KAZIRANGA UNIVERSITY: কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিৰ পৰা বহিস্কাৰ শ্যামকানু মহন্তক
কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিৰ পৰা বহিস্কাৰ শ্যামকানু মহন্তকঃ কাজিৰঙা বিশ্ববিদ্যালয়তো শ্যামকানুৱে সংঘটিত কৰিছিল নেকি অৰ্থনৈতিক অপৰাধ, ইডিয়ে তদন্তত কাজিৰঙা বিশ্ববিদ্যালয়কো সামৰি লোৱাৰ দাবী বহুতৰে

DD TIMES গুৱাহাটী, ৮ অক্টোবৰঃ কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিৰ পৰা বহিস্কাৰ কৰা হৈছে শ্যামকানু মহন্তক। কাজিৰঙা বিশ্ব বিদ্যালয় কৰ্তৃপক্ষই এই বিষয়ে সংবাদমাধ্যমক জানিবলৈ দিছে। উল্লেখ্য ১২ বছৰ ধৰি শ্যামকানু মহন্তই কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিত আছিল। ৭ অক্টোবৰত কাজিৰঙা বিশ্ব বিদ্যালয় কৰ্তৃপক্ষই বিশেষ সভা অনুষ্ঠিত কৰি বিশ্ববিদ্যালয় খনৰ পৰিচালনা সমিতিৰ পৰা শ্যামকানু মহন্তক বহিস্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
উল্লেখ্য ১ অক্টোবৰত শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিছিলচিআইডিয়ে। শ্যামকানু মহন্তৰ ঘৰত অভিযান চলাই চিআইডিয়ে উদ্ধাৰ কৰিছিল অসম চৰকাৰৰ বহু ভুৱা চৰকাৰী চীল-মোহৰ। এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত বহুতে এতিয়া দাবী কৰিছে যে পৰিচালনা সমিতিত যিহেতু শ্যামকানু মহন্ত আছিল সেয়ে কাজিৰঙা বিশ্ববিদ্যালয়তো তেওঁ কিবা অৰ্থনৈতিক অপৰাধ সংঘটিত কৰিছিল নেকি সেই বিষয়ত ইডিয়ে তদন্ত কৰা উচিত।
বহুতে ইডিৰ সমগ্ৰ তদন্ত প্ৰক্ৰিয়াত কাজিৰঙা বিশ্ববিদ্যালয়কো সামৰি লব লাগে বুলি সচেতন মহলে এতিয়া দাবী উত্থাপন কৰিছে। ইপিনে চি আই ডিৰ কাৰ্যালয়ত শ্যামকানু মহন্তক ইডিৰ এটা দলে জেৰা চলাইছে। উল্লেখ্য যে, শ্যামকানু মহন্তক ইডিয়ে জেৰা কৰিব পাৰে বুলি পূৰ্বেই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো।
ডজানিব পৰা মতে শ্যামকানু মহন্তৰ পূর্বে নন-বেংকিং ফাইনেন্সিয়েল কোম্পানী (এন বি এফ চি)ত চাকৰিৰ সময়ত সংঘটিত হৈছিল ২০ বছৰতকৈও অধিক পুৰণি আর্থিক অনিয়ম। মহন্তৰ বিৰুদ্ধে আৰ্থিক অপৰাধ আৰু ধন সৰবৰাহৰ জৰিয়তে বিপুল পৰিমাণৰ বেনামী সম্পত্তি আহৰণৰো সুকীয়া তদন্ত আৰম্ভ কৰা হৈছে বুলি বিশেষ সূত্ৰই জানিবলৈ দিছে।
২৫ আৰু ২৬ ছেপ্টেম্বৰত চি আই ডিৰ বিশেষ তদন্তকাৰী গোটে শ্যামকানু মহন্তৰ ঘৰত অভিযান চলাই বহু আপত্তিজনক নথি-পত্ৰ আৰু সামগ্ৰী জব্দ কৰিছিল। সেইবোৰৰ ভিতৰত আছিল একেটা ফাৰ্মৰ নামত একাধিক পেন কাৰ্ড, বিভিন্ন কোম্পানী আৰু চৰকাৰী বিষয়াৰ প্ৰায় ৩০টা ষ্টাম্প-ছীলৰ লগতে কেইবাটাও বেনামী সম্পত্তিৰ নথি-পত্ৰ।
নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেশ্যন লিমিটেড (নেডফি)ৰ সহকাৰী মহাপ্ৰবন্ধক কৰ্মৰত হৈ থকাৰ সময়ত শ্যামকানু মহন্তই প্ৰায় ১৪ কোটিৰ বিত্তীয় অনিয়ম সংঘটিত কৰাৰো অভিযোগ উত্থাপন হৈছে।
নেডফিৰ সেই বিত্তীয় অনিয়মৰ বিৰুদ্ধে আভ্যন্তৰীণ তদন্ত চলি থকাৰ সময়তে তেওঁ ২০০৪ চনত পদত্যাগ কৰিবলৈ বাধ্য হৈছিল তেওঁ আৰু তাৰ পিছত ইনফ্ৰাষ্ট্ৰাকচাৰ লিজিং এণ্ড ফাইনেন্সিয়েল চাৰ্ভিচেছ (আইএল এণ্ড এফএছ)ৰ ভাইচ-প্ৰেছিডেন্ট হিচাপে যোগদান কৰিছিল। শেষত শ্যামকানু মহন্তই সেই চাকৰি এৰি নিজাকৈ ইভেণ্ট মেনেজমেণ্ট ফাৰ্ম ট্ৰেণ্ড এমএমএছ আৰম্ভ কৰিছিল।

