অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ZUBEEN GARG: বিধায়ক অখিল গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞাৰ গোচৰ ৰুজু

Spread the love

জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ ৰিণিকি ভূঞাক লেটিয়াই আইনী মেৰপেছত ৰাইজৰ দলৰ নেতা অখিল গগৈ
অখিল গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞাৰ গোচৰ ৰুজুঃ ৩০ অক্টোবৰত কামৰূপ মুখ্য ন্যায়াধীশৰ আদালত গোচৰৰ প্ৰথম শুনানি

DD TIMES গুৱাহাটী, ৮ অক্টোবৰঃ জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ ৰিণিকি ভূঞাক লেটিয়াই আইনী মেৰপেছত সোমাই পৰিছে ৰাইজৰ দলৰ নেতা অখিল গগৈ। অখিল গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞাৰ গোচৰ ৰুজু কৰিছে। এই গোচৰৰ প্ৰথম শুনানি হব ৩০ অক্টোবৰত।


আজি সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ এই কথা ৰাজহুৱা কৰিছে। বিধায়ক অখিল গগৈকে ধৰি একাংশই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ পাছতে ৰিণিকি ভূঞা শৰ্মাকো লক্ষ্য কৰি লৈ বিভিন্ন অভিযোগ উত্থাপন কৰিছিল। জুবিনৰ মৃত্যুৰ পাছতো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠান ‘গল্ডেন থ্ৰেডছ’ৰ দ্বাৰা আয়োজিত ফেশ্বন শ্ব’ চলি আছিল বুলি অভিযোগ কৰাৰ লগতে তেওঁৰ প্ৰতিষ্ঠানৰ সৈতে শ্যামকানু মহন্তৰ কি সম্পৰ্ক সেই বিষয়ত তদন্তৰ দাবী উত্থাপন কৰিছিল। তাৰ মাজতে ৰিণিকি ভূঞা শৰ্মাৰ নাম সাঙুৰিও কেইবাখনো থানাত জুবিনৰ মৃত্যুৰ ঘটনাক লৈ দাখিল হৈছিল অভিযোগ।

এনে পৰিস্থিতিৰ মাজতেই বিধায়ক অখিল গগৈয়ে উত্থাপন কৰা অভিযোগক কেন্দ্ৰ কৰি ৰিণিকি ভূঞা শৰ্মাই আইনী পদক্ষেপ গ্ৰহণ কৰিছে। আজি তেওঁ অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ দাখিল কৰিছেএ। অহা ৩০ অক্টোবৰত কামৰূপ মুখ্য ন্যায়াধীশৰ আদালত এই গোচৰৰ প্ৰথম শুনানি অনুষ্ঠিত হ’ব।

অন্যহাতে তেওঁ ৯ অক্টোবৰ, ২০২৫ বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু দলটোৰ আন এগৰাকী নেতা চিত্তৰঞ্জন বসুমতাৰীৰ বিৰুদ্ধেও মানহানিৰ গোচৰ তৰিব বুলি উল্লেখ কৰিছে। সমান্তৰালকৈ সামাজিক মাধ্যমত তেওঁৰ বিৰুদ্ধে যিসকলে আপত্তিজনক মন্তব্য কৰিছে তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ৰিণিকি ভূঞা শৰ্মাৰ সংবাদ প্ৰতিষ্ঠানে বাতৰি প্ৰকাশ কৰিছে।

উদ্যোগী মহিলাগৰাকীয়ে সামাজিক মাধ্যমত লিখিছে, এই কঠিন সময়ত মই মোৰ জীৱনত গভীৰভাৱে সন্মান কৰা আৰু উদ্যোগপতি হিচাপে মোৰ যাত্ৰাৰ অংশ হৈ থকা এজন মহান ব্যক্তিৰ নাম কোনো ধৰণে জড়িত নকৰিবলৈ বাছি লৈছো।

তেওঁৰ সংগীত আৰু অমূল্য সহায়-সহযোগে নিউজলাইভৰ আৰম্ভণিৰ দিনবোৰৰ পৰা আজিলৈকে আগবাঢ়ি যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। এনে এক কিংবদন্তী ব্যক্তিত্বক ৰাজনৈতিক খেললৈ টানি অনা বিষয়তো সঁচাকৈয়ে হতাশজনক, বিশেষকৈ যিসময়ত আমি সকলোৰে একত্ৰিত হৈ ন্যায়ৰ বাবে যুঁজ কৰাটো উচিত।

ৰিণিকি ভূঞা শৰ্মাই আৰু লিখিছে তেওঁৰ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড চমুকৈ পিইইপিএল ৰ দ্বাৰা অখিল গগৈক ছিংগাপুৰলৈ যাবলৈ সহায় কৰিব। তেওঁক এটা প্ৰথম শ্ৰেণীৰ টিকট, ছিংগাপুৰৰ পঞ্চতাৰকা হোটেলত থকাৰ ব্যৱস্থাৰ কৰি দিব যাতে তেওঁ যিসমূহ অভিযোগ উত্থাপন কৰিছে সেই অভিযোগৰ প্ৰমাণসমূহ সংগ্ৰহ কৰিব পাৰে।

তেওঁ আৰু কয়, অখিল গগৈয়ে এই তথ্য সংগ্ৰহ কৰাৰ পাছত আমি অহা ৩০ অক্টোবৰ, ২০২৫ ত আদালতত প্ৰথম শুনানিৰ সময়ত সাক্ষাৎ কৰিম। ভূঞাই অখিল গগৈৰ বিৰুদ্ধে ৰুজো কৰা গোচৰৰ সবিশেষো পোষ্টটোত উল্লেখ কৰিছে।

সেই মতে গোচৰ নম্বৰ- ৩৩০৮৭/২০০৫, গোচৰ দিয়াৰ তাৰিখ- ০৮-১০-২০২৫, পঞ্জীয়ন নম্বৰ ৫০২/২০২৫, পঞ্জীয়নৰ তাৰিখ ০৮-১০-২০২৫ আৰু চি এন আৰ নম্বৰ AS01060330922025।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!