অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ZUBEEN GARG: নিজ কপাহেৰাত মহিলাৰ উদ্যোগত অমৃত কণ্ঠ জুবিন গাৰ্গক স্মৰণ

Spread the love

নিজ কপাহেৰাত মহিলাৰ উদ্যোগত অমৃত কণ্ঠ জুবিন গাৰ্গক স্মৰণঃ দিহানামেৰে মুখৰিত আকাশ-বতাহ

DD TIMES নগাঁও, ৮ অক্টোবৰঃ বেবেজীয়াৰ পশ্চিম প্ৰান্তৰ ইতিহাস প্ৰসিদ্ধ নিজ কপাহেৰা মেধি ঘৰ নামঘৰ প্ৰাংগণত আজি বিয়লি মহিলাৰ উদ্যোগত অসমৰ হিয়াৰ আমঠু স্বৰূপ অমৃত কণ্ঠ জুবিন গাৰ্গৰ স্মৃতিত স্মৃতিচাৰণ কৰাৰ লগতে দিহানামেৰে বৃহত্তৰ অঞ্চলটোৰ আকাশ-বতাহ মুখৰিত হৈ পৰে।

উল্লেখ্য যে জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত লাতুমণি লাহনে বন্তি প্ৰজ্বলন আৰু তুলু লাহন, লক্ষী বৰা আৰু জয়মতী লাহনে পুষ্পাঞ্জলী অৰ্পণ কৰি কয় যে জনতাৰ শিল্পী জুবিন গাৰ্গক ছিংগাপুৰলৈ নি শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শ্বেখৰজ্যোতি বাহিনীয়ে পৰিকল্পিতভাৱে যি হত্যাকাণ্ড সংঘটিত কৰিলে উক্ত হত্যাকাণ্ডৰ পানী নসৰকা তদন্ত হ’ব লাগে আৰু হত্যাকাৰীক মৃত্যুদণ্ডৰে দণ্ডিত কৰি ফাঁচি কাঠত ওলমাব লাগে।

উপস্থিত মহিলা সকলে জুবিন গাৰ্গ অমৰ হওঁক, জুবিন গাৰ্গৰ হত্যাকাৰীক ফাঁচি দিয়ক, আদি ধ্বনিৰে মুখৰিত কৰে। ইয়াৰ পিছতে মহিলাসকলে প্ৰতিকূল বতৰকো নেওচি দিহানাম পৰিৱেশনৰে জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনা কৰে।

অনুষ্ঠানত ববী বৰুৱা, ৰুণু বৰুৱা, বাসনা বৰুৱা, তামিনা বৰুৱা, তিলো বৰুৱা, কণমাই বৰুৱা, লাতুমণি লাহন, জানমণি গগৈ, লক্ষী বৰা, ছিমি বৰুৱা, চুছিল গগৈ, পৰিক্ষিত বৰুৱা, ছিলভা বৰা, মৃদুল বৰুৱাকে ধৰি তিনি শতাধিক মহিলা উপস্থিত থাকি প্ৰিয় শিল্পীগৰাকীক স্মৰণ কৰে। পৰবৰ্তী মায়াবিনী ৰাতিৰ বুকুত গীতটো সমস্বৰে পৰিৱেশন কৰি নিশালৈ স্মৃতিচাৰণ সামৰণি পৰে।

One thought on “ZUBEEN GARG: নিজ কপাহেৰাত মহিলাৰ উদ্যোগত অমৃত কণ্ঠ জুবিন গাৰ্গক স্মৰণ

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!