অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ASSAM CRICKET: ৰঞ্জী ট্ৰফীৰ প্ৰথম, কৰ্ণেল চি.কে. নায়ুডু ট্ৰফীৰ তিনিখন খেলৰ বাবে অসম দল ঘোষণা

Spread the love

ৰঞ্জী ট্ৰফীৰ প্ৰথম, কৰ্ণেল চি.কে. নায়ুডু ট্ৰফীৰ তিনিখন খেলৰ বাবে অসম দল ঘোষণা

DD TIMES গুৱাহাটী, ৮ অক্টোবৰঃ গুজৰাটৰ বিৰুদ্ধে ১৫ অক্টোবৰৰ পৰা সেই ৰাজ্যত হ’বলগীয়া ৰঞ্জি ট্ৰফীৰ প্ৰথমখন খেললৈ অসম ক্ৰিকেট সন্থাই তেওঁলোকৰ ৰাজ্যিক দল ইতিমধ্যে ঘোষণা কৰিছে।

দলটোঃ ডেনিছ দাস (অধিনায়ক), সুমিত ঘাদিগাওকাৰ (উপ অধিনায়ক, উইকেটকীপাৰ), শিব শংকৰ ৰায়, স্বৰূপম পুৰকায়স্থ, ৰিয়ান পৰাগ, প্ৰদ্যুম্ন শইকীয়া, ৰাহুল সিং, অভিনৱ চৌধুৰী, আকাশ সেনগুপ্ত, মুখতাৰ হুছেইন, পাৰভেজ মুচাৰফ, আয়ুষ্মান মালাকাৰ, ভাৰ্গব প্ৰতিম লহকৰ, দৰ্শন ৰাজবংশী আৰু অভিষেক ঠাকুৰি (উইকেটকীপাৰ)।

ছাপৰ্টিং ষ্টাফঃ মুখ্য প্ৰশিক্ষক– নোৱেল ডেভিদ, প্ৰশিক্ষক– ৰাজীব ৰাজবংশী, ফিজিঅ’থেৰাপিষ্ট– ভীষ্ম প্ৰতাপ সিং, ট্ৰেইনাৰ– ভাস্কৰ বৰা,পাৰ্ফৰমেন্স বিশ্লেষক– ৰাজেশ শৰ্মা, থ্ৰ’ডাউন বিশেষজ্ঞ– বিবেক ছালুনখে, শুভংকৰ দে আৰু মালিচকাৰী– হৰি কৃষ্ণন।

ইয়াৰ লগতে ১৬ অক্টোবৰৰ পৰা হ’বলগীয়া কৰ্ণেল চি.কে. নায়ুডু ট্ৰফীৰ প্ৰথম তিনিখন খেললৈও অসম ক্ৰিকেট সন্থাই তেওঁলোকৰ ২৩ বছৰ অনুৰ্ধ্বৰ পুৰুষৰ দলটো ঘোষণা কৰিছে।

দলটোঃ জয় বৰা (অধিনায়ক), ৰাজেশ প্ৰসাদ (উপ অধিনায়ক), কবীৰ হাছান দেশমুখ, দ্বিজ পাঠক, ময়ূখ হাজৰিকা, ৰোহন হাজৰিকা, সৌৰভ মৌচুম দিহিঙীয়া, ৰাজবীৰ সিং, হিমাংশু সৰস্বত, অনুৰাগ ফুকন, হৰ্ষ কুমাৰ, সৌৰভ দে, নিশান্ত সিংহানিয়া, ৰোহিত সেন (উইকেটকীপাৰ) আৰু ৰোশন তপ্নো (উইকেটকীপাৰ)।

ছাপ’ৰ্টিং ষ্টাফঃ মুখ্য প্ৰশিক্ষক– প্ৰদীপ কাছলীৱাল, প্ৰশিক্ষক– ধীৰাজ গোস্বামী, ফিজিঅ’ থেৰাপিষ্ট– সৌৰভ খাণ্ডেলৱাল, ট্ৰেইনাৰ– অৰ্জুন হয়ছালা, পাৰ্ফৰমেন্স বিশ্লেষক– সুনীত ছেত্ৰী আৰু থ্ৰ’ডাউন বিশেষজ্ঞ– নীলেশ শৰ্মা।

অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!