WEIGHTLIFTING: আন্তঃজিলা ভাৰোত্তোলন প্ৰতিযোগিতা পুনৰ আৰম্ভ
আন্তঃজিলা ভাৰোত্তোলন প্ৰতিযোগিতা পুনৰ আৰম্ভ
DD TIMES তেজপুৰ, ৮ অক্টোবৰঃ অসম ভাৰোত্তোলন সন্থাৰ সহযোগত তথা শোনিতপুৰ জিলা ভাৰোত্তোলন সন্থাৰ উদ্যোগত আজিৰে পৰা পুনৰ ৫৩ সংখ্যক আন্তঃজিলা ভাৰোত্তোলন প্ৰতিযোগিতাখন আৰম্ভ হৈছে৷ উল্লেখ্য যে যোৱা মাহত এই প্ৰতিযোগিতাৰ খেল চলি থকা সময়তে জনকণ্ঠ জুবিন গাৰ্গৰ আকস্মিক পৰলোক হোৱাত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সামসিকভাবে খেল স্থগিত ৰখা হৈছিল৷

আজি হোৱা খেলত ৭৯ কেজি ওজন শাখাৰ ল’ৰাৰ ইউথত অভিনৱ দুৱাৰাই সোণ, নিখিল দাসে ৰূপ আৰু জয়দীপ দাসে ব্ৰঞ্জ অৰ্জন কৰে৷ আনহাতে, জুনিয়ৰত হেমন্ত দৈমাৰীয়ে সোণ, আয়ুশ ৰায়ে ৰূপ আৰু নিবিৰজ্যোতি কোৱৰে ব্ৰঞ্জ পায়৷ এই শাখাৰে ছিনিয়ৰৰ সোণ হেমন্ত দৈমাৰীয়ে, ৰূপ প্ৰিতম দিহিঙিয়াই আৰু ব্ৰঞ্জ সোনম লামাই অৰ্জন কৰে৷
ইফালে, ৫৮ কেজি ওজন শাখাৰ ছোৱালীৰ ইউথত ভাৱনা গগৈয়ে সোণ, চয়নিকা গগৈয়ে ৰূপ আৰু সোণাক্ষী বৰাই ব্ৰঞ্জ লাভ কৰে৷ এই শাখাৰ জুনিয়ৰ-ছিনিয়ৰত আইছাংফা গগৈয়ে সোণ তথা কংকনা ডেকাবৰুৱাই জুনিয়ৰ-ছিনিয়ৰত ৰূপ লাভ কৰাৰ বিপৰীতে ভৱনা গগৈয়ে জুনিয়ৰত তথা কৃষ্ণা খাখলাৰীয়ে ছিনিয়ৰত ব্ৰঞ্জ পায়৷

ইফালে, ৬৩ কেজি ওজন শাখাৰ ছোৱালীৰ ইউথ তথা জুনিয়ৰত লুনা সোণোৱালে সোণ, জোনালী সোণোৱালে ৰূপ-ব্ৰঞ্জ আৰু দিপ্তী ৰেখা বৰুৱাই ইউথত ব্ৰঞ্জ তথা ডুম খাম ছেং টুৰুঙে জুনিয়ৰত ৰূপ পায়৷ এই শাখাৰ ছিনিয়ৰৰ প্ৰথম তিনিটা স্থানৰে পদক জয় কৰে ক্ৰমে ডুম খাম ছেং, পল্লবী পায়েং আৰু বিচিত্ৰা ঘোষে৷
আনহাতে, ৭১ কেজি ওজন শাখাৰ ল’ৰাৰ ইউথ-জুনিয়ৰৰ সোণ বনদ্বীপ বৰগোঁহায়ে, জিজ্ঞাষ মহন্তই ইউথত ৰূপ-জুনিয়ৰত ব্ৰঞ্জ তথা নিতুল প্ৰধানে জুনিয়ৰত ৰূপ আৰু ছিনিয়ত ব্ৰঞ্জ লাভ কৰে৷ ছিনিয়ৰত নিলকণ্ঠ কোৱৰে সোণ তথা কৌস্তভ বুঢ়াগোহায়ে ৰূপ পায়৷ আনহাতে, ইউথত ব্ৰঞ্জ পায় ৰক্তিম গগৈয়ে৷

