ এই পদক্ষেপক আগুৱাই নিয়াৰ বাবে সাংসদ ফণীভূষণ চৌধুৰীয়ে বুধবাৰে বীৰঝৰা পাব্লিক লাইব্ৰেৰীত শিল্পী গৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মাণ সম্পৰ্কত এখন ৰাজহুৱা সভা আহ্বান কৰে ৷ সেইদৰে আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো ৷

শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উপলক্ষে প্ৰয়াত শিল্পী গৰাকীৰ আত্মাৰ সদগতি কামনা কৰি হিন্দু ধৰ্মৰ ৰীতি – নীতি অনুসৰি যিখিনি কৰিব লাগে পুৰোহিতৰ দ্বাৰা কৰা হয় ৷ সেইদৰে কৰা হয় বিষ্ণু পূজা ৷ একেদৰে মহিলা নামৰ দল, পুৰুষৰ নাগাৰা নামৰ দল আৰু বৰপেটাৰ পৰা অহা গায়ন- বায়নৰ দলে পৰিৱেশন কৰে নাম ৷

আনহাতে ৰোপন কৰা হয় নাহৰ ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সাংসদ ফণীভূষণ চৌধুৰী, বিধায়িকা দীপ্তিময়ী চৌধুৰী, জিলা উন্নয়ন আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, বঙাইগাঁও জিলা পৰিষদৰ সভানেত্ৰী মৃদুলা সিংহ, মহাবিদ্যালয়ৰ অধ্যক্ষ, উপাধ্যক্ষ, অধ্যাপক, বিভিন্ন সংগঠনৰ প্ৰতিনিধি, ফেন ক্লাবৰ সদস্য, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, সমাজকৰ্মী, সাংবাদিক আদিকে ধৰি সৰ্বস্তৰৰ শিল্পী গৰাকীৰ অনুৰাগীসকল উপস্থিত থাকি শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায় ৷

একেদৰে পৰিৱেশ কৰা হয় শিল্পী গৰাকীৰ ‘মায়াবিনী ৰাতিৰ বুকুত ‘ শীৰ্ষক প্ৰিয় গীতটি ৷ আবেলিৰ ভাগত অনুষ্ঠিত ৰাজহুৱা সভাত প্ৰতিমূৰ্তি নিৰ্মাণৰ স্থান আদি বিষয়ত বিভিন্নজনে বক্তব্য ৰাখে ৷ অসমীয়া প্ৰতিদিনৰ বঙাইগাঁও সংস্কৰণৰ আবাসিক সম্পাদক হেমন্ত শৰ্মাৰ সভাপতিত্বত প্ৰতিমূৰ্তি নিৰ্মাণ সন্দৰ্ভত অনুষ্ঠিত ৰাজহুৱা সভাত সাংসদ গৰাকীৰ লগতে সভাত উপস্থিত থকা বিভিন্ন ব্যক্তিয়ে প্ৰতিমূৰ্তিৰ স্থাপনৰ স্থান, প্ৰকল্পটো কেনেকুৱা হোৱা উচিত আদি বিষয়ত নিজৰ নিজৰ বক্তব্য ৰাখে ৷
শেষত সকলোকে মতামতৰ ভিত্তিত সভাত প্ৰতিমূৰ্তিৰ বাবে দুটাকৈ স্থান নিৰ্বাচিত কৰা হয় আৰু তাৰে যিটো সুবিধাজনক হ’ব তাতে নিৰ্মাণৰ ব্যৱস্থা কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰে ৷ আনহাতে এই সমগ্ৰ প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে সাংসদ ফণীভূষণ চৌধুৰীক সভাপতি হিচালৈ জুবিন গাৰ্গ স্মৃতি ৰক্ষা সমিতি নামেৰে এখন সমিতি গঠন কৰা হয় ৷ সন্ধিয়া প্ৰজ্বলন কৰা হয় বন্তি ৷ সেইদৰে শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৫২ খন ছবি অংকন কৰা হয় ৷
ইপিনে সভাৰ শেষত সাংসদ চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে সভাখন জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ সন্দৰ্ভত আহ্বান কৰা হৈছিল ৷ কিন্তু বঙাইগাঁওবাসীৰ এটা আবেগ, বঙাইগাঁওবাসী ৰাইজৰ এটা চিন্তা যে ইয়াত কেৱল জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিয়ে নহয় বৰং জুবিন গাৰ্গৰ নামত এটা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰিব লাগে ৷
যিটো সাংস্কৃতিক প্ৰকল্পত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি থাকিব, জুবিন গাৰ্গৰ সৃষ্টিৰাজি থাকিব আৰু জুবিন গাৰ্গে জীৱিতকালত যিসমূহ বস্তু ভাল পাইছিল সেইসমূহ যাতে ৰাখিব পৰা যায় বঙাইগাঁওবাসী ৰাইজে তাৰ এটা চিন্তা চৰ্চা কৰিছে আৰু তেনে ধৰণে সভাত সিদ্ধান্ত হৈছে ৷ আনহাতে প্ৰকল্পৰ স্থান সন্দৰ্ভত কয় যে সভাত মূলত দুটা স্থান নিৰ্বাচন কৰা হৈছে ৷
ইয়াৰে এটা চহৰখনৰ মাজমজিয়াত যি ৰে’ল বিভাগৰ ৩৯ হাজাৰ বৰ্গ মিটাৰ ভূমি আছে আৰু আনটো স্থান সন্যাসী পাহাৰত থকা পাঁচ বিঘা মাটি ৷ ইতিমধ্যে আমাৰ এখন সমিতি হৈছে আৰু সমিতেয়ে ৰে’লৱেৰ ভূমিখিনি পাব নে নাই সেই বিষয়ে আলোচনা কৰিব আৰু যদি নেপাও তেতিয়াহলে সন্যাসী পাহাৰৰ ভূমিত জুবিন গাৰ্গৰ নামত সাংস্কৃতিক প্ৰকল্পটো নিৰ্মাণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হ’ব ৷
প্ৰতিমূৰ্তিটো নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰৰ পৰা সহায় বিচৰাৰ কথা ভবা নাই বুলি কৈ যেতিয়া সাংস্কৃতিক প্ৰকল্পটো নিৰ্মাণৰ পৰ্যায়ত যোৱা হ’ব তেতিয়া নিশ্চয় চৰকাৰৰ সহযোগিতা বিচাৰিব লাগিব বুলি কয় ৷ কিন্তু ১৫ ফুট উচ্চতাৰ যিটো ব্ৰঞ্জৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ’ব সেইটো বঙাইগাঁওবাসী ৰাইজৰ দান- বৰঙণিৰে নিৰ্মাণ কৰা হ’ব ৷ সভাত বিভিন্নজনে দান-বৰঙণি দিয়াৰ বাবে আগবাঢ়ি আহিছে ৷
সেয়ে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো আমি বঙাইগাঁওবাসী ৰাইজৰ বৰঙণিৰে নিৰ্মাণ কৰিম আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া আমি সাংস্কৃতিক প্ৰকল্পলৈ আগবাঢ়ি যাম তেতিয়া নিশ্চিতভাবে আমি চৰকাৰৰ ওচৰত আবেদন জনাম বা চৰকাৰৰ সা- সুবিধা গ্ৰহণ কৰাৰ কাৰণে চেষ্টা কৰিম ৷ সাংসদ চৌধুৰীয়ে জনোৱা মতে প্ৰতিমূৰ্তিটো নিৰ্মাণত প্ৰায় ৪০ ৰ পৰা ৪৫ লাখ টকা খৰচ হ’ব আৰু ইতিমধ্যে এগৰাকী ভাস্কৰ্যশিল্পীক প্ৰতিমূৰ্তিটো নিৰ্মাণৰ বাবে পাঁচ লাখ টকা আগধন দিয়া হৈছে ৷
উল্লেখ্য যে সাংসদ গৰাকীয়ে শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পিচতে বঙাইগাঁৱত শিল্পী গৰাকীৰ স্মৃতি জীয়াই ৰাখিবলৈ প্ৰতিমূৰ্তি নিৰ্মাণৰ কথা ঘোষণা কৰিছিল ৷ কাৰণ শিল্পী জুবিন গাৰ্গ জাতি ধর্ম বর্ণ নির্বিশেষে গোটেই অসমবাসীৰ লগতে বঙাইগাঁওবাসীৰো হিয়াৰ আপোন আছিল আৰু বঙাইগাঁওৰ প্ৰতি শিল্পী গৰাকীৰ বিশেষ মৰম তথা আকর্ষণ আছিল। বঙাইগাঁও তথা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চত শিল্পী গৰাকীয়ে গীত পৰিৱেশন কৰিছিল আৰু এই অঞ্চল তথা লোকসকলৰ প্ৰতি জুবিন গাৰ্গৰ যথেষ্ট আন্তৰিকতা আছিল।
জনতাৰ শিল্পী জুবিন গাৰ্গৰ এই অকাল বিয়োগত সেয়ে গুণমুগ্ধ সমগ্ৰ অসমবাসীৰ সৈতে বঙাইগাঁও বাসীয়েও সমানেই মর্মাহত হৈছে ৷ ইয়াৰ মাজতে মৰমৰ শিল্পী গৰাকীৰ স্মৃতি জীয়াই ৰখাৰ বাবে কৰা এনে প্ৰয়াস নিশ্চয়কৈ আদৰণীয় ৷


সুন্দৰ